• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত বৰ্তমান নাই জি এন এল এ’ৰ সক্ৰিয় সদস্য : ৰাজ্য চৰকাৰ

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , April 10, 2018 4:47 pm

2 min read

GNLA meghalaya
61
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ত নিষিদ্ধঘোষিত সংগঠন জি এন এল এ’ ( GNLA )ৰ কাৰ্য্যকলাপত কঠোৰভাৱে বাধা দিয়া হৈছে আৰু ৰাজ্যখনত উগ্ৰপন্থী কাৰ্য্যকলাপ সম্পূৰ্ণৰূপে নোহোৱা কৰিবৰ বাবে আৰক্ষীয়ে চেষ্টা কৰি আছে বুলি মেঘালয় চৰকাৰে আজি ১০ এপ্ৰিলত জানিবলৈ দিছে।

সদনৰ প্ৰশ্নকালত কংগ্ৰেছ বিধায়ক ৱিনাৰ্ছন ডি চাংমাৰ এক প্ৰশ্নৰ উত্তৰত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী প্ৰেষ্টন তিনছঙে জনাই যে জি এন এল এ’ৰ কোনো জ্যেষ্ঠ সদস্য বৰ্তমান সক্ৰিয় হৈ থকা নাই আৰু সংগঠনটোৰ বহুসংখ্যক সদস্যই আত্মসমৰ্পণ কৰিছে।

লক্ষণীয় যে সদনত উপস্থিত থকা সত্ত্বেও গৃহ মন্ত্ৰী জে’মছ কে’ চাংমাৰ পৰিৱৰ্তে মন্ত্ৰী তিনছঙেহে প্ৰশ্নটোৰ উত্তৰ দিয়ে।

আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চাংমাই কয় যে দেশবিৰোধী কাৰ্য্যকলাপত জড়িত ব্যক্তি বা সংগঠনসমূহৰ সৈতে মোকাবিলা কৰাত আৰক্ষী লাগি আছে।

তিনছেঙে কয় যে আত্মসমৰ্পণকাৰী উগ্ৰপন্থীসকলৰ বাবে সংস্থাপনৰ পেকেজো চৰকাৰে আগবঢ়াইছে।

মেঘালয় আৰক্ষীৰ সেই সময়ৰ এজন উপ আৰক্ষী অধীক্ষক চেম্পিয়ন আৰ চাংমাক অধ্যক্ষ আৰু চহান দি চিৰাক মুখ্য সেনাধ্যক্ষ হিচাপে লৈ ২০০৯ চনত গঠিত মূলতঃ গাৰো পাহাৰকেন্দ্ৰিক জি এন এল এ’ ৰাজ্যখনৰ আটাইতকৈ সক্ৰিয় উগ্ৰপন্থী দল।

চেম্পিয়ন চাংমাই শেহতীয়াকৈ কাৰাগাৰৰ মুক্তি পোৱাৰ বিপৰীতে চহানৰ যোৱা ২৪ ফেব্ৰুৱাৰিত নিৰাপত্তা বাহিনীৰ হাতত মৃত্যু হৈছে।

মেঘালয় আৰক্ষীয়ে ‘আটাইতকৈ বিচাৰি থকা’ চহানৰ হত্যাৰ পিছত ইয়াৰ বেছিসংখ্যক সদস্যই আত্মসমৰ্পণ কৰা বাবে জি এন এল এ’ৰ শক্তি বৰ্তমান টুটি আহিছে বুলি জানিব পৰা গৈছে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd