DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হ’ল ঐতিহাসিক আঠখেলীয়া অঞ্চল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2018 10:05 am
শোভাযাত্ৰা
296
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে দেওবাৰে উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই গোলাঘাট জিলাৰ ঐতিহাসিক আঠখেলীয়া অঞ্চল আৰু যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ আকাশ-বতাহ জাতীয় ঐক্য ধ্বনিৰে মুখৰ কৰি তোলে।

গায়ক-বায়ন, জাকৈয়া গাভৰুৰ দল, বিহু দল, মিচিং বিহু, ঝুমুৰ আদিকে ধৰি কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দলেৰে সমৃদ্ধ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা দেওবাৰে আৰম্ভ হয় আঠখেলীয়াৰ ‘বীৰাংগনা সতী সাধনী ক্ষেত্ৰ’ৰ পৰা।  পুৱা প্ৰায় এঘাৰ বজাত শোভাযাত্ৰাকাৰীসকলে গোলাঘাট জিলাৰ সীমা অতিক্ৰমি যোৰহাট জিলাৰ এক নং বছা, নাঙলগাঁও ফুকনচকু, বৰহোলা আৰু গোলাঘাট জিলাৰ বৰকছাৰী, সৰুকছাৰী, চকীয়াল, দুলীয়াগাঁও হৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি বিয়লি প্ৰায় চাৰি বজাত পুনৰ আঠখেলীয়াৰ বীৰংগনা সতী সাধনী ক্ষেত্ৰলৈ উভতি আহে।

শোভাযাত্ৰাটো উদ্বোধন কৰি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই সদৌ চুতীয়া ছাত্ৰ সন্থাৰ এই অধিৱেশনখনৰ সকলো কাৰ্যসূচী সফলভাৱে সম্পন্ন হোৱাৰ কামনা কৰাৰ লগতে চুতীয়াসকলক ‘অসমৰ মাটিৰ সন্তান’ বুলি অভিহিত কৰে।  দেওবাৰে দ্বিতীয়  দিনাৰ পুৱা ৮.৩০ বজাতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি জ্যোতিপ্ৰসাদ চুতীয়াই।  পুৱা ৯ বজাত সংগঠনটোৰ সাধাৰণ সম্পাদক বিপুল চুতীয়াই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পিছতে জাতীয়  ছহিদ লীলাকান্ত দেউৰীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে  আঠখেলীয়াৰ নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি খগেন হাজৰিকাই।  পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা দেওকুবেৰ শলিতালগোৱা সকাম পৰিচালনা কৰে বৰদেউৰী প্ৰতাপ নেওগ, মাজুদেউৰী  যতীম শইকীয়া আৰু সৰুদেউৰী ৰবীন হাজৰিকা, দিব্য নেওগ আৰু জিতু বৰাই।  দিনৰ প্ৰায় ১২ বজাৰ পৰা সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা, জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন, ন-পুৰণি সতীৰ্থ সন্মিলন, গ্ৰন্থ উন্মোচন আদি অনুষ্ঠিত হয় আৰু বিয়লিৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হয়।  সন্ধিয়া ‘কবিতাৰ এসন্ধ্যা’ৰ পিছতে স্থানীয় শিল্পীসকলে  সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

আজি তৃতীয় দিনা চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি  প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰীসকলৰ  মাজত অনুষ্ঠিত হোৱাৰ লগতে আলোচনাচক্ৰ, মুখপত্ৰ উন্মোচন, বিশেষ বটাঁ প্ৰদান অনুষ্ঠান, গ্ৰন্থ উন্মোচন আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব। নিশা বিপিন চাওদাং আৰু উৎপল চুতীয়াৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব।

Recent News

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd