• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰণফান্দত পৰিণত নগাঁৱৰ এটি গড়কাপ্তানি পথ : পুখুৰী সদৃশ গাঁ‌তৰ বাবে সঘনাই হৈছে পথ দুৰ্ঘটনা

মিণ্টু দাস by মিণ্টু দাস
July 5, 2018 7:33 am
নগাঁও-ধিং
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰবাৰ ইতিহাস প্ৰসিদ্ধ বটদ্ৰবা থান, মৈৰাবাৰী, ধিং, ডুমডুমীয়া, শান্তিজান প্ৰমুখ্যে নগাঁও জিলাৰ উত্তৰ পাৰৰ বিভিন্ন অঞ্চলৰ একমাত্ৰ সংযোগী গড়কাপ্তানি পথটোৱেই হৈছে নগাঁও-ধিং-মৈৰাবাৰী গড়কাপ্তানি পথ।

গড়কাপ্তানি বিভাগৰ নগাঁও ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ অত্যন্ত ব্যস্ত আৰু গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটো সম্প্ৰতি মৰণফান্দলৈ ৰূপান্তৰ হৈছে। নগাঁও চহৰৰ পৰা ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গড়কাপ্তানি পথটো প্ৰয়োজনীয় মেৰামতি আৰু তত্বাৱধানৰ অভাৱত তৰপে তৰপে এৰি বিধ্বস্ত হৈ পৰিছে। পথটোৰ আৰম্ভণিৰ অংশ নগাঁও চহৰৰ হয়বৰগাঁ‌ৱৰ হনুমান মন্দিৰৰ সন্মুখৰ পৰা মৈৰাবাৰী বজাৰপৰ্যন্ত পথৰ মাজে মাজে অসংখ্য প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হৈছে।

Apply Now

শেহতীয়াকৈ হোৱা বৰষুণত পথৰ মাজৰ এই গাঁ‌ত সমূহত পানী জমা হোৱাত গধুৰ যান-বাহনৰ চকা সোমাই গাঁ‌তবোৰ বেছি দ’ আৰু বহল হোৱা  পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে পথৰ এই গাঁ‌তবোৰ ডেৰ-দুই ফুট দ’ আৰু তিনি-চাৰি ফুট ব্যাসাৰ্দ্ধৰ আকাৰৰ হৈ পৰিছে। এই গাঁ‌তবোৰত বৰষুণৰ পানী জমা হোৱাত সমগ্ৰ পথটোৱেই মৰণফান্দলৈ পৰ্যবসিত হৈছে।

অতি ব্যস্ত নগাঁও-ধিং-মৈৰাবাৰী গড়কাপ্তানি পথটোৰ আৰম্ভণিতে হয়বৰগাঁ‌ও হনুমান মন্দিৰৰ সন্মুখৰ পৰা ধিং গেইটৰ উৰণীয়া সেঁ‌তু পৰ্যন্ত আৰু উৰণীয়া সেঁ‌তুৰ এটা মূৰে ধিং গেইটত প্ৰায় ডেৰশ মিটাৰ পৰ্যন্ত আৰু উৰণীয়া সেঁ‌তুৰ আনটো মূৰে ধিং গেইটত প্ৰায় দুশ মিটাৰ দৈৰ্ঘ্যৰ পথ ভাগি দৃষ্টিকটু হৈ পৰিছে। পথৰ মাজত দুই ফুট দ’ আৰু চাৰি-পাঁ‌চফুট ব্যাসাৰ্দ্ধৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হৈছে। সম্প্ৰতি এই গাঁ‌তবোৰত পানী জমা হোৱাত উৰণীয়া সেঁ‌তুৰ দুই মূৰ পুখুৰী সদৃশ হৈছে। ফলত ৰাইজে যমৰ যাতনা ভূগিবলগীয়া হৈছে।

আনহাতে, নগাঁও-ধিং গড়কাপ্তানি পথটোৰ সোণাই নদীৰ দলংখনৰ দুই মূৰেও প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হৈছে। পথটোৰ ভোমোৰাগুৰিৰ ওচৰত থকা দলংখনৰো দুই মূৰ যথেষ্ট তললৈ বহি যোৱাত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। আনহাতে, এই গাঁ‌তসমূহৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈছে। আনকি পথৰ বিধ্বস্ততাৰ সুযোগ লৈ দুৰ্বৃত্তই সঘনাই পথ ডকাইতি কৰাও পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, নগাঁও-ধিং গড়কাপ্তানি পথটোৰেই লাহৰীঘাট, মৈৰাবাৰী, ডুমডুমীয়া, শান্তিজান প্ৰমুখ্যে চহকী কৃষি বজাৰ সমূহৰ পৰা ধান, মৰাপাট আদি ৰপ্তানি হয়। লগতে এই পথৰেই দৈনিক শ শ ট্ৰাকে বিভিন্ন বজাৰৰ পৰা কৃষক ৰাইজৰ উৎপাদিত বিভিন্ন শাক-পাচলিও নগাঁও চহৰ, গুৱাহাটী মহানগৰ, উজনি অসম আনকি অসমৰ বাহিৰলৈকো ৰপ্তানি হয়।

আনহাতে, পথটোৰে নিতৌ ডিমাপুৰ, গুৱাহাটীৰ বাছ চলাচল কৰাৰ লগতে নগাঁও চহৰলৈ নিতৌ হেজাৰ হেজাৰ বিভিন্ন প্ৰকাৰৰ যান-বাহনৰ চলাচল হয়। তৎস্বতেও এই অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটি মেৰামতিৰ  ক্ষেত্ৰত চৰকাৰে  সদায় অনীহাহে প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, নগাঁও-ধিং গড়কাপ্তানি পথটো নগাঁও-কলিয়াবৰ সংসদীয় সমষ্টিৰ লগতে নগাঁও সদৰ, বটদ্ৰবা আৰু ধিং বিধান সভা সমষ্টিৰ অন্তৰ্গত। অতি গুৰুত্বপূৰ্ণ পথটোৰ উন্নতিকৰণৰ ক্ষেত্ৰত এই সাংসদ আৰু বিধায়কসকলৰ ভূমিকাক লৈ ৰাইজ মুঠেই সন্তুষ্ট নহয়। অন্যহাতে উক্ত পথটোৰ মেৰামতিৰ নামত ২০১৬-১৭ বৰ্ষত গড়কাপ্তানি বিভাগৰ নগাঁও ৰাজ্যিক পথ সংমণ্ডলে ডেৰ কোটিৰো অধিক টকা আবণ্টন দিছিল যদিও সংশ্লিষ্ট বিভাগে মেৰামতিৰ নামত সামান্য কাম কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd