• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাঁচিপাতৰ পুথিৰ পৃষ্ঠাত ভৰি আছে বৈজ্ঞানিক তত্ত্ব, মন্তব্য আৰ এছ এছ ৰ নেতা ড০ বশিষ্ঠ বুজৰবৰুৱাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2018 9:32 pm
c7da6c54-cde9-4ebc-b438-fb5ab9849d35
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজ্যৰ সত্ৰ-নামঘৰ অথবা ভিতৰুৱা অঞ্চলত এতিয়াও আছে সাঁচিপাতৰ বহুতো পুথি। এইসমূহ সাঁচিপাতৰ সন্মুখত চাকি-ধূপ-ধূনা জ্বলাই প্ৰাৰ্থনা কৰি থকা হৈছে। কিন্তু সাঁচিপাতৰ পুথিৰ পৃষ্ঠাসমূহত বিজ্ঞানৰ কি তত্ত্ব আছে, সেয়া কোনেও খুলি চোৱা নাই। গতিকে মই কৃতী ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাওঁ তেওঁলোকে যাতে এই পুথিসমূহৰ ওপৰত ভৱিষ্যতে গৱেষণা কৰে।’

বিজেপি জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত হাইস্কুল-হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকত স্থান লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত এই উপদেশ প্ৰদান কৰে আৰ এছ এছৰ অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ ড০ বশিষ্ঠ বুজৰবৰুৱাই।

Apply Now

প্ৰসংগক্ৰমে ড০ বুজৰবৰুৱাই এটা ঘটনাৰ বিৱৰণী দি কয় যে ১৯৫১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ শিৱশংকৰ মজুমদাৰে কলিকতাৰ এখন গাঁৱলৈ যাওঁতে এগৰাকী বৃদ্ধাৰ ঘৰত পানী খাবৰ বাবে সোমাইছিল। বৃদ্ধাগৰাকীয়ে পানী এগিলাচৰ সৈতে অধ্যাপকগৰাকীক এখন সাঁচিপাতৰ পুথি দিছিল।

সাঁচিপাতৰ পুথিখন দি বৃদ্ধাগৰাকীয়ে অধ্যাপকক কৈছিল যে তই জ্ঞানী মানুহ যিহেতু এইখন অধ্যয়ন কৰিবি। মোৰ তিনি পুৰুষে এই গ্ৰন্থখনৰ ধূপ-ধূনা জ্বলাই পূজা কৰি আহিছো, কিন্তু ইয়াৰ ভিতৰত কি আছে আজিলৈকে নাজানো।‘

পাছত অধ্যাপক মজুমদাৰে সাঁচিপাতৰ পুথিখন মেলি চায় দেখে যে পুথিখনত সকলো কথা সংস্কৃত ভাষাত লিখা আছে। অধ্যাপকগৰাকীয়ে তেওঁৰেই সতীৰ্থ সংস্কৃত পণ্ডিত এগৰাকীক পুথিখন বাংলা ভাষালৈ অনুবাদ কৰিবলৈ দিলে। অনুবাদৰ অন্তত ড০ মজুমদাৰে পুথিখন পঢ়ি অনুধাৱন কৰে যে তেওঁ ১৫ বছৰে যিখিনি উদ্ভিদ বিজ্ঞানৰ শিক্ষা দিছিল, সমগ্ৰখিনি উক্ত পুথিখনতে আছিল।‘ ড০ বুজৰবৰুৱাই এনেদৰে কয়।

ইফালে কৃতী ছাত্ৰ-ছাত্ৰীসকলে কিয় ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটো লক্ষ্য হিচাপে লয় বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় ‘ডাঙৰ বিজ্ঞানী হ’বলৈ আমি কেইজনে বিচাৰো? দেশখন সঠিকৰূপত গঢ় দিবলৈ হ’লে ভাল বিজ্ঞানীও আমাক লাগিব।‘

a29cc606-59cf-493c-9fe5-64755548c531

ইয়াৰ উপৰি বুজৰবৰুৱাই সভাত উপস্থিত কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃসকলৰ প্ৰতি আহ্বান জনাই কয় যে ডাক্তৰ-ইঞ্জিনিয়াৰ বা বেছিকৈ টকা ঘটাৰ বাবে ল’ৰা-ছোৱালীক উচটনি দিয়াৰ বিপৰীতে মনুষ্য নিৰ্মাণৰহে শিক্ষা দিব লাগে।

তেওঁ লগতে কয় ‘এসময়ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দুৰ্নীতিগ্ৰস্ত প্ৰশাসনিক বিষয়াসকলক এদিন এনেদৰেই অভিনন্দন জনোৱা হৈছিল কিন্তু বৰ্তমান দুৰ্নীতিত লিপ্ত হৈ জেইলত সোমাই থকাসকল এতিয়া সমাজৰ ঘৃণাৰ পাত্ৰ।‘

আনহাতে উক্ত অভিনন্দন অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃতী ছাত্ৰ-ছাত্ৰীসকলক অসমৰ একো একোটি উজ্জ্বল জ্যোতিষ্ক আখ্যা দি কয় ‘অদূৰ ভৱিষ্যতে এই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক লৈ দেখা সপোন বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব।‘

তেওঁ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক চমু পথেৰে সফলতা নিবিচাৰি অধ্যৱসায় আৰু একাগ্ৰতাৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত ব্ৰতী হ’বৰ বাবে আহ্বান জনায়।

উক্ত অনুষ্ঠানতে মুখ্য মন্ত্ৰীৰ তৰফৰ পৰা প্ৰতিজন স্থানপ্ৰাপ্তলৈ দহ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য দিয়াৰ কথাও তেওঁ ঘোষণা কৰে।

আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী পল্লৱলোচন দাস, তপন কুমাৰ গগৈ, পিযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে বিজেপিৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়ববীয়া তথা বিজেপি যুৱমৰ্চাৰ কাৰ্যকৰ্তা উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd