• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

সমগ্ৰ নাগালেণ্ড বন্ধ কৰি দিয়াৰ ভাবুকি নাগা ট্ৰাইবেল হোহোৰ

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , January 29, 2018 8:59 pm

2 min read

60
VIEWS
Share on FacebookShare on Twitter

যদিহে নিৰ্বাচন আয়োগে অহা ৩১ জানুৱাৰিত নাগালেণ্ড বিধান সভা নিৰ্বাচনৰ নিৰ্বাচনী জাননী বলৱৎ কৰে তেন্তে নাগা ট্ৰাইবেল হোহোবিলাকে সৰ্বাত্মক নাগালেণ্ড বন্ধ দিব। আজি নাগা ট্ৰাইবেল হোহোবিলাকে ক’ৰ কিমিটীয়ে এই কথা ঘোষণা কৰিছে।

‘যদিহে ভাৰতৰ নিৰ্বাচন আয়োগে অহা ৩১ জানুৱাৰিত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী জাননী জাৰি কৰে, তেন্তে আমাৰ অহা ১ ফেব্ৰুৱাৰিত পথলৈ ওলাই অহা আৰু সৰ্বাত্মক নাগালেণ্ড বন্ধ দিয়াৰ কোনো বিকল্প নাথাকিব।’ নাগা ট্ৰাইবেল হোহো আৰু বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটীৰ আহ্বায়ক থেজা থেৰীয়ে এইদৰে কয়। তেওঁ এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে কমিটীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ সকলো ৰাজনৈতিক দলে অহা ২৭ ফেব্ৰুৱাৰিত হ’ব লগীয়া ত্ৰয়োদশ বিধানসভাৰ বাবে মনোনয়ন দাখিল নকৰাৰ সিদ্ধান্ত লৈছে। দলবিলাকে দাবী কৰিছে যে নাগা ৰাজনৈতিক সংকটৰ সমাধান নিৰ্বাচনতকৈ আগতে হ’ব লাগে। এই দাবী কৰি তথা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰি আজি দুপৰীয়া সৰ্বদলীয় প্ৰতিনিধিসকলে এটা বিবৃতি প্ৰকাশ কৰিছিল। তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থী হ’ব লগীয়া কোনো লোকৰ নামত টিকট অনুমোদন নকৰে বুলিও কয়। কংগ্ৰেছ, বিজেপিকে ধৰি মুঠ ১১টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে এই বিবৃতিটোত চহী কৰে।

ৰাজনৈতিক দলবিলাকৰ এই ঐক্য প্ৰদৰ্শনক আজি ক’ৰ কমিটিখনে প্ৰশংসা কৰে।

নাগা ট্ৰাইবেল হোহোবিলাকৰ ক’ৰ কিমিটীয়ে কয় যে তেওঁলোকে কাকো মনোনয়ন দাখিল কৰাত বাধা নিদিয়ে, কিন্তু যদি কোনোবাই মনোনয়ন দাখিল কৰে, তেওঁক নাগা বিৰোধী বুলি ঘোষণা কৰা হ’ব।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd