• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ৰাজহুৱা বিতৰণ ব্যৱস্থাত অনিয়মৰ অভিযোগ, প্ৰকৃত হিতাধিকাৰীয়ে নাপায় সুলভ মূল্যৰ চাউল

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , July 7, 2018 6:43 pm

2 min read

PDS

প্ৰতিনিধিত্বমূলক ছবি

107
VIEWS
Share on FacebookShare on Twitter

ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু ৰেচন কাৰ্ডৰ নামত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত গুৰুতৰ অনিয়ম চলি থকাৰ কথা পোহৰলৈ আহিছে। মাৰ্ঘেৰিটাৰ কেটেতং সমবায় সমিতিৰ এগৰাকী সুলভ মূল্যৰ দোকানীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল প্ৰকৃত হিতাধিকাৰীক নিদি অধিক ধনৰ বিনিময়ত অন্য গ্ৰাহকক বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত অভিযোগ মতে বাসন্তী মহন (৪৮) নামৰ এজেণ্ট গৰাকীয়ে নীতিবৰ্হিভূতভাৱে একেটা ভোটাৰ পঞ্জীয়ন নম্বৰ দুটা নামত ব্যৱহাৰ কৰি সমবায় সমিতিৰ এজেণ্ট হিচাপে দীৰ্ঘদিনৰ পৰা সুলভ মূল্যৰ দোকান চলাই আছে।

তেওঁ চি চি ৱাই ৫৫৩৯৬২৮ ভোটাৰ পঞ্জীয়ন নম্বৰৰে নিজৰ নামত (বাসন্তী মহন) লং গাঁৱত এখন সুলভ মূল্যৰ দোকান চলাই অহাৰ লগতে একেটা ভোটাৰৰ পঞ্জীয়ন নম্বৰেৰেই মীৰা মহন (৫১ )ৰ নামত দৰিদ্ৰ সীমা ৰেখা তলৰ পৰিয়াল পৰিচয় উলিয়াই চৰকাৰী চাউল ভোগ কৰি আছে।

উল্লেখযোগ্য যে যি সময়ত গাঁৱৰ একাংশ দৰিদ্ৰ জনসাধাৰণে যোগান বিভাগৰ কাৰ্যালয়লৈ তাঁ‌ত বাতি কৰি মাহৰ পিছত মাহ ধৰি এখন সাধাৰণ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম নহয় নাইবা এখন ভোটাৰ পঞ্জীয়নপত্ৰ লাভ কৰিব নোৱাৰে তেনে সময়তে এজন যোগান বিভাগৰ পঞ্জীয়নভুক্ত এজেণ্টে কি দৰে একেটা ভোটাৰৰ পঞ্জীয়ন নম্বৰেৰে দুটা নামত এহাতে সুলভ মূল্য দোকানৰ এজেণ্ট আৰু আনহাতে উক্ত দোকানৰেই এগৰাকী বি পি এল গ্ৰাহক হ’ল সেয়া বিচাৰ্য বিষয়। উক্ত ঘটনা পোহৰলৈ অহাৰ পিছতেই তীব্ৰ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।

মন কৰিব লগীয়া যে, বছৰি নিম্নতম এক লাখ টকা উপাৰ্জনকাৰীয়ে লাভ কৰি থকা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ মতে পূৰ্বতে পঞ্জীয়নভুক্ত কাৰ্ড সমূহ ১৫ জুলাই ২০১৬ ৰ ভিতৰত ঘূৰাই দিবৰ বাবে ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি নিৰ্দেশনা জাৰি কৰিছিল যদিও মূৰকত গৈ মাৰ্ঘেৰিটাত কাৰ্যকৰী হোৱা দেখা নগল।

মাৰ্ঘেৰিটাৰ পূৰ্বৰ মহকুমাধিপতি বিক্ৰম কৈৰীয়ে এনে ভূৱা ৰেচন কাৰ্ডৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মাৰ্ঘেৰিটা আৰু ডিগবৈ প্ৰায় ৩৫০০ৰো অধিক ভুৱা ৰেচন কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছিল। কিন্তু বিষয়া গৰাকী হঠাতে মাৰ্ঘেৰিটাৰ পৰা বদলি হৈ যোৱাৰ বাবে ৰেচন কাৰ্ডৰ দ্ৰুত গতিত চলা পৰীক্ষণৰ কাম আধাতে অন্ত পৰে, যাৰ বাবে ৰেছন কাৰ্ডৰ বিসংগতি বিসংগতি হৈয়েই থাকিল। এই ক্ষেত্ৰত নৱনিযুক্ত মহকুমাধিপতি সুমিত সত্তাৱনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd