• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

সঞ্জীতা চানুৰ নিষেধাজ্ঞা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাক স্থিতি স্পষ্ট কৰাৰ দাবী মণিপুৰৰ মহিলা সংগঠনৰ

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , June 11, 2018 1:35 pm

2 min read

Sanjita-Chanu-570x320

ভাৰোত্তোলক সঞ্জীতা চানুৰ ফাইল ফটো

76
VIEWS
Share on FacebookShare on Twitter

ড’পিং টেষ্টত দোষী সাব্যস্ত হৈ সাময়িক নিলম্বনৰ সন্মুখীন হোৱা কমনৱেলথ গেইমছত স্বৰ্ণ পদক বিজয়ী মণিপুৰৰ ভাৰোত্তোলক সঞ্জীতা চানুৰ সমৰ্থনত মণিপুৰৰ মহিলা সংগঠন আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ছাত্ৰ-ছাত্ৰীয়ে দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চানুৰ নিষিদ্ধ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাক অনতি পলমে স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়।

মহিলা সংগঠনৰ প্ৰতিনিধি এম শান্তিয়ে সঞ্জীতা চানুৰ ড’প টেষ্টৰ সত্য সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ পূৰ্ণ ৰূপত বিৰোধিতা কৰে।

‘আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাৰ পৰা আমি এই সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ দাবী জনাইছো। ইয়াৰ পূৰ্বেও মণিপুৰৰ খেলুৱৈৰ ওপৰত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু এইবাৰ আমি মনে মনে নাথাকো। ঘটনাৰ সত্যতা পোহৰলৈ নহালৈকে সঞ্জীতাৰ হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰি যাম’। ৰাষ্ট্ৰীয় সংবাদ পত্ৰ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা অনুসৰি এম শান্তিয়ে এইদৰে কয়।

উল্লেখযোগ্য যে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙেও এথলীটগৰাকীৰ সপক্ষে থিয় দি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যৱৰ্ধন সিং ৰাঠোৰলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাটোৰ উপযুক্ত তদন্ত কৰিবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীক বিশেষভাৱে অনুৰোধ জনাইছিল।

আনহাতে নিজকে নিৰ্দোষী বুলি দাবী কৰি সঞ্জীতা কৈছিল যে মই কোনো নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰা নাই। তেওঁৰ বিৰুদ্ধে আৰোপিত এই অভিযোগৰ বিৰুদ্ধে নেশ্যনেল ফেডাৰেশ্যনৰ সহযোগত ইতিমধ্যে প্ৰত্যাহ্বান জনাব বুলিও উল্লেখ কৰিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd