DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰ একাডেমিত বাংগালুৰুৰ ছাইৰেনা টেকন’লজিজৰ ৰবট প্ৰদৰ্শনী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2018 5:44 pm
02 SIRENNA

মঙলবাৰে শ্ৰীমন্ত শংকৰ একাডেমিত অনুষ্ঠিত ৰবট প্ৰদৰ্শনীত ছাইৰেনা টেকন'লজিজৰ নীলাক্ষী কোৱৰ, অশ্বিনী কুমাৰ আৰু গুলাম ছাৰুৱাৰ হুছেইন

109
VIEWS
Share on FacebookShare on Twitter

ভাৰতত থলুৱাভাৱে নিৰ্মিত  ৰবট সম্পৰ্কে চাক্ষুস অভিজ্ঞতা লাভ কৰাৰ বিৰল সুযোগ লাভ কৰিলে শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষাৰ্থীসকলে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে একমাত্ৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষাৰ্থীসকলে এই বিৰল সুযোগ লাভ কৰিছে। মঙলবাৰে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ছাইৰেনা টেকন’লজিজ নামৰ প্ৰতিষ্ঠানটোৱে এই প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ছাইৰেনা টেকন’লজিজৰ  প্ৰধান কাৰ্যালয় বাংগালুৰুত।

এই প্ৰদৰ্শনীত প্ৰায় ১,০০০ গৰাকী শিক্ষাৰ্থী আৰু তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰিছিল। শিক্ষাৰ সঁজুলি হিচাপে ৰবটিক্সৰ ব্যৱহাৰৰ ওপৰত অংশগ্ৰহণকাৰী শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰত্যক্ষ জ্ঞান লাভ কৰে।

ছাইৰেনা টেকন’লজিজৰ বিজিনেছ ডেভেলপমেণ্ট বিষয়া অশ্বিনী কুমাৰে এইদৰে কয়, ‘‘ শিক্ষাৰ্থী প্ৰথমে বিদ্যালয়লৈ যায়, তাৰ পাছত যায় অভিযান্ত্ৰিক প্ৰতিষ্ঠানলৈ আৰু তাৰ পাছত প্ৰযুক্তি প্ৰতিষ্ঠানসমূহত কাম কৰিবলৈ যায়। এয়া ভাল কথা, কিন্তু, প্ৰযুক্তি প্ৰতিষ্ঠানসমূহ হৈছে এটা ৰৈখিক প্ৰণালী আৰু ইয়াৰ পৰা কোনো প্ৰতিক্ৰিয়া বিদ্যালয়লৈ নাযায় আৰু বিদ্যালয়ৰ পৰাও কোনো প্ৰতিক্ৰিয়া আহিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে প্ৰযুক্তি উদ্যোগৰ পৰা কোনেও সেই জ্ঞান বিদ্যালয়লৈ লৈ নাযায়।”

ছাইৰেনা টেকন’লজিজৰ সমাধান আৰু উৎপাদনসমূহ বিশেষকৈ এই সমস্যাটো সমাধান কৰাৰ বাবে বিকশিত কৰা হৈছে। প্ৰতিষ্ঠানটোৰ এটা কাৰ্যসূচী হৈছে ছাইৰেনা জ্ঞান আৰু তথ্য কাৰ্যসূচী ( Sirena Knowledge and Information Programme, চমুকৈ SKIP)। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে বিদ্যালয়সমূহৰ বাবে ৰবটিকছকৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে।

ছাইৰেনা টেকন’লজিজৰ  দুগৰাকী প্ৰশিক্ষক নীলাক্ষী কোৱৰ আৰু গুলাম ছাৰুৱাৰ হুছেইনে ৰবটিক বাহু সংযুক্ত দুটা মানৱ সদৃশ ৰবট নিনো-১ আৰু নিনো-২, আৰু স্বয়ংচালিত গাড়ী, ৰবটিক সাপ, প্লেন আৰু ৰবটিক সকলো ভূ-পৃষ্ঠত চলিব পৰা যানৰ কাৰ্য প্ৰণালী প্ৰদৰ্শন কৰে।

প্ৰশিক্ষক দুগৰাকীয়ে আৰু জনায় যে জাপানৰ শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ কিতাপ আৰু বহী নিয়াৰ সলনি নিজৰ ‘টেবলেট’ লৈ যায়। এই সন্দৰ্ভত তেওঁলোকে আৰু কয় যে মানৱ-সদৃশ ৰবটে শ্ৰেণীকোঠাৰ পৰিৱেশ আকৰ্ষণীয় কৰি তোলাৰ লগতে শিক্ষণ গভীৰ আৰু উচ্চ পৰ্যায়ৰ কৰি তোলে।

কম্পিউটাৰ আৰু ৰবটৰ মাজৰ পাৰ্থক্য বুজাবলৈ গৈ প্ৰশিক্ষকসকলে কয় যে কম্পিউটাৰৰ কৃত্ৰিম বুদ্ধিমত্তা নাই কিন্তু ৰবটৰ আছে। কম্পিউটাৰে চলাচল কৰিব নোৱাৰে কিন্তু ৰবটে পাৰে। কৃত্ৰিম বুদ্ধিমত্তা থকা বাবে ৰবট স্মাৰ্ট আৰু সংবেদনশীল।

ছাইৰেনা টেকন’লজিজে এতিয়ালৈকে ৭০টাতকৈও অধিক বিভিন্ন মডেলৰ ৰবটৰ বিকাশ সাধন কৰিছে। প্ৰতিষ্ঠানটোৰ মানুহৰ আকৃতিৰ কেম্পা (Kempa) ৰবটে বাংগালুৰু বিমানঘাটীত যাত্ৰীসকলক বিমানৰ প্ৰস্থানৰ সময় সূচী আৰু প্ৰৱেশপথৰ নিৰ্দেশনা উপলব্ধ কৰে।

মানৱ সদৃশ ৰবট নিনো-১ আৰু নিনো-২ এ বলীউদৰ সংগীতৰ তালে তালে নৃত্য কৰি শিক্ষাৰ্থীসকলৰ মনোৰঞ্জন কৰে। ৰবটদুটাই শ্ৰেণীকোঠাত নিচুকনি গীত, বিজ্ঞান আৰু পৰিৱেশ অধ্যয়নৰ পাঠ প্ৰদানো কৰে।

Recent News

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd