• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মাৰক সংগ্ৰহালয় উদ্বোধন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2018 3:40 pm
statue of the Sahityarathi
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সোমবাৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মাৰক  সংগ্ৰহালয়ৰ উদ্বোধন কৰা হয়। শংকৰদেৱ কলাক্ষেত্ৰৰ সংগীত-নাটক ভৱনৰ প্ৰথম মহলাত স্থাপন কৰা এই সংগ্ৰহালয়টোত সাহিত্যৰথী বেজবৰুৱা আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে বিভিন্ন স্থানত তোলা এলানি বিৰল ফটো প্ৰদৰ্শন কৰা হয়। লগতে তেখেতৰ হাতৰ আখৰৰ নমুনা, পাণ্ডুলিপি, কৰ্মৰাজি আৰু তেখেতৰ স্মৃতি জড়িত হৈ থকা বিভিন্ন বস্তুৰ ফটোও ইয়াতে প্ৰদৰ্শন কৰা হয়।

এই সংগ্ৰহালয়টো উদ্বোধন কৰে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নব দলেই।

Apply Now

উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষা আৰু সাহিত্যলৈ সাহিত্যৰথীগৰাকীৰ অসামান্য বৰঙণি আৰু অসমীয়া জাতীয়তাবাদক গঢ় দিয়াত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰে।তেওঁ আৰু কয় যে এই সংগ্ৰহালয়টোত এই বিৰাট প্ৰতিভাশালী ব্যক্তিগৰাকীৰ অমূল্য কৰ্মৰাজি সংৰক্ষণ আৰু মানুহৰ মাজলৈ লৈ যোৱাৰ বাবে যথাসাধ্য সকলোখনি কৰিব।

লেখক, সমালোচক লক্ষ্মীনাথ তামুলীয়ে বেজবৰুৱাৰ অসামান্য অৱদানৰ কথা ৰোমান্থন কৰি খেদ প্ৰকাশ কৰে অসমীয়া মানুহে সাহিত্যৰথীগৰাকীৰ সঠিক মূল্যায়ন কৰাত ব্যৰ্থ হৈছে। এচাম অসমীয়াই অসমীয়া ভাষা আৰু সাহিত্যক অত্যন্ত অৱহেলা কৰিবলৈ ধৰাৰ কথাও তেওঁ উল্লেখ কৰে।

বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ হোৱা ‘বাঁহী’ ছপা কৰা সেই ঐতিহাসিক ছপাশালটো সংৰক্ষণ কৰাত গুৱাহাটী বিশ্ববিদ্যালয় নাইবা অসম সাহিত্য সভাই কোনো উদ্যোগ ল’বলৈ অস্বীকাৰ কৰা কথাটোত সাহিত্যিক তামুলীয়ে ক্ষোভ প্ৰকাশ কৰে। বিশ্বত অসমীয়াক এটা ভাষিক জাতি হিচাপে পৰিচয় কৰাই দিয়া সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতি অনুষ্ঠান দুটাই দেখুওৱা এনে মনোভাৱক তেওঁ অত্যন্ত অসন্মানজনক বুলি মন্তব্য কৰে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ সভাপতি তথা সাংস্কৃতিক কৰ্মী সূৰ্য হাজৰিকাই তেওঁৰ ভাষণত কয় যে এই সংগ্ৰহালয়টো সাহিত্যৰথীগৰাকীৰ প্ৰতি যথাৰ্থ সন্মানৰ আৰু এয়া অসমীয়াৰ দীৰ্ঘ দিনীয়া এটা প্ৰয়োজন। তেওঁ আৰু কয় যে অধিকাংশ সময়েই অসমৰ বাহিৰত থকা বাবে সাহিত্যৰথীৰ স্মৃতিজড়িত বস্তু বিচাৰি পাবলৈ টান।

তেওঁ আৰু কয় যে ১৯৩৩ চনত বেজবৰুৱাই বৰোদাত ফাইজি ৰাও গাইকোৱাৰৰ আমন্ত্ৰণক্ৰমে প্ৰদান কৰা ‘হিষ্টৰি অব বৈষ্ণবিজম ইন ইণ্ডিয়া’ ভাষণটো বৰোদা ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। হাজৰিকাই জনাইছে যে ইয়াৰে এটা প্ৰতিলিপি কলাক্ষেত্ৰত স্থাপন কৰা এই সংগ্ৰহালয়তো দৰ্শনাৰ্থীৰ বাবে ৰখা হৈছে।

লোক-সংস্কৃতি বিশাৰদ ড০ অনিল শইকীয়া, নেশ্যনেল মিউজিয়ামৰ সঞ্চালক প্ৰধান ৰবীন দেৱ চৌধুৰী, সাংস্কৃতিক পৰিক্ৰমা আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়া আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিনাতি সত্যকাম বেজবৰুৱায়ো উদ্বোধনী অনুষ্ঠানত ভাষণ ৰাখে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd