• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ষ্টাৰ চিমেণ্টে আয়োজন কৰা ‘ভাগ নর্থ-ইষ্ট ভাগ’ত অংশগ্ৰহণ কৰিব বিপাশা বসুৱে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 28, 2018 5:52 pm

2 min read

Joined-266x200
112
VIEWS
Share on FacebookShare on Twitter

ষ্টাৰ চিমেন্টে  আয়োজন কৰা ‘ভাগ নৰ্থ-ইষ্ট ভাগ’ শীৰ্ষক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আন্তঃজাতিক দৌৰত অংশ গ্ৰহণ কৰিব বলিউদৰ অভিনেত্ৰী বিপাশা বসুৱে। অহা এপ্ৰিলৰ ১ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটো ‘ক্লীন ইণ্ডিয়াৰ সহযোগত অনুষ্ঠিত কৰা হ’ব। অৰ্ধ মাৰাথন, ১০ কি: মি: আৰু ৪ কি: মি: -এই তিনিটা শাখাত এই দৌৰ অনুষ্ঠিত কৰা হ’ব।

ষ্টাৰ চিমেণ্টে ২৭ৰ পৰা ৩১ মাৰ্চলৈকে এখন মেলাৰ আয়োজন কৰিছে য’ত মানুহে  দৌৰৰ বাবে কাৰ্ড সংগ্ৰহ কৰিব পাৰিব। দৌৰ খানাপাৰত আৰম্ভ হৈ খানাপাৰাত সমাপ্ত হ’ব বুলি  আয়োজকে জনাইছে।

‘ভাগ নৰ্থ-ইষ্ট ভাগ’ অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে দৌৰৰ অন্তত আয়োজন কৰা বজাৰ-সমাৰ উৎসৱত কিনা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ ৰেহাই লাভ কৰিব। কুপনখনেই দৌৰ আৰু বজাৰ-সমাৰ উৎসৱৰ প্ৰৱেশপত্ৰ হিচাপে বিৱেচিত হ’ব।

স্বাস্থ্য সচেতন বিপাশা বসুৱে এই দৌৰত অংশ গ্ৰহণ কৰাৰ বাবে অত্যন্ত আগ্ৰহী বুলি কৈ জনাইছে যে উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দৰ্যক তেওঁ ভাল পায়। উত্তৰ-পূহৰ মানুহক ভাৰতৰ অন্য অংশৰ তুলনাত অধিক স্বাস্থ্য সচেতন আৰু পৰিচ্চন্ন বুলি স্বীকাৰ কৰিছে। উত্তৰ-পূবৰ মানুহৰ বাবে ষ্টাৰ চিমেণ্টৰ ‘ভাগ নৰ্থ-ইষ্ট ভাগ’ এটা যথাৰ্থ উপহাৰ বুলি টেলিগ্ৰাফ কাকতৰ আগত প্ৰকাশ কৰিছে অভিনেত্ৰী বিপাশা বসুৱে।

এই দৌৰ অনুষ্ঠানটো উত্তৰ-পূব ভাৰতৰ প্ৰথমটো অৰ্ধ  মাৰাথন য’ত ভাৰতৰ বাহিৰেও বিদেশী অংশগ্ৰহণকাৰীয়েও ভাগ ল’ব।

এই অনুষ্ঠানটোৰ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ-অফ কৰাৰ আশা আছে।

প্ৰবীণ গায়ক জে পি দাস, প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়া, অভিনেতা গুঞ্জন ভৰদ্বাজ, জনপ্ৰিয় গায়ক মানস ৰবীন আৰু সীমান্ত শেখৰ, সাতোঁৰবিদ এলভিছ আলী হাজৰিকা, ফিটনেছ গুৰু মহাদেব ডেকা, পৰ্বতাৰোহী অংশু জামছেপা, অভনেতা সুনীতা কৌশিক আৰু অভিনেতা আৰু পৰিচালক ত্ৰিদীব লাহন আদিয়ে বিপাশাৰ সৈতে দৌৰত অংশগ্ৰহণ কৰিব।

অৰ্ধ মাৰাথন আৰম্ভ হ’ব ১ এপ্ৰিলৰ পুৱা ৫-৩০ বজাত, ১০ কি: মি: দৌৰ আৰম্ভ হ’ব  পুৱা ৬ বজাত আৰু চাৰি কি: মি: দৌৰ আৰম্ভ কৰা হ’ব পুৱা ৭-৩০ বজাত।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd