• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সচিবালয়ৰ আমোলাসকলৰ সমান দৰমহা আৰু সা-সুবিধাৰ দাবীত এইবাৰ প্ৰতিবাদত নামিল সদৌ অসম মুৰব্বী আমোলা সন্থা

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 16, 2018 4:49 pm

3 min read

HeadsoftheDepartments

সদৌ অসম মুৰব্বী আমোলা সন্থাৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকল।।

175
VIEWS
Share on FacebookShare on Twitter

সচিবালয়ৰ আমোলাসকলৰ সম হাৰত দৰমহা তথা একে ধৰণৰ সা-সুবিধা বিচাৰি আজি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম মুৰব্বী আমোলা সন্থা। আজি প্ৰতিবাদৰ সময়ত দীৰ্ঘদিনৰ পৰা সম মৰ্য্যাদাৰ পৰা বঞ্চিত হৈ অহা বুলি তথা তেওঁলোকৰ দাবীক প্ৰতিখন চৰকাৰেই আওকাণ কৰি আহিছে বুলি অভিযোগ তোলে সদৌ অসম মুৰব্বী আমোলা সন্থাৰ বিষয়ববীয়া তথা আজিৰ প্ৰতিবাদত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়া অনুসৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্য্যকালত তেওঁলোকৰ দাবী মানি লোৱা হৈছিল যদিও আজি পৰ্য্যন্ত তেওঁলোকৰ দাবীসমূহ কাৰ্য্যক্ষেত্ৰত ৰূপায়িত নহ’ল।

সন্থাৰ সভাপতি গুণাৰাম গগৈয়ে নৰ্থ-ইষ্ট নাওক জনাই কয়, ‘’সদৌ অসম আমোলা সন্থাই সমমৰ্য্যাদা তথা সমান দৰমহা বিচাৰি ১৯৯৮ চনৰ পৰাই আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। সেই সময়ৰ মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে ৰাজ্যৰ বিভিন্ন বিভাগৰ মুৰব্বী আমোলাসকলৰ এক দ্বি-পাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল। সেই আলোচনাৰ পিছতে সচিবালয়ৰ বিষয়াসকলৰ সৈতে বিভিন্ন বিভাগৰ মুৰব্বী আমোলাসকলৰ দৰমহা সমান কৰাৰ বাবে ঘোষণা কৰিছিল। সেই বাতৰিটো সেই সময়ত অসমৰ সকলো সংবাদ মাধ্যমতে প্ৰকাশ পাইছিল যাৰ তথ্য-প্ৰমাণ আমাৰ হাতত আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই ঘোষণা কাৰ্য্যকৰী নোহোৱাকৈ কাগজে-পত্ৰই সীমাবদ্ধ থাকিল।‘’

‘’আমি কৰি পঠিওৱা কামসমূহৰ প্ৰক্ৰিয়াসমূহ সচিবালয়ৰ কৰ্মচাৰীসকলে গ্ৰহণ কৰি সংসদত দাখিল কৰে। বিভিন্ন বিভাগীয় কামৰ প্ৰক্ৰিয়াসমূহ আমোলাসকলে আগুৱাই দিয়াৰ পিছতো তেওঁলোকৰ দৰমহা সচিবালয়ত কৰ্মৰত আমোলাসকলৰ দৰমহাতকৈ কম হোৱাটো কোনো যুক্তিসংগত কথা নহয়।‘’ তেওঁ কয়।

আনহাতে সংস্থাৰ সাধাৰণ সম্পাদক অচ্যুতানন্দ হাজৰিকাই নৰ্থ-ইষ্ট নাওক কয়, ‘’দৰমহা সমপৰ্য্যায়ৰ কৰাৰ দাবীৰ লগতে আমি চৰকাৰক দাবী জনাওঁ যে সচিবালয়ৰ আমোলাসকলৰ সমান্তৰালকৈ মুৰব্বী আমোলাসকলৰ পদোন্নতি ক্ষিপ্ৰতৰ কৰিব লাগে। লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী থকা বিভিন্ন পদসমূহ পূৰণৰ ব্যৱস্থা কৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছো।‘’

লক্ষণীয় যে তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া দাবীসমূহ চৰকাৰে মানি নল’লে চলিত বৰ্ষৰ এপ্ৰিল মাহত ১৫ দিনীয়া কৰ্মবিৰতি পালন কৰিব বুলিও জনায় সন্থাটোৱে।

সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় ‘’সচিবালয়ৰ আমোলাসকলে ৫-৬ বছৰ কাম কৰাৰ পিছতেই পদোন্নতি হোৱাৰ বিপৰীতে মুৰব্বী আমোলাসকলে ২০-২২ বছৰ ধৰি সেৱা কৰি যোৱাৰ পিছতো পদোন্নতি নহয়। এইটো আমাৰ বুকুত আঘাত হনাৰ লেখীয়া কথা।‘’

ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে কৰা অভিযোগ অনুসৰি, ‘’আমোলা সকলৰ কৰ্তব্য আৰু দ্বায়িত্ব সকলো পৰ্য্যায়তে একে যদিও দৰমহা আৰু সা-সুবিধাৰ পাৰ্থক্য আছে। সচিবালয়ত কৰ্মৰত এজন দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ তথা এবছৰীয়া ষ্টেনোগ্ৰাফি অৰ্হতাসম্পন্ন কৰ্মচাৰীৰ ১৪০০০ টকাৰ উপৰি ৮৭০০ টকা গ্ৰেইড পে’ হিচাপে লাভ কৰি মুঠ ২২৭০০ টকা মাহিলি দৰমহা হয়। লগতে তেওঁলোকৰ যুটীয়া সচিব পৰ্য্যালয়লৈকে পদোন্নতিৰ ব্যবস্থা আছে। ইয়াৰ বিপৰীতে মুৰব্বী বিভাগৰ স্নাতক ডিগ্ৰী থকাৰ উপৰি কম্পিউটাৰ প্ৰশিক্ষণ থকাৰ পিছতো তেওঁলোকে ১৪০০০ টকাৰ উপৰি ৬২০০ টকাহে গ্ৰেইড পে’ লাভ কৰে।‘’

উল্লেখযোগ্য যে এই প্ৰতিবাদত বিভিন্ন বিভাগৰ মুঠ ৭২টা কাৰ্য্যালয়ৰ প্ৰায় ৫ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। সন্থাই যোৱা ৩ মাৰ্চতো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ উল্লেখিত তিনিটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও চৰকাৰখনে আশ্বাস প্ৰদানতে ক্ষান্ত থাকিল। সেয়েহে আজি পুনৰবাৰ প্ৰতিবাদকাৰীসকলে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা বুলি সন্থাটোৱে জনায়।

Recent News

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd