• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওড়িশাৰ সম্বলপুৰৰ গৃহ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ ৫০ লাখ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 29, 2018 7:46 pm

1 min read

মুখ্য মন্ত্ৰী
101
VIEWS
Share on FacebookShare on Twitter

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওড়িশাৰ সম্বলপুৰত থকা গৃহ সংৰক্ষণ কৰাৰ বাবে অসম চৰকাৰে আজি প্ৰাৰম্ভিকভাৱে ৫০ লাখ টকা ওড়িশা চৰকাৰক প্ৰদানৰ ক্ষেত্ৰত যাৱতীয় অনুমোদন জনাইছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এই সম্পৰ্কত যাৱতীয় অনুমোদন জনাইছে।

তাৰোপৰি এই গৃহ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা অতিৰিক্ত পুঁজিও ৰাজ্য চৰকাৰে বহন কৰিব বুলি ইতিমধ্যে ওড়িশা চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক আজি অসম চৰকাৰৰ তৰফৰ পৰা জনোৱা হয়।

আনহাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জস্থিত গৃহ ইয়াৰ বৰ্তমানৰ স্বত্তাধিকাৰীৰ পৰা ক্ৰয় কৰি এই গৃহ উন্নীতকৰণৰ দিশটো ৰাজ্য চৰকাৰে যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১ নৱেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে এই গৃহ বৰ্তমানৰ স্বত্তাধিকাৰী সুশীল কুমাৰ দাংগীৰ সৈতে কলকাতাস্থিত অসম ভৱনত এক আলোচনাত মিলিত হৈছিল।

আৰু এই আলোচনাৰ পৰৱৰ্তী পৰ্যায়ত দাংগীক গুৱাহাটীলৈ মতাই আনি সাংস্কৃতিক মন্ত্ৰী আৰু মিডিয়া উপদেষ্টাৰ উপস্থিতিত এক চুক্তিত স্বাক্ষৰ কৰোৱা হয়। আৰু এই চুক্তিৰ প্ৰস্তাৱ আগন্তুক কেবিনেট বৈঠকত উত্থাপন কৰি কেবিনেটে এই প্ৰস্তাৱ অনুমোদন কৰাৰ পিছতেই বাস্তৱায়িত কৰাৰ দিশত ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd