DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীক ৩ বছৰৰ কাৰাদণ্ড আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 7:30 am
368
VIEWS
Share on FacebookShare on Twitter

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটি বেদখল কৰিবলৈ বিচৰা ৪৪ জন লোকক  বৰপেটাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে কাৰাদণ্ড বিহিছে। আদালতে তেওঁলোকক তিনি বছৰৰকৈ কাৰাদণ্ড আৰু পঞ্চাশ হেজাৰকৈ জৰিমনা বিহি ৰায় প্ৰদান কৰিছে। আদালতে জৰিমনা অবিহনে অতিৰিক্ত তিনি মাহৰ কাৰাদণ্ডৰ আদেশ দিয়ে।

যোৱা মে’ মাহৰ ১ তাৰিখে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অধীনৰ কাহিতামাৰ বুঢ়ীদাও বনাঞ্চলৰ নিকটৱৰ্তী অঞ্চলৰ পৰা কিছুমান লোকে আহি বেদখল কৰিবলৈ চেষ্টা কৰাত মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গোৱৰ্দ্ধনা আৰক্ষী চকীৰ আৰক্ষীৰ সহায়ত বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটি দখল কৰিবলৈ অহা উক্ত লোকসকলৰ বিৰুদ্ধে কৰ্তৃপক্ষই গোৱৰ্দ্ধনা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছিল। গোৱৰ্দ্ধনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪৪ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত বৰপেটাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলে।

শুকুৰবাৰে বৰপেটাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে ৫১ নং বন্যপ্ৰাণী আইন আইন উলংঘা কৰাৰ অপৰাধত উক্ত ৪৪ জন লোকক একেলগে তিনিবছৰ কাৰাদণ্ড আৰু পঞ্চাশ দাজাৰ টকাৰ জৰিমনা বিহে। ৰায়টোত স্পষ্টকৈ নিৰ্দেশ দিয়া হৈছে যে জৰিমনা আদায় অবিহনে অভিযুক্তকেইজনে অতিৰিক্ত তিনিমাহৰ কাৰাবাস খাটিব লাগিব।

ৰাজ্যখনৰ বনাঞ্চলসমূহত বেদখলৰ বিষয়টো অতি উদ্বেগজনক হৈ পৰাৰ সময়তে আদালতৰ এই ৰায়টোৱে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। সম্প্ৰতি বনাঞ্চলসমূহত হোৱা বেদখলৰ ফলস্বৰূপে বন্যপ্ৰাণীসমূহৰ আৱাসস্থল সংকটাপন্ন হৈ পৰিছে যাৰ পৰিণতিত বহুসময়ত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত সৃষ্টি হৈছে।

শেহতীয়াকৈ বিভিন্ন বনাঞ্চলৰ উপকণ্ঠ অঞ্চলসমূহত হাতী-মানুহৰ সংঘাতৰ বাতৰিয়ে সকলোকে চিন্তিত কৰি তুলিছে। তদুপৰি বাঘৰ আক্ৰমণৰো চিকাৰ হৈছে বহু লোক। বনাঞ্চলত বেদখলৰ দৰে মানুহৰ বিবেচনাহীন কাৰ্যৰ ফলতে বন্যপ্ৰাণীসমূহৰ বিচৰণস্থলী সংকুচিত হৈ পৰাত সিহঁত জনবসতি অঞ্চললৈ ওলাই আহিবলগীয়া হৈছে।

আদালতৰ শেহতীয়া এই ৰায়টোৱে বেদখলকাৰীসকলৰ চকু মুকলি কৰিব বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে।

Recent News

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

Odisha train accident

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

'Yamuna Jiye Abhiyan' Manoj Misra

‘যমুনা জিয়ে অভিযান’ ৰ মূল হোতা পৰিৱেশকৰ্মী মনোজ মিশ্ৰৰ মৃত্যু

Under construction bridge collapse

উন্নয়নৰ নমুনা! খহি পৰিল ১,৭০০ কোটি টকীয়া নিৰ্মীয়মান দলং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd