DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিষ্টাৰ মডেল অব দা ৱৰ্ল্ডত অংশ গ্ৰহণৰ বাবে সাজু দীপাংকৰ তালুকদাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 22, 2018 9:47 pm
মিষ্টাৰ মডেল অব দা ৱৰ্ল্ডত অংশ গ্ৰহণৰ বাবে সাজু দীপাংকৰ তালুকদাৰ
102
VIEWS
Share on FacebookShare on Twitter

মাৰ্চৰ প্ৰথম সপ্তাহত বাংগালুৰুত অনুষ্ঠিত ফাইনেল অনুষ্ঠানত দীপাংকৰ তালুকদাৰে মিষ্টাৰ ইণ্ডিয়া ২০১৮ৰ খিতাপ জয় কৰে। এইবাৰ ম্যানমাৰৰ য়াংগুনত অহা ২০ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিললৈকে অনুষ্ঠিত হ’বলগীয়া মিষ্টাৰ মডেল অব্ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব তালুকদাৰে।

এই সন্দৰ্ভত দীপাংকৰে নৰ্থ ইষ্ট নাওক কয় ‘মই আপোনালাকক জনাবলৈ পাই অত্যন্ত সুখী যে ম্যানমাৰত অনুষ্ঠিত হ’বলগীয়া মিষ্টাৰ মডেল অব্ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ, য’ত ২৫খন দেশৰ প্ৰতিযোগীয়ে ভাগ ল’ব। মই আপোনালাকৰ পৰা মৰম তথা আশীৰ্বাদ বিচাৰোঁ আৰু আশাকৰোঁ যে মই এই খিতাপ ভাৰতলৈ লৈ আহিব পাৰিম।’

মাৰ্চৰ প্ৰথম সপ্তাহত বাংগালুৰুত ৩০গৰাকী চূড়ান্ত অংশগ্ৰহণকাৰীৰ শীৰ্ষত থাকি দীপাংকৰে খিতাপ দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ অনুষ্ঠান পৰিচালনা কৰিছিল অক্ষয় ৰায়চুৰকাৰে, লগতে বহু আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিচালকজনে তেওঁৰ কাষত থকা বহু মডেলক গ্ৰুম কৰিছিল।

আনহাতে দীপাংকৰক কৰিঅ’গ্ৰাফীৰ প্ৰশিক্ষণ দিয়া কৰিঅ’গ্ৰাফাৰ উদয় শংকৰে নৰ্থ ইষ্ট নাওক কয় ‘আমি টেলেণ্ট ৰাউণ্ডৰ ক্ষেত্ৰৰ লগতে মিউজিকেল ৰাউণ্ডত দীপাংকৰৰ বাবে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিছো। আমাৰ আশা আছে তেওঁ এই প্ৰতিযোগিতাখনিত যোগদান কৰি অসমৰ লগতে সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব।‘

তদুপৰি দীপাংকৰৰ শৰীৰ চৰ্চাৰ প্ৰশিক্ষকৰ দ্বায়িত্বত থকা কৌশিক ভূঞাই নৰ্থ ইষ্ট নাওক জনাই যে তেওঁ দীপাংকৰক এবছৰ ধৰি শৰীৰটোক সঠিক ৰূপত গঢ় দিয়াৰ বাবে প্ৰশিক্ষণ দি আহিছে। যিটো প্ৰতিযোগিতাত দীপাংকৰে অংশগ্ৰহণ কৰিবৰ বাবে যাব সেই প্ৰতিযোগিতাৰ বাবে শাৰিৰীকভাৱে সুন্দৰ দেখাটো খুবেই প্ৰয়োজনীয়। লগতে তেওঁ দীপাংকৰে ভাৰতলৈ বিজয়ৰ মুকুট কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আশা কৰে।

মেকানিকেল ইঞ্জিনিয়াৰ দীপাংকৰ তালুকদাৰ ২০১৫ চনৰে পৰা মডেলিঙৰ পেছাত আছে। দীপাংকৰে ৰয়েল স্কুল অব ইঞ্জিনিয়াৰিং এণ্ড টেকন’ল’জিৰ পৰা অভিযান্ত্ৰিক বিষয়ত শিক্ষা লাভ কৰি সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল।

শৰীৰ আৰু গঠনৰ প্ৰতিযোগিতা (ফটো শ্বুট আৰু ছুইমৱেৰৰ ৰেম্প), সংস্কৃতি আৰু ঐতিহ্য (ৰাষ্ট্ৰীয় পোছাক প্ৰতিযোগিতা, পৰম্পৰাগত পোছাকৰ ফেশ্বন শ্ব’, অকচন শ্ব’, ম্যানমাৰ ডিজাইনাৰ নাইট), পৰ্যটন (ম্যানমাৰৰ প্ৰাচীন চহৰ ভ্ৰমণ ইত্যাদি)এই মি মডেল অব দা ৱৰ্লড ২০১৮ ত সামৰি লোৱা হৈছে বুলি দীপাংকৰে জানিবলৈ দিয়ে।

Recent News

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

7 Soldiers Dead In Ladakh

লাডাখত শোকাৱহ দুৰ্ঘটনা: সেনা কঢ়িয়াই নিয়া বাহন বাগৰি পৰিল নদীত, সাত জোৱানৰ মৃত্যু

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

Aryan Khan in cruise drugs case

ড্ৰাগছৰ গোচৰত অভিযোগমুক্ত হ’ল শ্বাহৰুখ তনয়: নিৰ্দোষী ঘোষণা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd