• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৱা বছৰৰ বাজেটৰ এখনো আঁচনি সম্পূৰ্ণ নহ’ল; ঘোষণা কৰা ১৮খন আঁচনিৰ ৭খনৰহে আংশিক আৰম্ভণি কৰিছে : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 9, 2018 6:09 pm
Akhil-Gogoi
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱৰ্তনৰ বোকোচাত উঠি অহা বিজেপিৰ চৰকাৰে অহা ২০১৮-১৯ বৰ্ষৰ বাজেট দাখিল কৰিবলৈ ওলোৱাৰ সময়তে বিগত বছৰৰ বাজেটত ঘোষণা কৰা বিভিন্ন আঁচনিৰ এখনো সম্পূৰ্ণ নোহাৱ তথা বেছিভাগ আঁচনি আৰম্ভই নকৰাৰ অভিযোগ আনিছে কৃষক নেতা অখিল গগৈয়ে।

আনহাতে স্বাস্থ্য, বিত্ত আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিভাগত আঁচনিৰ নামত বেছিকৈ ধন আবণ্টন কৰাৰো অভিযোগ আনে কৃষক নেতাজনে।

Apply Now

‘অসমৰ সামগ্ৰিক বিকাশত বিজেপি চৰকাৰ চৰম বিফল। বিজেপি চৰকাৰে বিগত বাজেটত ঘোষণা কৰা ১৮খন আঁচনিৰ ৭খনৰ কামহে আংশিক আৰম্ভণি হৈছে।’ আজি এক সংবাদমেলযোগে এইদৰে মন্তব্য কৰে অখিল গগৈয়ে।

উল্লেখযোগ্য যে অহা ১২ মাৰ্চত চৰকাৰে বিধানসভাৰ মজিয়াত নতুন বাজেট দাখিল কৰাৰ কথা। ইয়াৰ প্ৰাক মুহূৰ্তত বিগত বছৰৰ বাজেটখন যে এখন ভেকো-ভাওনাহে আছিল সেই দাবী কৃষক নেতাজনে তথ্যসহ তুলি ধৰে। তেওঁ অহা ১২ মাৰ্চত দাখিল হ’ব লগীয়া বাজেটখনো ফোটোকাৰ ফেন হ’ব বুলি মন্তব্য কৰে। তেওঁৰ মতে দাখিল হ’বলগীয়া বাজেটখনতো হীৰা-মুকুতা লগোৱা জনসাধাৰণক আভুৱা-ভাঁৰা কিছুমান নিৰ্বচনী প্ৰতিশ্ৰুতি থাকিব।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ২০১৭-১৮ বৰ্ষৰ বাজেটখন চমক সৃষ্টিকাৰী বাজেট আখ্যা দি অখিলে কয়, ‘২০১৭ চনৰ ফেব্ৰুৱাৰি মাহত দাখিল কৰা বাজেট নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ লেখীয়া। হিমন্ত বিশ্ব শৰ্মাই বাজেটত কেৱল ভেলেকীবাজিহে দেখুৱাইছিল। এই বাজেটৰ এখন আঁচনিও বৰ্তমানলৈকে সম্পূৰ্ণ হৈ উঠা নাই।’

তেওঁ লগতে কয়, ‘অসম বিধানসভাত যোৱা ১৪ ফেব্ৰুৱাৰিত এটি প্ৰশ্নৰ উত্তৰত বিত্ত বিভাগে জনাইছিল যে ২০১৭-১৮ বৰ্ষৰ বাজেটখনৰ সৰ্বমুঠ ধনৰাশিৰ ৫৫.২১ শতাংশ ব্যয় কৰিবলৈ চৰকাৰখন সমৰ্থ হোৱা নাই।  এই ধনৰ ৪৪.৭৯ শতাংশ ধনহে বিজেপি চৰকাৰখনে বৰ্তমানলৈকে ব্যয় কৰিছে। লগতে আবণ্টিত ধনৰাশিৰ ৩০ শতাংশই দৰমহা দিবৰ বাবে ব্যৱহাৰ হোৱা পুঁজি। অৰ্থাৎ এই চৰকাৰখনে ১৪ ফেব্ৰুৱাৰিলৈকে প্ৰায় ১৭ শতাংশ ধনহে বৰ্তমানলৈকে উন্নয়নৰ কামত ব্যয় কৰিছে।’

তদুপৰি কৃষক নেতাজনে বিজেপি চৰকাৰে বাজেটত দিয়া শতাধিক প্ৰতিশ্ৰুতিৰ এটাও সম্পূৰ্ণ হোৱা নাই বুলি মন্তব্য কৰে।

আনহাতে বিজেপি চৰকাৰে ঘোষণা কৰা ২০১৭-১৮ বৰ্ষৰ বাজেটক অষ্টাদশ উন্নয়নী মালা বুলি নামাকৰণ কৰাৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘ইয়াৰ জৰিয়তে চৰকাৰখনে অসমখনক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিছিল যদিও ১৮খন আঁচনিৰ এখনৰো কাম আজি পৰ্য্যন্ত সম্পূৰ্ণ হৈ উঠা নাই। ইয়াৰে ৩৯.৮৯ শতাংশ আঁচনিৰ কাম আৰম্ভ হোৱাৰ বিপৰীতে ৬১.১১ শতাংশ কাম বৰ্তমানলৈকে আৰম্ভই হোৱা নাই।’

তেওঁ ২০১৭-১৮ বৰ্ষৰ বাজেটখনৰ আঁচনিৰ থূল-মূল আভাস দি কয়, ‘বিজেপি চৰকাৰে ‘স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনা’ৰ অধীনত গাঁৱৰ যুবকসকলক ২০ শতাংশ ৰাজসাহায্যত নতুনকৈ গোট আৰম্ভ কৰিব বিচৰা সকলক ১ লাখ টকা আৰু চলিত গোটসমূহক ২ লাখ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। এই আঁচনিৰ বাবদ মুঠ ৩০০ কোটি টকা আবণ্টন কৰা হৈছিল যদিও বৰ্তমানলৈকে এই আঁচনি ৰূপায়িত নহ’ল।’ লগতে তেওঁ কয় যে খাদ্য বস্তুৰ দাম নিৰ্দিষ্ট সীমাৰ ভিতৰত ৰাখিবৰ বাবে ১৫০ কোটি ধাৰ্য্য কৰা হৈছিল যদিও ইয়াৰ একোৱে কাম নহ’ল।

চিটি ইনফ্ৰা ডেৱেলপমেণ্ট ফাণ্ডৰ অধীনত শিলচৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, নগাওঁ আৰু তেজপুৰৰ বাবে ২০০ কোটিকৈ মুঠ ধাৰ্য্য কৰা ১২০০ কোটি টকাৰ আজিলৈকে মুঠ মাত্ৰ ১২০ কোটি টকাৰহে অনুমোদন দিয়া হ’ল।

 

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিভাগকেইটাৰ ক্ষেত্ৰতহে পুঁজি আবণ্টন বেছিকৈ কৰে বুলি মন্তব্য কৰি কৃষক নেতাজনে কয় ২০১৭-১৮ বৰ্ষৰ তেজস্বী শৈক্ষিক আঁন্তগাঁথনিৰ বাবদ মন্ত্ৰীজনে ৬৬৭ কোটি টকা ধাৰ্য্য কৰিছিল। নামভৰ্তি আৰু পৰীক্ষা মাচুল ৰেহাইৰ দৰে আঁচনিসমূহো শিক্ষা বিভাগৰে অন্তৰ্গত।

আনহাতে মুখ্য মন্ত্ৰীৰ নামত ঘোষণা কৰা বিনামূলীয়া ৰোগ নিৰ্ণয় আঁচনি, আৰু সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনি বাজেটত ঘোষণা কৰা হৈছিল যদিও আঁচনিৰ বাবদ কোনো ধনৰাশি ধাৰ্য্য কৰা নহ’ল।’

তেওঁ আজিৰ সংবাদমেলত বাজেটত গ্ৰহণ কৰা কনকলতা মহিলা সবলীকৰণ আঁচনি সন্দৰ্ভত মন্তব্য কৰে যে এই আঁচনিৰ অধীনত গোটসমূহলৈ প্ৰাৰম্ভিক পুঁজি হিচাপে ২৫০০০  টকাৰ অনুদান তথা প্ৰতিটো গোটক মূলধনী ৰাজসাহায্যত ৫ লাখ টকাকৈ ঋণ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল যদিও গাঁৱৰ মহিলা গোটসমূহে এক টকা ধন পোৱা নাই। অথচ এই আঁচনিৰ নামত ২৫০ কোটি টকা ধাৰ্য্য কৰা হৈছিল।

আনহাতে তেওঁ তাৎপৰ্য্যপূৰ্ণভাৱে মূল্য স্থিৰকৰণ পুঁজি, মধ্যাহ্ন ভোজন আঁচনিৰ সংস্কাৰ, গেছ সংযোগৰ বাবে আৰ্থিক সাহায্য, তেজস্বী শৈক্ষিক আন্তঃগাঁথনি পুঁজি, প্ৰৱাসী অসমীয়া বিভাগ -এই আঁচনিসমূহ ঘোষণা কৰা হৈছিল যদিও কাৰ্য্যতঃ ১ শতাংশ কামো বৰ্তমানলৈকে হৈ উঠা নাই বুলি দাবী কৰে।

এই সন্দৰ্ভত তেওঁ স্পষ্ট ভাষাৰে কয় ‘দীনদয়াল দিব্যাংগ আঁচনিৰ অধীনত ৪,৫০,০০০ দিব্যাংগৰ সু-চিকিৎসাৰ বাবে প্ৰতিগৰাকী দিব্যাংগলৈ ৫,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছিল যদিও ইয়াৰ কাম আংশিকভাৱেহে আৰম্ভ হৈছে। সকলো দিব্যাংগই এই সুবিধা লাভ কৰা নাই।’

সেইদৰে  কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়ে প্ৰতিগৰাকী হিতাধিকাৰীক ৫০,০০০ টকাকৈ অনুদান আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল যদিও কাৰ্য্যতঃ সকলো গৃহহীন লোকে এই সুবিধা লাভ কৰা নাই বুলি তেওঁ মন্তব্য কৰে। লগতে এই আঁচনিৰ বাবদ ১০০ কোটি টকাৰ ঘোষণা কৰা হৈছিল বুলি তেওঁ সদৰী কৰে।

ইয়াৰোপৰি মুখ্য মন্ত্ৰীৰ সপোনৰ তথা অভিলাষী আঁচনি গ্ৰাম্য উন্নয়ন যোজনাৰ সন্দৰ্ভত তেওঁ কয় ‘এই যোজনাৰ অধীনত পাঁচ বছৰৰ ভিতৰত কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও ট্ৰেক্টৰ বিতৰণত ব্যাপক দুৰ্নীতিৰ বাবে এই আঁচনিও বৰ্তমানলৈকে গেঁঠেলা মাৰি আছে।’

লক্ষণীয় যে কৃষক নেতাজনে বিজেপি চৰকাৰে গ্ৰহণ কৰা আঁচনি কেৱল বাজেট সন্দৰ্ভত প্ৰস্তুত কৰি উলিওৱা গ্ৰন্থৰ মাজতে চলি থাকে বুলি চৰকাৰক কটাক্ষ কৰে।

কটাক্ষ কৰি তেওঁ কয় ‘অষ্টাদশ মুকুতাৰ মালাৰ মণি-মুকুতা খহি খহি শেষ হৈ এতিয়া কেৱল মালাৰ নামত সূতাডালহে বাকী আছেগৈ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd