আজি শিৱসাগৰ চহৰৰ মাজমজিয়াতে এহাল বৃদ্ধ দম্পতীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ দৰে এটা হৃদয়বিদাৰক ঘটনাই গোটেই চহৰখনৰে সচেতন লোকৰ মন-মগজু জোকাৰি গৈছে। পুত্ৰ-বোৱাৰীৰ চৰম অৱহেলা আৰু অপমান সহ্য কৰিব নোৱাৰি দুয়ো এই চৰম সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। এসময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সাংস্কৃতিককৰ্মী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই নিজৰ ভাৰাঘৰতে চিপ লৈ আত্মহত্যা কৰে।
উল্লেখযোগ্য যে একমাত্ৰ পুতেকক অ’ এন জি চিৰ চাকৰি যোগাৰ কৰি দিওঁতে নিজৰ ঘৰ-মাটিও বিক্ৰী কৰিছিল খাৰঘৰীয়াই। কিন্তু কেতিয়াও ভাবিব পৰা নাছিল নিজৰ মোটা অংকৰ দৰমহা পোৱা পুতেক থাকোতেও অঘৰী তথা সম্বলহীনৰ দৰে চৰম দৰিদ্ৰতাৰ মাজত জীৱন কটাব লাগিব বুলি।
জানিব পৰামতে ৰুগ্ন ৰুবী খাৰঘৰীয়াৰ দৰব কিনিবলৈও হাতত পইচা নাছিল খাৰঘৰীয়া দম্পতীৰ। আনহাতে ভাৰাঘৰৰ ভাৰা দিয়া, জীৱন চলোৱাও কঠিন হৈ পৰিছিল দুয়োজনৰ। তেওঁলোকে বিভিন্নজনৰ ওচৰত হাত পাতিব লগীয়া হৈছিল।
আনহাতে ৰজনী খাৰঘৰীয়াই ছুইচাইড নোট হিচাপে কেইবা পৃষ্ঠাৰ পত্ৰ লিখি গৈছে। এই দীঘল পত্ৰসমূহত লিখা আছে পুত্ৰ দেৱাশিস খাৰঘৰীয়াৰ অত্যাচাৰ-অৱহেলা, বোৱাৰীয়েকে কৰা অপমানৰ কথা।
অৱশেষত এইদৰেই আত্মহত্যাকে পুতেক-বোৱাৰীয়েকৰ অৱহেলা-অপমানৰ প্ৰতিবাদৰ উপায় কৰিব লগীয়া হয় দুয়ো মাক-দেউতাকে।
জানিব পৰামতে এসময়ত প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল ৰজনী খাৰঘৰীয়া। তেওঁ সাংস্কৃতিক কৰ্মীও আছিল। প্ৰযোজনা কৰিছিল দূৰদৰ্শনৰ ধাৰাবাহিক। নাট্যগোষ্ঠী স্থাপন কৰিছিল। এইবোৰৰ বাবে তেওঁ বঁটা-বাহনো লাভ কৰিছিল।
জানিব পৰামতে, খাৰঘৰীয়া দম্পতীয়ে তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তানৰ পিছতো এটা পুত্ৰ সন্তান পাবৰ বাবে দৌল-দেৱালয়ত পূজা-অৰ্চনাও কৰিছিল। পুত্ৰ সন্তান লাভ কৰাৰ পিছত আতোলতোলকৈ ডাঙৰ কৰিছিল।
তেনেকুৱা অতুলনীয় মৰমৰ মাজেৰে লালন কৰা পুত্ৰয়েই এদিন আত্মহত্যাৰ কৰিবলৈ বাধ্য কৰালে খাৰঘৰীয়া দম্পতীক।
ঘটনাটোৱে কেৱল শিৱসাগৰ চহৰকে নহয়, গোটেই ৰাজ্যবাসীৰ চিন্তা-চেতনাক জোকাৰি গৈছে।