• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ সময়সীমা উকলিল : বৰপেটাৰ কেইবাটাও মথাউৰিৰ কাম-কাজ অসম্পূৰ্ণ অৱস্থাত

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 1, 2018 11:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মথাউৰিসমূহ মেৰামতি কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩০ এপ্ৰিল ‘ডেডলাইন’ বান্ধি দিছিল যদিও সোমবাৰে এই ‘ডেডলাইন’ উকলি যোৱাৰ পিছতো বৰপেটা জিলাৰ বিভিন্ন স্থানত থকা কেইবাটাও মথাউৰিৰ মেৰামতিৰ কাম-কাজ সম্পূৰ্ণ নহ’ল।

বিগত বৰ্ষত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে ছিঙি নিয়া একাংশ মথাউৰিৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰাত একপ্ৰকাৰ অনিশ্চয়তাত দিন অতিবাহিত কৰিছে নৈপৰীয়া লোকসকলে।

Apply Now

ৰাজ্যৰ জলসম্পদ বিভাগৰ চূড়ান্ত অৱহেলা আৰু গাফিলতিৰ বাবেই নিৰ্ধাৰিত সময়ৰ ভিতৰত বৰপেটা জিলাৰ জৰাজীৰ্ণ আৰু উন্মুক্ত হৈ থকা মথাউৰিসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল। জিলাখনৰ গৰাখহনীয়া প্ৰবণ অঞ্চল দক্ষিণ-পূব বৰপেটাৰ অন্তৰ্গত ডক্ৰেশ্বৰ, বাৰাদি, সুহা, শিলা আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজক বান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে প্ৰায় ছবছৰ পূৰ্বে হৰিপুৰ-মাদ্ৰাছাৰ পৰা পাজাৰভাঙালৈ প্ৰায় ২২ কোটি টকা ব্যয় সাপেক্ষে মথাউৰি নিৰ্মাণ কৰিছিল।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই মথাউৰিটো আজি পৰ্যন্ত মেৰামতি কৰা নহ’ল। যোৱা বৰ্ষত বাৰিষাৰ সময়ছোৱাত মথাউৰিটো বাৰাদি আৰু ডক্ৰেশ্বৰৰ মাজৰ প্ৰায় চাৰিশ মিটাৰ অংশ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছিল। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত মথাউৰিটোৰ এই অংশচোৱা কোনোমতে ৰক্ষা পৰে। নিৰ্মাণৰ সময়ত অতি থেক হোৱাৰ বাবে এই অংশটো এতিয়াও বিপজ্জনক হৈ আছে।

উল্লেখযোগ্য যে বৰপেটা জিলাৰ বানাক্ৰান্ত ৰাইজক ব্ৰহ্মপুত্ৰ, বেঁকী, ভেলেঙী, মৰাচাউলখোৱা, নখান্দা, পহুমাৰা, কালদিয়া আদি নৈসমূহৰ পৰা সুৰক্ষা দিয়াৰ বাবে বহু বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল মথাউৰিসমূহ।

কিন্তু বৰপেটা জলসম্পদ বিভাগে এই মথাউৰিসমূহ দীৰ্ঘ সময় ধৰি মেৰামতি নকৰাৰ ফলত অধিকাংশ মথাউৰিয়েই জৰাজীৰ্ণ হৈ পৰিছে।

ইফালে সত্ৰনকৰাৰ পৰা বাঘবৰলৈ থকা গড়কাপ্তানি পথছোৱা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াত বিলীন হৈ যোৱাৰ পিছত বাঘবৰ সমষ্টিৰ লক্ষাধিক ৰাইজে যাতায়াতৰ একমাত্ৰ মাধ্যম হিচাপে মথাউৰিটোকে ব্যৱহাৰ কৰি আহিছে। তদুপৰি সত্ৰনকৰা, গৰলা, চাছৰা, মাণিকপুৰ, বাঘবৰ মথাউৰিৰ কাষবোৰ খান্দি বহু লোকে অবৈধভাৱে ঘৰ-বাৰী সাজি বসবাস কৰাৰ ফলত বহৰি-বাঘবৰ মথাউৰিটোৰ বহু অংশ বিধ্বস্ত হৈ পৰিছে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd