• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মিনার্ভাৰ হাতত ১-০ ত পৰাজয় : ঘৰুৱা খেলপথাৰৰ সুযোগ আৰু দৰ্শকৰ সমৰ্থন অথলে নিয়ালে লাজঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2018 7:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰুৱা খেলপথাৰত ঘৰুৱা দৰ্শকৰ উষ্ণ সমৰ্থনৰ মাজত খেলাৰ সুযোগ পায়ো জয় আনিব নোৱাৰিলে লাজঙে। কালি দলটোৱে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলেও শেষত লীগৰ শীৰ্ষস্থানৰ দল মিনাৰ্ভাৰ হাতত আই লীগৰ খেলখনত পৰাজয় হয় নিম্নতম ব্যৱধানত।

ঘৰুৱা খেলপথাৰত প্ৰথমৰ পৰাই উজ্জীৱিত খেল দেখুওৱা লাজঙে প্ৰথম মিনিটতে এটা সুযোগৰ সৃষ্টি কৰিছিল। কিন্তু তেওঁলোকৰ নিষ্প্ৰভ ষ্ট্ৰাইকাৰ আল হাগ্ৰিয়ে সেয়া অথলে নিয়ায়। পেনাল্টি বক্সৰ ভিতৰত পোৱা এটা পাছ তেওঁ সঠিকভাৱে আয়ত্ত কৰিব নোৱাৰিলে।

Apply Now

আনহাতে পুনৰ ১৮ মিনিটত লাজঙত খেলা অসমৰ ষ্ট্ৰাইকাৰ এলেন দেউৰীৰ সন্মুখত আন এটা সুযোগ উলাইছিল যদিও সেইটোও গ’লত পৰিণত নহ’ল। ফলত প্ৰথম অৰ্ধৰ খেল কোনো গ’ল নোহোৱাকৈয়ে পাৰ হ’ল। প্ৰথম অৰ্ধৰ খেলত লাজঙেই প্ৰভাৱ বিস্তাৰ কৰি আছিল।

কিন্তু দ্বিতীয়টো অৰ্ধত প্ৰথমৰ পৰাই মিনাৰ্ভাই অধিক আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰিবলৈ ধৰিলে। ধাৰাবাহিক চেষ্টাৰ অন্তত তেওঁলোকে ৫৮ মিনিটত একমাত্ৰ সফলতাটো পায়। দলটোৰ ভূটানীজ মিড ফিল্ডাৰ চেনচো গিল্টচেনে দিয়া এটা সময়োপযোগী পাছ ঘানাৰ ষ্ট্ৰাইকাৰ ৱিলিয়াম অ’প’কুৱে নিৰ্ভুলভাৱে কাৰ্যকৰী কৰে।

গ’ল খোৱাৰ পিছত অধিক আক্ৰমণাত্মক হৈ পৰা লাজঙে পিছতো একাধিক সুযোগ পাইছিল। কিন্তু তথাপি তেওঁলোকৰ ভাগ্য মুকলি নহ’ল। গ’ল খোৱাৰ ঠিক পিছৰ দুই মিনিটৰ ভিতৰতে লাজঙৰ আইভৰি কষ্টৰ ষ্ট্ৰাইকাৰ আব্দুলাৰ দুটাকৈ প্ৰচেষ্টা মিনাৰ্ভাৰ ডিফেণ্ডাৰসকলে ব্যৰ্থ কৰে। আব্দুলাৰ এটা গ’লমুখী হেডিং মিনাৰ্ভাৰ ডিফেণ্ডাৰ দগৰে কোনোমতে প্ৰতিহত কৰি কৰ্নাৰলৈ পৰিৱৰ্তিত কৰে। পুনৰ ৮০ মিনিটত লাজঙে আন এটা সুযোগৰ সৃষ্টি কৰিছিল। কিন্তু সেইবাৰো দগৰে বচাই দিয়ে মিনাৰ্ভাক।

আজি গোটেই খেলখনত মিনাৰ্ভাৰ ৰক্সিট দগৰে এখন ৱাল হৈ থিয় দিয়াৰ দৰে ভূমিকা লয়, যাৰ বাবে ঘৰুৱা দলটো হতাশ হ’ব লগীয়া হয়।

আজিৰ খেলৰ পৰিণামস্বৰূপে লীগত মিনাৰ্ভাৰ শীৰ্ষস্থান অটুট থাকিল। আনহাতে বছৰটোৰ প্ৰথমটো পৰাজয়ৰ সোৱাদ পালে লাজঙে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd