• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত ৰয়টাৰৰ সাংবাদিকক গ্ৰেপ্তাৰৰ প্ৰসংগঃ বিশ্বজুৰি অব্যাহত প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 11:01 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১২ ডিচেম্বৰত ম্যানমাৰত দেশখনৰ আৰক্ষীয়ে আটক কৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰৰ দুই সাংবাদিক ওৱা ল’ন আৰু ক্যাও ছুৱে অ’ক মুক্তিৰ দাবী তুলি বক্তৱ্য আগবঢ়াইছে সংযুক্ত ৰাষ্ট্ৰ, ইউৰোপায়ান ইউনিয়ন আৰু কানাডা, সংযুক্ত ৰাষ্ট্ৰৰ শীৰ্ষ বিষয়াকে ধৰি আন বহুতো আন্তৰ্জাতিক সংস্থা তথা অনুষ্ঠান প্ৰতিষ্ঠানে।

উক্ত সংবাদ সংস্থাটোৰ ৰিপ’ৰ্টাৰ দুগৰাকীক ১২ ডিচেম্বৰত য়াংগনৰ কাষৰীয়া অঞ্চলত আৰক্ষীয়ে মতাই আনি গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকে ৰাখাইন প্ৰদেশত সামৰিক বাহিনীৰ অভিযানৰ ফলত আগষ্ট মাহৰে পৰা প্ৰায় ৬৫০,০০০ ৰোহিংগিয়া মুছলমান বাংলাদেশলৈ ঢাপলি মেলা দৃশ্য প্ৰত্যক্ষ কৰি সেই বিষয়ে প্ৰতিবেদন প্ৰস্তুত কৰি আছিল।

Apply Now

ম্যানমাৰৰ তথ্য মন্ত্ৰালয়ে কৈছে যে ৰিপ’ৰ্টাৰ দুজনে ‘’ বিদেশী সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ বাবে অবৈধভাৱে তথ্য সংগ্ৰহ কৰিছিল।‘’ মন্ত্ৰালয়ে ৰিপ’ৰ্টাৰ দুজনৰ হেণ্ডকাফ লগোৱা ফটোও প্ৰকাশ কৰিছিল। জানিব পৰা মতে ৰিপ’ৰ্টাৰ দুজন আৰু আৰক্ষীৰ দুজন লোকৰ বিৰুদ্ধে ব্ৰিটিছৰ সামাজ্ৰ্যবাদী যুগৰ অফিচিয়েল চিক্ৰেট এক্টৰ অধীনত গোচৰ তৰা হৈছে। এই আইন অনুসৰি সৰ্বোচ্চ ১৪ বছৰ কাৰাবাস হ’ব পাৰে। অৱশ্যে চৰকাৰীভাৱে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই বুলি প্ৰকাশ কৰিছে। তেওঁলোক এতিয়া ক’ত আছে সেই সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

ম্যানমাৰত গ্ৰেপ্তাৰ হোৱা সাংবাদিক দুগৰাকীক শীঘ্ৰে মুক্তি দিয়াৰ বাবে বিশ্বজুৰি দাবী উত্থাপিত হৈছে। শনিবাৰে নিউয়ৰ্ক টাইমছৰ এক সম্পাদকীয়ত কোৱা হৈছে যে সাংবাদিক দুগৰাকীৰ মুক্তিয়ে আং ছান ছ্যু কীৰ চৰকাৰৰ ‘’হেৰোৱা বিশ্বাস কিছু হ’লেও ঘুৰি আহিব।‘’

নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হেলেন ক্লাৰ্কে দুগৰাকী সাংবাদিকক আটক কৰি ৰখা কথাটো শুনি ‘স্তম্ভিত’ হৈ পৰিছিল। ‘’সংবাদ মাধ্যমৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণ,’’-খ্ৰীষ্টমাছৰ দিনা এটা টুইটত তেওঁ এইদৰে কয়।

বিগত সপ্তাহত সংযুক্ত ৰাষ্ট্ৰৰ দুগৰাকী মানৱ অধিকাৰ বিশেষজ্ঞই সাংবাদিক দুগৰাকীক মুকলি কৰি দিবলৈ আহ্বান জনাই কৈছিল যে সাংবাদিকতাৰ অপৰাধকৰণ কৰিবলৈ অফিচিয়েল চিক্ৰেট আইনক ব্যৱহাৰ কৰি ম্যানমাৰে বিপজ্জনক পথত খোজ দিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ সচিব ৰেক্স টিলাৰছনে কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই ‘’তেওঁলোকক শীঘ্ৰে মুকলি কৰি দিব লাগে অথবা তেওঁলোকৰ অন্তৰ্ধানৰ পৰিস্থিতিৰ তথ্য প্ৰকাশ কৰিব লাগে’’ বুলি স্থিতি স্পষ্ট কৰিছে।

জাপানৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তাৰা কানোই যোৱা সপ্তাহত কৈছে যে, ‘’ মৌলিক মানৱ অধিকাৰ সুৰক্ষা দিবলৈ সংবাদ মাধ্যমৰ স্বাধীনতা অত্যন্ত গুৰুত্বপূৰ্ণ। জাপানী চৰকাৰে বিষয়টো সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থাকিব।‘’

ইউৰোপীয়ান ইউনিয়নে ম্যানমাৰক ৰিপ’ৰ্টাৰ দুগৰাকীক ‘’যিমান পাৰি সোনকালে’’ মুকলি কৰি দিয়াৰ আহ্বান জনাইছে।

ৰাষ্টসংঘৰ সচিব প্ৰধান জেনেৰেল এন্ট’নিঅ’ গুটেৰছে কয় যে ম্যানমাৰত সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰা আৰু সাংবাদিক দুগৰাকীৰ মুক্তি নিশ্চিত কৰিবলৈ দেশমূহে সম্ভাৱ্য সকলোখিনি কৰা উচিত।

ব্ৰিটেইন, হ’লেণ্ড, কানাডা, নৰৱে আৰু চুইডেনেও ৰয়টাৰৰ সাংবাদিক দুগৰাকীৰ মুক্তিৰ দাবী তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd