শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়া দিব্যজ্যোতি নেওগৰ নেতৃত্বত জিলা পৰিবহণ বিভাগৰ এটা দলে আৰু শিৱসাগৰ আৰক্ষীৰ যানবাহন নিয়ন্ত্ৰণ শাখাই যৌথ ভাৱে যোৱা এসপ্তাহ ধৰি নগৰ অঞ্চলত দুচকীয়া বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগত হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে এক অভযান চলাইছিল।
এই অভিযানকালত দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান নকৰা আৰু বাহনৰ নথি-পত্ৰ নথকা চালক সকলক জৰিমনা বিহাৰ লগতে আইনগত ব্যৱস্থাও গ্ৰহণ কৰে।
সপ্তাহ জোৰা চলা এই তালাচী অভিযানত দলটোৱে প্ৰায় ২৯৮ খন দুচকীয়া বাহনৰ পৰা জৰিমনা আদায় কৰে। জিলা পৰিবহন বিষয়াই জনোৱা মতে এই আভিযানত প্ৰায় ১,৯৮,৫০০ লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰা হয় আৰু ১০ খন নথি পত্ৰ বিহীন বাহন জব্দ কৰা হয়।
তাৰোপৰি শিৱসাগৰ আৰক্ষীৰ যানবাহন শাখাই এই অভিযানত দুচকীয়া বাহনৰ নথি-পত্ৰ নথকা আৰু হেমলেট পৰিধান নকৰাৰ বাবে ৫৫০টা এজাহাৰ বিহীন গোচৰ ৰুজু কৰে।
উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি শিৱসাগৰত বিনা অনুজ্ঞাপত্ৰ তথা নথি-পত্ৰ বিহীন আৰু হেলমেট পৰিধান নকৰা চালকৰ দৌৰাত্ম্যৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈছিল।
একাংশই দুচকীয়া বাহনত উচ্চ শব্দৰ চাইলেনচাৰ লগাই তীব্ৰ গতিত বাহন চলাই বহু পথচাৰীক মহিতয়াই নিয়াৰ ফলত বহু জন গুৰুতৰভাৱে আহতও হৈছিল। আনকি এইসকল উদণ্ড চালকৰ বাবে বহুটো নিৰীহ লোকে অকালতে প্ৰাণ হেৰুৱাব লগাৰ দৰে ঘটনা সংঘটিত হৈছে। ফলত এই সকলক নাকী লগোৱাৰ উদ্দেশ্যেই জিলা পৰিবহণ বিভাগ আৰু শিৱসাগৰ আৰক্ষীয়ে এই অভিযান চলায়।
ইফালে শিৱসাগৰ জিলা পৰিবহণ বিভাগ আৰু স্থানীয় আৰক্ষীয়ে চলোৱা এই তালাচী অভিযানক শিৱসাগৰৰ ৰাইজে আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰিছে। লগতে ভৱিষ্যতেও মাজে মাজে এনে ধৰণৰ তালাচী অভিযান চলাই থাকিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায়।