• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যৌতুকৰ লোভতে পশুৰূপী স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নী-পুত্ৰক

NE NOW NEWS এন ই নাও নিউজ
হাইলাকান্দি , March 3, 2018 6:15 pm

2 min read

স্বামীয়ে
71
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায়ে যৌতুকজিনত কাৰণত বহু বিবাহিত মহিলাই প্ৰাণ হেৰুৱাব লগীয়া হৈ অহাৰ সময়তে হাইলাকান্দি জিলাৰ কুশিলাগাঁৱত এজন পশুৰূপী, নিষ্ঠুৰ স্বামীয়ে যৌতুকৰ লোভত নিজ পত্নী আৰু পুত্ৰক হত্যা কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য মতে হাইলাকান্দি জিলাৰ কুশিলাগাঁৱৰ অনিমা গোৱালা আৰু অনিমাৰ ডেৰ বছৰীয়া পুত্ৰ ২৬ ফেব্ৰুৱাৰিৰ পৰা সন্ধানহীন হৈ আছিল।

সন্ধানহীন হোৱাৰ পিছত অনিমাৰ পিতৃ-মাতৃৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই অনিমা আৰু তেওঁৰ পুত্ৰৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল।

ইফালে অনিমাৰ পৰিয়ালৰ লোকে এজাহাৰত অনিমাৰ স্বামী সূত্ৰশ্বেখৰ গোৱালাই তেওঁৰ ভাতৃ আৰু পিতৃ-মাতৃৰ সৈতে লগ হৈ যৌতুকজনিত কাৰণত ষড়যন্ত্ৰ কৰি অনিমা আৰু  অনিমাৰ পুত্ৰক হত্যা কৰা বুলি উল্লেখ কৰে।

তাৰোপৰি ভুক্তভোগীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে বিয়াৰ পাছৰে পৰা স্বামীঘৰৰ পৰিয়ালৰ লোকে অনিমাৰ ওপৰত যৌতুকৰ দাবীত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল।

আনহাতে অনিমাৰ শহুৰেকৰ ঘৰৰ লোকেই হাতীগাঁৱৰ কুশিলাগাঁৱৰ ঘৰৰ পৰাই অনিমা আৰু তেওঁৰ পুত্ৰ সন্ধানহীন হোৱা বুলি খবৰ দিছিল। পিছত আৰক্ষীয়ে তেওঁলোকৰ ঘৰৰ চৌহদতে অনিমা আৰু অনিমাৰ পুত্ৰৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল।

উল্লেখযোগ্য যে অভিযুক্ত সূত্ৰশ্বেখর গোৱালা, তেওঁৰ ভাতৃ চন্দন গোৱালা, চন্দ্ৰশ্বেখর গোৱালা আৰু তেওঁলোকৰ পিতৃ-মাতৃ বৰ্তমান আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।

অৱশ্যে আৰক্ষীয়ে ঘটনা সম্পৰ্কত অনুসন্ধান অব্যাহত ৰাখিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd