DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয় বিধানসভাত উত্থাপিত হ’ল চাকৰিৰ বাবে থকা সৰংক্ষণ নীতি বিষয়ক প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 8:00 pm
Meghalaya-Legislative-Assembly-570x320
72
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ বিধানসভাত আজি উত্থাপিত হ’ল জনসাধাৰণৰ বিভিন্ন অংশৰ বাবে চৰকাৰী চাকৰিত থকা সংৰক্ষণ বিষয়ক প্ৰশ্ন। প্ৰশ্নটো অধিৱেশনৰ শূন্য কালত উত্থাপন কৰে মাফলাং সমষ্টিৰ নিৰ্দলীয় বিধায়ক ছিনটাৰ ক্লাছ ছানে। তেওঁ প্ৰশ্নটো উত্থাপন কৰি ৰাজ্যৰ পদ সংৰক্ষণ ব্যৱস্থাটোত উচ্চ শিক্ষা, বিশেষকৈ কাৰিকৰী শিক্ষাৰ বাবে সংৰক্ষণ অন্তৰ্ভুক্ত আছে নে নাই জানিব বিচাৰে। তেওঁ কাৰিকৰী শিক্ষাৰ উদাহৰণ হিচাপে পলিটেকনিক, এম বি বি এছ আৰু ইঞ্জিনীয়াৰিঙৰ কথা কয়।

উল্লেখযোগ্য যে মেঘালয়ত ৰাজ্যিক আৰু জিলাৰ পৰ্য্যায়ত থকা সংৰক্ষণ নীতিয়ে চাকৰিৰ ক্ষেত্ৰত খাচি আৰু জয়ন্তীয়া জনজাতিৰ বাবে ৪০ শতাংশ আৰু গাৰো জনজাতিৰ বাবে ৪০ শতাংশ আৰু ৫ শতাংশ অন্যান্য অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ সুবিধা দিছে।

ৰাজ্যিক পৰ্য্যায়ত এই সংৰক্ষণ নীতিকে ৰাজ্যৰ বাহিৰত ইঞ্জিনীয়াৰিং আৰু চিকিৎসাশাস্ত্ৰ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত আৰু ৰাজ্যৰ ভিতৰত প’লিটেকনিক পঢ়িব খোজা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।

প্ৰশ্নটোৰ উত্তৰ দি মুখ্য মন্ত্ৰী কনৰাড চাংমাই কয় যে সংৰক্ষণ ব্যৱস্থাটো বহু বছৰ ধৰি চলি অহা নিয়মৰ ভিত্তিত সম্প্ৰসাৰিত কৰা হৈছিল।

‘এই নীতিয়েই বহু বছৰ ধৰি চলি আহিছে আৰু আমি ইয়াকে আজিলৈকে অনুসৰণ কৰি আহিছো।’ কনৰাড চাংমাই কয়।

আনহাতে প্ৰশ্নকৰ্তা চানে সংৰক্ষণ নীতিটোৰ প্ৰযোজ্যতা সন্দৰ্ভত প্ৰশ্ন তুলি যোৱা পাঁচ বছৰত কিমান ছাত্ৰ-ছাত্ৰীক তেওঁলোকে ৭৫ শতাংশ আৰু ৬৫ শতাংশ নম্বৰ পোৱাৰ পিছতো মেডিকেল আৰু ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম পঢ়াৰ পৰা বঞ্চিত কৰা হৈছে সেইটো জানিব বিচাৰে।

ইয়াৰ উত্তৰত মুখ্য মন্ত্ৰীজনে কয় যে এই তালিকা বৰ দীঘল আছিল আৰু এতিয়া সেই পৰিসংখ্যা দিব পৰা অৱস্থাত নাই।

আনহাতে বিৰোধী দলপতি মুকুল চাংমাই প্ৰসংগটোত মুখ্য মন্ত্ৰীজনক তেওঁৰ উত্তৰৰ সংশোধন ঘটাবলৈ আহ্বান জনাই কয় যে বিষয়টো অতি সংবেদনশীল আৰু ই ৰাজ্যখনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

কিন্তু তাৰ পিছতো মুখ্য মন্ত্ৰীজনে নিজৰ স্থিতিত অটল থাকি কয় যে তেওঁ লিপিবদ্ধ নথকা কোনো তথ্য দি সদনক বিপথে পৰিচালিত কৰিব নোৱাৰে।

তেওঁ পুনৰ কয় যে সংৰক্ষণ ব্যৱস্থাটো বহু বছৰ ধৰি চলি অহা নিয়মৰ ভিত্তিত সম্প্ৰসাৰিত কৰা হৈছিল।

আনহাতে ইয়াৰ পূৰ্বে কংগ্ৰেছী বিধায়ক এম্পাৰীন লিংডোৱেও ৰাজ্য চৰকাৰখনে চাকৰিৰ বাবে থকা সংৰক্ষণ ব্যৱস্থাক কিহৰ ভিত্তিত শিক্ষাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিবলৈ বিচাৰিছে জানিবলৈ বিচাৰিছিল।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd