• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুইতপৰীয়া হিন্দু সমাবেশ ৰাজনৈতিক ক্ষমতা আহৰণৰ বাবে আয়োজন কৰা সভা : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 24, 2018 5:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২১ জানুৱাৰীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আয়োজন কৰা লুইতপৰীয়া হিন্দু সমাবেশে অসমত হাজাৰ হাজাৰ বছৰ ধৰি চলি থকা সাংস্কৃতিক বাৰ্তাত ব্যাঘাত জন্মাব বুলি আজি কইনাধৰাত এখন সংবাদমেল যোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সদৰী কৰে।

ইয়াৰ উপৰি তেওঁ কয় যে এই সমাবেশে অসমীয়া কলা-সংস্কৃতিক বিনষ্ট কৰাৰ লগতে অসমৰ সমন্বয়ৰ বাৰ্তা বিপন্ন কৰিব বিচাৰিছে। আনহাতে আৰ এছ এছে ধৰ্মৰ নামত কৰা ৰাজনীতিয়ে অসমবাসীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে থেলি দিব।

Apply Now

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে আৰ এছ এছে আয়োজন কৰা সভাখনক ৰাজনৈতিক সভা বুলি উল্লেখ কৰি কয় যে এইখন কোনোধৰণৰ ধৰ্মীয় সভা নাছিল, ইয়াৰ বিপৰীতে আৰ এছ এছ আৰু বিজেপি লগ হৈ ৰাজনৈতিক ক্ষমতা আহৰণ কৰিব পৰা এখন সভা আছিল। আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবে এই সভাখনক ধৰ্মীয় নামাকৰণ কৰি জনসাধাৰণক বিচলিত কৰিব বিচৰা হৈছে বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে সংবাদমেল যোগে এক তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

হিন্দু ধৰ্মৰ ওপৰত এক বাখ্যা আগবঢ়াই প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ‘হিন্দু ধৰ্মৰ দৃষ্টিভংগী বহল। আমিও হিন্দু, হিন্দু হিচাপে আমি গৰ্ব কৰো। শংকৰদেৱেও হিন্দু ধৰ্মৰ প্ৰচাৰ কৰিছিল। আমাৰ দৃষ্টিত হিন্দু মানে মানৱতাবাদ, আমি বহল অন্তৰৰ অধিকাৰী। আমি যিমানেই ঠেক হৈ যাম আমাৰ দৃষ্টিভংগী ঠেক হৈ যোৱাৰ লগতে আমাৰ মাজত বিদ্বেষ, সংঘাত বাঢ়ি যাব।’

তদুপৰি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ মতে আৰ এছ এছ সংগঠনৰ মুখ্য উদ্দেশ্য হৈছে বিজেপি দলটোক শক্তিশালী কৰা। আৰ এছ এছ ৰ মূল মোহন ভাগৱতে ধৰ্মক লৈ ৰাজনীতি কৰে বুলিও তেওঁ এক মন্তব্য আগবঢ়ায়।

উক্ত সংবাদমেলত তেওঁ বিজেপি দলটোক কটাক্ষ কৰি কয় যে ‘সবকা সাথ সবকা বিকাশ’ আৰু ‘হিন্দুত্ববাদ’ এই দুয়োটাই হৈছে বিজেপি দলৰ এক প্ৰকাৰৰ দুমুখীয়া নীতি। আৰ এছ এছ প্ৰধান মোহন ভাগৱতে লুইতপৰীয়া হিন্দু সমাবেশত কৰা ‘ভাৰতবৰ্ষত জন্ম লাভ কৰা সকলো মানুহেই হিন্দু’ বুলি কোৱা মন্তব্যৰ প্ৰসংগত তেওঁ এক প্ৰশ্ন উত্থাপন কৰে যে ইংলেণ্ডত জন্ম লাভ কৰা মানেই সকলো লোক খ্ৰীষ্টান নেকি আৰু পাকিস্তানত জন্ম লোৱা মানেই ইছলামেই হ’ব নেকি?

আনহাতে শংকৰদেৱৰ আদৰ্শক সাৰোগত কৰি ধৰ্মৰ প্ৰচাৰ চলোৱা আৰ এছ এছক প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে আচল অৰ্থত মোহন ভাগৱতে শংকৰদেৱৰ আদৰ্শৰ বিষয়ে একোকে নাজানে। সেই সভাত উপস্থিত থকা বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকলক তেওঁ কয় যে তেওঁলোকে শংকৰদেৱৰ আদৰ্শৰ বিষয়ে অজ্ঞাত মোহন ভাগৱতৰ পৰা ধৰ্মৰ পাঠ শিকাতকৈ তেওঁলোকে মোহন ভাগৱতক অলপ জ্ঞান দিব লাগে।

তদুপৰি বিজেপি দলটো আৰ এছ এছৰ হুকুম মানি চলা এটা ৰাজনৈতিক দল বুলি কৈ তেওঁ মন্তব্য কৰে যে বিজেপি চৰকাৰৰ অধীনৰ প্ৰধান মন্ত্ৰী, ৰাজ্যপাল অথবা অন্যান্য মন্ত্ৰী হ’বলৈ আৰ এছ এছৰ একো একোজন প্ৰচাৰক হ’ব লাগিব। ইয়াৰ উপৰি আৰ এছ এছ আৰু বিজেপি মিলি অসমৰ দুই উপত্যকাৰ মাজত থকা সম্প্ৰীতি লুইতপৰীয়া হিন্দু আৰু বৰাপৰীয়া হিন্দু নামাকৰণেৰে পৃথক কৰিব বিচাৰিছে।

আনহাতে উক্ত সংবাদমেলত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত হ’বলগীয়া ‘এডভান্টেজ আসাম’ৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰীয়ে বিদেশ ভ্ৰমণলৈ যাওঁতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক লগত লৈ গ’ল, কিন্তু তেওঁৰ অতি মৰমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগত নিনিলে বুলি এক তাচ্ছিল্যসূচক মন্তব্য প্ৰদান কৰে। এই প্ৰসংগত তেওঁ কয় যে মোডীয়ে এই এডভান্টেজ আসামৰ ক্ষেত্ৰত যিমান গুৰুত্ব প্ৰদান কৰিব লাগিছিল সিমান গুৰুত্ব প্ৰদান কৰা নাই। প্ৰধান মন্ত্ৰীয়ে অসমৰ নাম প্ৰচাৰ কাৰ্য্যত এবাৰলৈও উল্লেখ নকৰাৰ অভিযোগ আনি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ সংবাদ মাধ্যমত এডভান্টেজ আসামৰ বিজ্ঞাপন দি থাকিলেই বিদেশৰ পৰা মানুহ অসমলৈ নাহে।

অসম চৰকাৰে অসমক ঔদ্যোগীকৰণ কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ ক্ষেত্ৰত বিৰোধীতা কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ডাঙৰ ডাঙৰ উদ্যোগ সমূহক অসমলৈ ৰঙা দলিচা পাৰি দিয়াৰ সমান্তৰালকৈ অসমৰ ক্ষুদ্ৰ উদ্যোগ সমূহক সমানে গুৰুত্ব প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত তেওঁ তেলীৰ মূৰত তেল দিয়া বুলি এক হাস্যকৰ মন্তব্য আগবঢ়াই কয় যে ভাৰতবৰ্ষৰ সকলো জনসাধাৰণৰ উন্নতি হ’বলৈ হ’লে পুঁজিপতিসকলক গুৰুত্ব প্ৰদান কৰাতকৈ দুখীয়া তথা মধ্যবিত্ত পৰিয়ালৰ লোকসকলক গুৰুত্ব প্ৰদান কৰক তেতিয়াহে দেশৰ বিকাশ হ’ব। আনহাতে তেওঁ পেট্ৰ’ল, ডিজেল, খাদ্যসামগ্ৰী আদিৰ মূল্য বৃদ্ধি কৰাৰ বাবে বিজেপি চৰকাৰক দৰিদ্ৰ জনসাধাৰণক মূৰত মাধমাৰ সোধোৱা বুলি এক অভিযোগ আনে। ইয়াৰ উপৰি তেওঁ বিজেপি চৰকাৰে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ, অসমৰ কাঁহ-পিতলৰ উদ্যোগ সমূহৰ বিকাশ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে।

এই সংবাদমেলতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী পুনৰবাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গ’ল। এই প্ৰসংগত তেওঁ কয় যে ১৯৬৭ চনৰ ভোটাৰ তালিকাৰ আধাৰত প্ৰস্তুত কৰা পিছৰ বছৰসমূহৰ ভোটাৰ তালিকাত নাম থকা সকলোৰে নাম সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত থকাটো বাধ্যতামূলক। যদি ভোটাৰ লিষ্টত নাম থকাৰ পিছতো যিসকল লোকক বাংলাদেশী সজোৱা হৈছে তেন্তে তাৰ বাবে নিৰ্বাচনী বিষয়াসকল দায়ী বুলি তেওঁ এক মন্তব্য আগবঢ়ায়।

সংবাদমেলৰ শেষৰফালে অসম চৰকাৰৰ জলসম্পদ বিভাগে গ্ৰহণ কৰা ব্ৰহ্মপুত্ৰ খননৰ আঁচনিৰ সকলো তথ্য ৰাজহুৱা কৰিবৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰক এক আহ্বান জনায়। ইফালে এখন ড্ৰেজায়াৰৰ সহায়েৰে বিশাল ব্ৰহ্মপুত্ৰক খনন কৰিব বিচৰাটো তেওঁ এপাচি শাকত এটা জালুকৰ লেখীয়া কথা বুলি চৰকাৰখনক ইতিকিং কৰে। আনহাতে এই কাম শীতকালত কৰা হ’ব বুলি চৰকাৰৰ ঘোষণাৰ ওপৰত তেওঁ কয় যে জানুৱাৰী মাহ পাৰ হ’বই হ’ল তথাপিও বৰ্তমানলৈকে এই কামৰ টেণ্ডাৰেই পেলোৱা হোৱা নাই।

ইয়াৰ উপৰি কিছুদিন পূৰ্বে আমচাঙ অভয়াৰণ্যত চলা উচ্ছেদ কাৰ্য্যক তেওঁ অসম চৰকাৰৰ এক টোগলকী কাণ্ড বুলি কটাক্ষ কৰে। এই সন্দৰ্ভত তেওঁ কয় যে প্ৰায় ৭০০ মানুহৰ ঘৰ উচ্ছেদ চলোৱাৰ পিছতো সেই লোকসকলক বৰ্তমানলৈকে কোনো সংস্থাপন নিদিয়া আৰু উচ্ছেদ আধাতে স্থগিত ৰখাটো কাৰ্য্যটো সঁচাই এক লজ্জাজনক কথা । গতিকে বিজেপি চৰকাৰৰ পৰিবৰ্তন নিম্নগামী আৰু অসমৰ জনসাধাৰণ বৰ্তমান সময়ত অতিষ্ঠ হৈ পৰিছে বুলি এই সংবাদমেলত উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd