• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লণ্ডনত কাইলৈ নিৰ্ণয় হ’ব অসমীয়া লিপিৰ ভাগ্য : প্ৰকাশ পাব আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৰ গুৰুত্বপূৰ্ণ সভাৰ সিদ্ধান্ত

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
June 21, 2018 11:58 am
AssameseUnicode
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া লিপিৰ অস্তিত্বক লৈ যি অনিশ্চয়তা আছে, তাৰ কাইলৈ এটা মীমাংসা হ’ব পাৰে। অসমীয়া মানুহে দীৰ্ঘ সময় নিজৰ লিপিৰ স্বীকৃতিৰ বাবে যুঁজ দি অহাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৰ বিশেষ গোটৰ লণ্ডনত হোৱা এখন সভাই এই বিষয়টো যোৱা দুদিন ধৰি আলোচনা কৰিছে অসমৰ পৰা যোৱা প্ৰতিনিধিৰ সৈতে।

এইখিনিতে উল্লেখযোগ্য যে বৰ্তমান বিশ্বৰ তথ্য-প্ৰযুক্তি জগতত সমগ্ৰ ভাষাৰ লিপিবিলাকৰ ব্যৱহাৰ নিৰ্ভৰ কৰে কিছুমান মানৰ অন্তৰ্ভুক্ত বিসংকেতন (encoding) পদ্ধতিৰ জৰিয়তে। এই মানৰ ভিতৰত অন্যতম আৰু সৰ্বজন, সৰ্ব-প্ৰতিষ্ঠান স্বীকৃত দুটা মান হ’ল আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰো (International Organization for Standardization)ৰ দ্বাৰা নিৰ্ধাৰিত মান (ISO 10646.) আৰু য়ুনিক’ড কনছৰ্টিয়ামৰ দ্বাৰা নিৰ্ধাৰিত মান। দৰচলতে এই দুয়োটাই পৰস্পৰ সংগতি ৰাখি একেটাৰ দৰে কাম কৰে।

Apply Now

কিন্তু লিপি এটাৰ আখৰ, চিহ্ন আদিবোৰক এই মানৰ ভিতৰলৈ নি encoding কৰাৰ পূৰ্বে সংশ্লিষ্ট লিপিটোক প্ৰথমে তাৰ নাম আৰু তাৰ স্বতন্ত্ৰতা স্বীকাৰ কৰি আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৱে তালিকাত অন্তৰ্ভুক্ত কৰা দৰকাৰ। এইদৰে আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৰ স্বীকৃতি লাভৰ পিছতহে য়ুনিক’ড কনছ’ৰ্টিয়ামেও তাক তালিকাভুক্ত কৰে আৰু encoding কৰে।

আজিৰ দিনত যিহেতু তথ্য প্ৰযুক্তিৰ জগততেই ভাষাৰ ব্যৱহাৰ বেছি তথা যিকোনো প্ৰয়োজনত মানুহে কোনো লিপিৰ (ধৰক অসমীয়া লিপি) বিষয়ে যিকোনো তথ্য আহৰণ তথ্য প্ৰযুক্তিৰ জগতৰ পৰাই সচৰাচৰ কৰে, গতিকে আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৰ স্বীকৃতি অবিহনে অসমীয়া লিপিক কোনেও এটা স্বতন্ত্ৰ লিপি বুলি নধৰে বা নধৰিব। ফলত বিভিন্ন হাৰ্ডৱেৰ-ছ’ফটৱেৰ সঁজুলি নিৰ্মাণ কোম্পানিকে ধৰি যিকোনো নিৰ্মাতাই অসমীয়া লিপিক স্বতন্ত্ৰ লিপি হিচাপে অন্তৰ্ভুক্ত নকৰিব। লগতে বাংলা লিপিৰ অধীনত ই অন্তৰ্ভুক্ত হোৱাৰ ফলত ইয়াৰ কিছুমান মৌলিক বৈশিষ্ট্য পোৱা নাযাব। গতিকে আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৰ স্বীকৃতি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমীয়া লিপিৰ স্বীকৃতি বুলিব পাৰি।

অসমীয়া লিপিৰ ক্ষেত্ৰত বৰ্তমান হৈ থকা গণ্ডগোলটো হৈছে অসমীয়া লিপিক বাংলা লিপিৰে এটা subset হিচাপে ৰখা হৈছে। এই ভুল হৈ আছে য়ুনিক’ড কনছ’ৰ্টিয়ামত, যিটো কোম্পানিয়ে বৰ্তমান গোটেই বিশ্বৰ লিপি আৰু সেইবোৰৰ আখৰ, চিহ্ন আদিৰ encoding কৰে আৰু সেইমতেই সকলো ইলেকট্ৰনিক সঁজুলিত ব্যৱহৃত হয়। বাংলাভাষীৰ সংখ্যা অসমীয়াৰ বহুগুণ বেছি হোৱাটোৰ লগতে আন কিছুমান ভুল ধাৰণাৰ ফলত এয়া হ’বলৈ পালে বুলি ধৰি লোৱাৰ থল আছে। এই ভুলৰ গুৰিতে হ’ল মাইকেল এভাৰছন (Michael Everson) নামৰ য়ুনিক’ড কনছ’ৰ্টিয়ামৰ পঞ্জীয়কজন। তেওঁক বাৰে বাৰে এই ভুল অসমৰ পৰা আঙুলিয়াই দিয়া সত্ত্বেও আৰু বিস্তাৰিত আৰু আনুষ্ঠানিক পত্ৰ দিয়াৰ পিছতো আঁকৰগোজ হৈ থাকে।

সেয়া যি নহওক, য়ুনিক’ড কনছ’ৰ্টিয়ামত হৈ থকা এই ভুল গুচাবলৈ হ’লে আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোত অসমীয়া লিপি এটা স্বতন্ত্ৰ লিপি হিচাপে স্বীকৃত হ’বই লাগিব।

এইখিনিতে মন কৰিব লগীয়া কথাটো হ’ল আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৱে ভাষাৰ ‘লিপিবিলাকৰ প্ৰতিনিধিত্ব আৰু নাম শাখা’টোৰ (ISO-15924) পঞ্জীয়ক সংস্থা হিচাপে য়ুনিক’ড কনছ’ৰ্টিয়ামক দায়িত্ব দি থৈছে। য়ুনিক’ড কনছ’ৰ্টিয়ামে আকৌ পঞ্জীয়ক হিচাপে দায়িত্ব দি থৈছে লিপিৰ বিষয়ত দখল থকা তথা তথ্য প্ৰযুক্তিৰো জ্ঞান থকা ব্যক্তি মাইকেল এভাৰছনক (Michael Everson)।

এতিয়া অসমীয়া প্ৰতিনিধিসকলৰ সৈতে আলোচনাত বহা আন্তঃৰাষ্ট্ৰীয় মানক ব্যুৰোৰ প্ৰতিনিধিৰ মাজত এই মাইকেল এভাৰছনো আছে। প্ৰকৃততে তেওঁ প্ৰধান ব্যক্তি বুলিলেও ভুল নহয়। তথাপি অন্যান্যসকলৰ মতেও প্ৰাধান্য পোৱাটো নিশ্চিত। লণ্ডনৰ পৰা পোৱা খবৰ মতে, মাইকেল এভাৰছনে এইবাৰ অসমৰ প্ৰতিনিধিকেইজনৰ পৰা পোনপটীয়া ব্যাখ্যা তথা যুক্তি গুৰুত্বসহকাৰে শুনিছে।

অসমৰ দলটোত আছে এমট্ৰনৰ সঞ্চালক এম কে যাদৱ, কটন য়ুনিভাৰ্ছিটিৰ অধ্যাপক শিখৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা আৰু বৰ্তমানৰ সভাপতি পৰমানন্দ ৰাজবংশী।

বিষয়টোত ইমান দিনে দীঘলীয়া যুঁজ দি অহা ব্যক্তি-অনুষ্ঠানৰ লগতে সমগ্ৰ অসমৰ ৰাইজে উৎকণ্ঠাৰে বাট চাই আছে লণ্ডনৰ বৈঠকৰ সিদ্ধান্ত জনাৰ বাবে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd