• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত লোহা চোৰ তাৰিক আহমেদ আৰু ৰুবুল আহমেদ নামৰ দুজনক নতুনকৈ গ্ৰেপ্তাৰ : পুখুৰীত ওলাইছে বহু টন চুৰি লোহা

NE NOW NEWS অনন্ত স্মিথ
শিৱসাগৰ , March 27, 2018 10:13 pm

2 min read

LohaSor
84
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত অব্যাহত আছে লোহা চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নেতৃত্বত চলা এই অভিযানত আজি আৰু দুজন কুখ্যাত লোহা চোৰ ধৰা পৰে। লোহা চুৰিত জড়িত থকাৰ অপৰাধত আজি গ্ৰেপ্তাৰ কৰা দুজনৰ নাম হ’ল তাৰিক আহমেদ আৰু ৰুবুল আহমেদ। দুয়োজনকে ৰঙা ঘৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কেইদিন মানৰ পূৰ্বে চহৰখনৰ জয়সাগৰ অঞ্চলৰ কুখ্যাত লোহা চোৰ পৰেশ দাসৰ ঘৰত অভিযান চলাই শিৱসাগৰ আৰক্ষী বহু চুৰি লোহা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এইবোৰ বেছিভাগেই আছিল অ’ এন জি চিৰ পৰা চুৰ কৰা লোহা। ইয়াৰ পিছতে আন আন লোহাৰ গুডামত তালাচী চলাই চোৰাং লোহাৰ সন্ধান পোৱা বুলি জানিবলৈ দিছে শিৱসাগৰ আৰক্ষীয়ে।

লোহা চোৰ পৰেশ দাসৰ ঘৰত অভিযান চলোৱাৰ পিছতে আৰক্ষীয়ে ৰূদ্ৰসাগৰৰ পুখুৰীত পানীৰ তলত লুকুৱাই থোৱা অৱস্থাত বহু টন লোহা উদ্ধাৰ কৰিছিল। তাৰ পিছতে শিৱসাগৰ আৰক্ষীয়ে বণিয়াবাৰীৰ তাৰিক আহমেদ আৰু ৰংঘৰ চাৰি আলিৰ চদৰ আহমদৰ গুডামত অভিযান চলাই বহু টন অবৈধ লোহা জব্দ কৰে। এই প্ৰসংগত আৰক্ষীয়ে তাৰিক আহমেদ আৰু চদৰৰ পুত্ৰ ৰুবুল আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

এই সন্দৰ্ভত আজি আৰক্ষীয়ে শিৱসাগৰ ৰংঘৰ চাৰি আলি আমগুৰিৰ পৰা সোধা-পোছাৰ বাবে ইফটিকাৰ জাহান নামৰ এজন ব্যৱসায়ীকো আটক কৰিছে৷ ইফটিকাৰৰ ভাতৃ আবু জাহানৰ ডেম্পত উদ্ধাৰ হোৱা অ’ এন জি চিৰ লোহা সম্পৰ্কত সোধা-পোছা কৰিবলৈ ব্যৱসায়ীজনক আটক কৰা হৈছে বুলি জনায় আৰক্ষীয়ে৷

মন কৰিব লগীয়া যে যোৱা ২১ মাৰ্চত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাইছিল আবু জাহানৰ ডেম্পত৷ অভিযানকালত ডেম্পটোত ২০ টনৰো অধিক অ’ এন জি চিৰ চুৰি লোহা বুলি সন্দেহ কৰা লোহা উদ্ধাৰ হৈছিল৷ আৰক্ষীৰ অভিযানৰ পাছৰ পৰাই পলাতক আছে ডেম্পৰ মালিক আবু জাহান।

উল্লেখযোগ্য যে শিৱসাগৰৰ ৰূদ্ৰসাগৰৰ অ’ এন জি চিৰ  লোহা গুডামক কেন্দ্ৰ কৰি বিগত বহু দিনৰ পৰা অব্যাহত আছে লোহা চুৰিৰ ৰমৰমীয়া ব্যৱসায়। এই ক্ষেত্ৰত স্থানীয় জয়সাগৰ আৰক্ষী আৰু অ’ এন জি চিৰ বিষয়া-কৰ্মচাৰীৰ লোহা চোৰৰ সৈতে গোপন মিতিৰালি থকা বুলিও স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে। কিন্তু আজিলৈকে এই অপৰাধত অ’ এন জি চিৰ কোনো বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ নকৰাটোৱে এই সন্দেহ অধিক ঘনীভূত কৰিছে। জানিব পৰামতে গোটেই জিলাখনত অ’ এন জি চিৰ লোহা চুৰিক কেন্দ্ৰ কৰি কোটি টকীয়া ব্যৱসায় চলি আছে।

Recent News

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

a Rahul_Gandh

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

bhaba

সিদ্ধান্ত চূড়ান্ত: শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হ’ব অখিল গগৈ, মনোনয়ন পত্ৰ সংগ্ৰহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd