DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামৰ ক্ষুব্ধ বিমান যাত্ৰীয়ে জেট এয়াৰৱেজৰ বিৰুদ্ধে দাখিল কৰিলে অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 1:20 pm
মিজোৰামৰ ক্ষুব্ধ বিমান যাত্ৰীয়ে জেট এয়াৰৱেজৰ বিৰুদ্ধে দাখিল কৰিলে অভিযোগ
100
VIEWS
Share on FacebookShare on Twitter

বিমানসেৱা প্ৰত্যাহাৰ কৰাৰ বাবে ক্ষুব্ধ হৈ মিজোৰাম অভিমুখী যাত্ৰীয়ে ব্যক্তিগত বিমানসেৱা জেট এয়াৰৱেজৰ বিৰুদ্ধে শুকুৰবাৰে আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে।

ক্ষুব্ধ যাত্ৰীসকলে অভিযোগ কৰে যে বিমান কৰ্তৃপক্ষই মিজোৰামলৈ অহা-যোৱা কৰা বিমানসমূহ সঘনাই নিলম্বন কৰা কাৰ্য অত্যন্ত দুৰ্ভাগ্যজনক।

জেট এয়াৰৱেজে দিল্লীৰ পৰা আইজললৈ দুদিন নিৰ্দিষ্ট সময়ত উৰিবলগীয়া বিমান বাতিল কৰাৰ ফলত যাত্ৰীসকল চৰম অসুবিধাৰ সন্মুখীন হৈছিল। বিমানসেৱা কৰ্তৃপক্ষই বিমানসেৱা প্ৰত্যাহাৰ কৰাৰ কাৰণ হিচাপে বেয়া বতৰৰ কথা ব্যক্ত কৰিছিল।

খ্ৰীষ্টমাছৰ বাবে ঘৰলৈ আহিবলগীয়া যাত্ৰীসকলৰ বাবে ই চৰম বিপৰ্যয়ৰ সৃষ্টি কৰিছে।

খ্ৰীষ্টান ধৰ্মাৱলম্বী অধ্যুষিত ৰাজ্য মিজোৰামৰ অতি গুৰুত্বপূৰ্ণ উৎসৱ খ্ৰীষ্টমাছৰ বাবে দিল্লীৰ পৰা ঘৰ অভিমুখী প্ৰায় ৩২০ গৰাকী যাত্ৰী আছিল।

ইয়াৰ মাজতে যাত্ৰীসকলে উল্লেখ কৰে যে যিসময়ত জেট এয়াৰৱেজে বেয়া বতৰৰ বাবে বিমানসেৱা নিলম্বনৰ কথা ব্যক্ত কৰিছিল, সেইদিনাই এয়াৰ ইণ্ডিয়াৰ এখন বিমানে আইজলৰ লেংপুই বিমানবন্দৰত সফলতাৰে অৱতৰণ কৰিছিল।

যাত্ৰীসকলে লগতে অভিযোগ কৰিছিল যে জেট এয়াৰৱেজে দিল্লীৰ পৰা আইজললৈ, গুৱাহাটীৰ পৰা আইজললৈ আৰু আইজলৰ পৰা দিল্লীলৈ যাবলগীয়া বিমানসমূহ প্ৰত্যাহাৰ কৰাটো এটা নিয়মিত ঘটনা হৈ পৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে, অতিৰিক্ত বিমানৰ যোগাৰ কৰি দিয়াৰ দায়িত্ব থকা জেট এয়াৰেৱজ কৰ্তৃপক্ষই সেয়া কৰিবলৈ অমান্তি হয় আৰু যাত্ৰীসকলক পথ পৰিৱহনেৰে লক্ষ্যস্থানলৈ যোৱাৰ বাবে পৰামৰ্শ দিয়ে। তদুপৰি, যাত্ৰীসকলক শলঠেকত পেলাই জেট এয়াৰৱেজ কৰ্তৃপক্ষই আনকি যাত্ৰীসকলৰ থকাৰ ব্যৱস্থাও প্ৰদান নকৰিলে।

একাংশ ক্ষুব্ধ যাত্ৰীয়ে লগতে অভিযোগ কৰে যে উত্তৰ-পূবৰ যাত্ৰীসকল প্ৰায়েই ব্যক্তিগত খণ্ডৰ বিমান কৰ্তৃপক্ষৰ দ্বাৰা অৱহেলিত হৈ আহিছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd