DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত পুতেক-বোৱাৰীয়েকৰ অৱহেলা-অপমানত ভাৰাঘৰতে আত্মহত্যাৰে জীৱন সামৰিলে বৃদ্ধ মাক-দেউতাকে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2018 11:40 pm
Rajani

সুদিনত ভূপেন হাজৰিকাৰ সৈতে ৰজনী খাৰঘৰীয়া।

159
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰ চহৰৰ মাজমজিয়াতে এহাল বৃদ্ধ দম্পতীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ দৰে এটা হৃদয়বিদাৰক ঘটনাই গোটেই চহৰখনৰে সচেতন লোকৰ মন-মগজু জোকাৰি গৈছে। পুত্ৰ-বোৱাৰীৰ চৰম অৱহেলা আৰু অপমান  সহ্য কৰিব নোৱাৰি দুয়ো এই চৰম সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। এসময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সাংস্কৃতিককৰ্মী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই নিজৰ ভাৰাঘৰতে চিপ লৈ আত্মহত্যা কৰে।

উল্লেখযোগ্য যে একমাত্ৰ পুতেকক অ’ এন জি চিৰ চাকৰি যোগাৰ কৰি দিওঁতে নিজৰ ঘৰ-মাটিও বিক্ৰী কৰিছিল খাৰঘৰীয়াই। কিন্তু কেতিয়াও ভাবিব পৰা নাছিল নিজৰ মোটা অংকৰ দৰমহা পোৱা পুতেক থাকোতেও অঘৰী তথা সম্বলহীনৰ দৰে চৰম দৰিদ্ৰতাৰ মাজত জীৱন কটাব লাগিব বুলি।

জানিব পৰামতে ৰুগ্ন ৰুবী খাৰঘৰীয়াৰ দৰব কিনিবলৈও হাতত পইচা নাছিল খাৰঘৰীয়া দম্পতীৰ। আনহাতে ভাৰাঘৰৰ ভাৰা দিয়া, জীৱন চলোৱাও কঠিন হৈ পৰিছিল দুয়োজনৰ। তেওঁলোকে বিভিন্নজনৰ ওচৰত হাত পাতিব লগীয়া হৈছিল।

আনহাতে ৰজনী খাৰঘৰীয়াই ছুইচাইড নোট হিচাপে কেইবা পৃষ্ঠাৰ পত্ৰ লিখি গৈছে। এই দীঘল পত্ৰসমূহত লিখা আছে পুত্ৰ দেৱাশিস খাৰঘৰীয়াৰ অত্যাচাৰ-অৱহেলা, বোৱাৰীয়েকে কৰা অপমানৰ কথা।

অৱশেষত এইদৰেই আত্মহত্যাকে পুতেক-বোৱাৰীয়েকৰ অৱহেলা-অপমানৰ প্ৰতিবাদৰ উপায় কৰিব লগীয়া হয় দুয়ো মাক-দেউতাকে।

জানিব পৰামতে এসময়ত প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল ৰজনী খাৰঘৰীয়া। তেওঁ সাংস্কৃতিক কৰ্মীও আছিল। প্ৰযোজনা কৰিছিল দূৰদৰ্শনৰ ধাৰাবাহিক। নাট্যগোষ্ঠী স্থাপন কৰিছিল। এইবোৰৰ বাবে তেওঁ বঁটা-বাহনো লাভ কৰিছিল।

জানিব পৰামতে, খাৰঘৰীয়া দম্পতীয়ে তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তানৰ পিছতো এটা পুত্ৰ সন্তান পাবৰ বাবে দৌল-দেৱালয়ত পূজা-অৰ্চনাও কৰিছিল। পুত্ৰ সন্তান লাভ কৰাৰ পিছত আতোলতোলকৈ ডাঙৰ কৰিছিল।

তেনেকুৱা অতুলনীয় মৰমৰ মাজেৰে লালন কৰা পুত্ৰয়েই এদিন আত্মহত্যাৰ কৰিবলৈ বাধ্য কৰালে খাৰঘৰীয়া দম্পতীক।

ঘটনাটোৱে কেৱল শিৱসাগৰ চহৰকে নহয়, গোটেই ৰাজ্যবাসীৰ চিন্তা-চেতনাক জোকাৰি গৈছে।

Recent News

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd