• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত আৰক্ষী-পৰিবহণ বিভাগৰ দুচকীয়া যান-বাহনৰ বিৰুদ্ধে সপ্তাহজোৰা অভিযান; ১৯৮৫০০টকাৰ জৰিমনা সংগ্ৰহ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 27, 2018 7:26 pm
143
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়া দিব্যজ্যোতি নেওগৰ নেতৃত্বত জিলা পৰিবহণ বিভাগৰ এটা দলে আৰু শিৱসাগৰ আৰক্ষীৰ যানবাহন নিয়ন্ত্ৰণ শাখাই যৌথ ভাৱে যোৱা এসপ্তাহ ধৰি নগৰ অঞ্চলত দুচকীয়া বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগত হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে এক অভযান চলাইছিল।

এই অভিযানকালত দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান নকৰা আৰু বাহনৰ  নথি-পত্ৰ নথকা চালক সকলক জৰিমনা বিহাৰ লগতে আইনগত ব্যৱস্থাও গ্ৰহণ কৰে।

সপ্তাহ জোৰা চলা এই তালাচী অভিযানত দলটোৱে প্ৰায় ২৯৮ খন দুচকীয়া বাহনৰ পৰা জৰিমনা আদায় কৰে। জিলা পৰিবহন বিষয়াই জনোৱা মতে এই আভিযানত প্ৰায় ১,৯৮,৫০০ লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰা হয় আৰু ১০ খন নথি পত্ৰ বিহীন বাহন জব্দ কৰা হয়।

তাৰোপৰি শিৱসাগৰ আৰক্ষীৰ যানবাহন শাখাই এই অভিযানত  দুচকীয়া বাহনৰ নথি-পত্ৰ নথকা আৰু হেমলেট পৰিধান নকৰাৰ বাবে ৫৫০টা এজাহাৰ বিহীন গোচৰ ৰুজু কৰে।

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি শিৱসাগৰত বিনা অনুজ্ঞাপত্ৰ তথা নথি-পত্ৰ বিহীন আৰু হেলমেট পৰিধান নকৰা চালকৰ দৌৰাত্ম্যৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈছিল।

একাংশই দুচকীয়া বাহনত উচ্চ শব্দৰ চাইলেনচাৰ লগাই তীব্ৰ গতিত বাহন চলাই বহু পথচাৰীক মহিতয়াই নিয়াৰ ফলত বহু জন গুৰুতৰভাৱে আহতও হৈছিল। আনকি এইসকল উদণ্ড চালকৰ বাবে বহুটো নিৰীহ লোকে অকালতে প্ৰাণ হেৰুৱাব লগাৰ দৰে ঘটনা সংঘটিত হৈছে। ফলত এই সকলক নাকী লগোৱাৰ উদ্দেশ্যেই  জিলা পৰিবহণ বিভাগ আৰু শিৱসাগৰ আৰক্ষীয়ে এই অভিযান চলায়।

ইফালে শিৱসাগৰ জিলা পৰিবহণ বিভাগ আৰু স্থানীয় আৰক্ষীয়ে চলোৱা এই তালাচী অভিযানক শিৱসাগৰৰ ৰাইজে আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰিছে। লগতে ভৱিষ্যতেও মাজে মাজে এনে ধৰণৰ তালাচী অভিযান চলাই থাকিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায়।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd