• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুদীপ্ত সেনক গুৱাহাটীলৈ : উন্মোচিত হ’ব পাৰে সাৰদা কেলেংকাৰিৰ নতুন দিশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2018 10:47 pm

3 min read

Sudipta-Sen
373
VIEWS
Share on FacebookShare on Twitter

বহুকোটিটকীয়া সাৰদা কেলেংকাৰিৰ মূল অভিযুক্ত সুদীপ্ত সেনক গুৱাহাটীলৈ অনাটোৱে খুলি দিব পাৰে ‘পেন্দ’ৰাৰ বাকচ’।

২০১৩ চনৰ এপ্ৰিলত পতন হোৱাৰ পূৰ্বে পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু উৰিষ্যাৰ ১.৭ মিলিয়নতকৈও অধিক লোকৰ ২৫০০ কোটি টকা সৰকোৱা অভিসন্ধিকাৰী সুদীপ্ত সেন আছিল সাৰদা গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক। অসমৰ প্ৰায় এডজন গোচৰত তেওঁ অভিযুক্ত হৈ আছে।

এই কেলেংকাৰিটো সন্দৰ্ভত সোধ-পোচ কৰাৰ বাবে সেন আৰু তেওঁৰ দুষ্কাৰ্য্যৰ সহযোগী সাৰদা গ্ৰুপৰ কাৰ্য্যবাহী পৰিচালিকা দেবযানী মুখাৰ্জীক যোৱা ২২ মাৰ্চত গুৱাহাটীলৈ অনা হৈছে। শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত তেওঁলোকক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

সূত্ৰ অনুসৰি অসমৰ দৰিদ্ৰ বিনিয়োগকাৰীৰ পৰা সাৰদাই ৫০০ কোটি টকা সংগ্ৰহ কৰিছিল আৰু জমাকাল সম্পূৰ্ণ হ’লে বিপুল পৰিমাণৰ টকা ঘূৰাই পোৱাৰ আশা দিছিল। অসমৰ হাজাৰ হাজাৰ বিনিয়োগকাৰীয়ে তেওঁলোক প্ৰতাৰিত হোৱা বুলি অভিযোগ কৰিছিল। কাশ্মীৰত যোৱা ২০১৩ চনৰ এপ্ৰিলত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

চাৰিটা কোম্পানিৰ যোগেদি ২০০৮ৰ জুলাইৰ পৰা ২০১৩ চনৰ এপ্ৰিললৈকে ৰাইজৰ পৰা এই চিট ফান্দ কোম্পানিটোৱে ধন সংগ্ৰহ কৰিছিল বুলি এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ইয়াৰ অভিযোগনামাত উল্লেখ কৰিছিল। কোম্পানি চাৰিটা আছিল Saradha Realty India Ltd, Saradha Tours & Travels Pvt Ltd, Saradha Housing Pvt Ltd আৰু Saradha Garden Resorts and Hotels Pvt Ltd।

সূত্ৰ অনুসৰি সুদীপ্ত সেন অসমৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু আনকি জ্যেষ্ঠ আৰক্ষী বিষয়াৰো ঘনিষ্ঠ আছিল আৰু তেওঁৰ চিট ফান্দ ব্যৱসায়ক বৈধতা প্ৰদানৰ বাবে তেওঁলোকক নিয়মীয়াকৈ ধন দিছিল।

সাৰদা কেলেংকাৰিত জড়িত থকাৰ বাবে অসমৰ তিনিগৰাকী জনাজাত লোক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতং সিং, গায়ক সদানন্দ গগৈ আৰু মীডিয়া বেৰন মমোৰঞ্জনা সিঙক গ্ৰেপ্তাৰ কৰা আৰু ক’লকাতাত জে’লত ৰখা হৈছিল।

এই চিট ফান্দ গোচৰ সন্দৰ্ভত ২০১৭ চনৰ ফেব্ৰুৱাৰিত মধ্য দিল্লীৰ গ’লে বজাৰত প্ৰাক্তন কংগ্ৰেছী নেতা মাতং সিঙৰ ১০০ কোটিটকীয়া সম্পত্তি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে বাজেয়াপ্ত কৰিছিল। এই বছৰৰ ২৯ জানুৱাৰিত সিঙক কেল্কাতা উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল।

সোণাপুৰৰ দুখন ৰিচ’ৰ্ট, দুখন অসমীয়া বাতৰি কাকত আৰু মালিগাঁৱৰ এখন হস্পিটেলকে ধৰি অসমত বহু প্ৰকল্পত সেনে বিনিয়োগ কৰিছিল বুলি তদন্তত ফাদিল হৈছিল।

গুৱাহাটীত সেনে Seven Sisters Post আৰু সকালবেলা (বাংলা) নামৰ দুখন বাতৰি কাকত আৰম্ভ কৰিছিল। ২০১৩ চনৰ এপ্ৰিলত তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগে কাকত দুখনো বন্ধ হৈ যায়। জমাকাৰী, এজেণ্ট আৰু কৰ্মচাৰীৰ প্ৰতিবাদত ২০১৩ চনৰ ২২ এপ্ৰিলত অসম আৰক্ষীয়ে সাৰদাৰ ৫টা কাৰ্য্যালয় চীল কৰি দিছিল।

পশ্চিম বংগত ঠগ খোৱা জমাকাৰীৰ এজাহাৰৰ ভিত্তিত তদন্ত হোৱাৰ বিপৰীতে ব্যাপক প্ৰতিবাদৰ মাজত অসম চৰকাৰে নিজাববীয়াকৈ সাৰদা আৰু আন ১২৭টা কোম্পানিৰ বিৰুদ্ধে ২২২ গোচৰ ৰুজু কৰিছিল। ২০১৩ চনৰ ৬ মে’ত অসম চৰকাৰে তদন্তৰ ভাৰ চি বি আইক গতাই দিয়ে।

কেলেংকাৰিটো ফাদিল হোৱাৰ প্ৰায় ৫ বছৰ পিছত যিহেতু সেনক অসমলৈ অনা হৈছে, গতিকে গোচৰৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জৰিত থকা অসমৰ বহু লোকক এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে সোধা-পোচাৰ বাবে মতাৰ সম্ভাৱনা আছে।

চিট ফান্দ ব্যৱসায় আৰু অসমত সেনৰ বিনিয়োগৰ লগত প্ৰত্যক্ষভাৱে জৰিত এডজনতকৈও অধিক লোকক জেৰা কৰি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে সুদীপ্ত সেন আৰু দেবযানী মুখাৰ্জীৰ ভাষ্যৰ সাক্ষ্য সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে।

অসমত এই জেৰা আৰু সাক্ষ্য সংগ্ৰহত কেবা মাহো লগাৰ সম্ভাৱনা আছে আৰু ই লাহে লাহে পেন্দ’ৰাৰ বাকচ খোলা আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজনৈতিক নাটকখন গৰম কৰি তোলাৰ সম্ভাৱনা আছে।

তাৰোপৰি সুদীপ্ত সেনে বিনিয়োগ কৰা সম্পত্তিসমূহ বাজেয়াপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd