• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুদীপ্ত সেনক গুৱাহাটীলৈ : উন্মোচিত হ’ব পাৰে সাৰদা কেলেংকাৰিৰ নতুন দিশ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 10:47 pm
Sudipta-Sen
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুকোটিটকীয়া সাৰদা কেলেংকাৰিৰ মূল অভিযুক্ত সুদীপ্ত সেনক গুৱাহাটীলৈ অনাটোৱে খুলি দিব পাৰে ‘পেন্দ’ৰাৰ বাকচ’।

২০১৩ চনৰ এপ্ৰিলত পতন হোৱাৰ পূৰ্বে পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু উৰিষ্যাৰ ১.৭ মিলিয়নতকৈও অধিক লোকৰ ২৫০০ কোটি টকা সৰকোৱা অভিসন্ধিকাৰী সুদীপ্ত সেন আছিল সাৰদা গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক। অসমৰ প্ৰায় এডজন গোচৰত তেওঁ অভিযুক্ত হৈ আছে।

Apply Now

এই কেলেংকাৰিটো সন্দৰ্ভত সোধ-পোচ কৰাৰ বাবে সেন আৰু তেওঁৰ দুষ্কাৰ্য্যৰ সহযোগী সাৰদা গ্ৰুপৰ কাৰ্য্যবাহী পৰিচালিকা দেবযানী মুখাৰ্জীক যোৱা ২২ মাৰ্চত গুৱাহাটীলৈ অনা হৈছে। শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত তেওঁলোকক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

সূত্ৰ অনুসৰি অসমৰ দৰিদ্ৰ বিনিয়োগকাৰীৰ পৰা সাৰদাই ৫০০ কোটি টকা সংগ্ৰহ কৰিছিল আৰু জমাকাল সম্পূৰ্ণ হ’লে বিপুল পৰিমাণৰ টকা ঘূৰাই পোৱাৰ আশা দিছিল। অসমৰ হাজাৰ হাজাৰ বিনিয়োগকাৰীয়ে তেওঁলোক প্ৰতাৰিত হোৱা বুলি অভিযোগ কৰিছিল। কাশ্মীৰত যোৱা ২০১৩ চনৰ এপ্ৰিলত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

চাৰিটা কোম্পানিৰ যোগেদি ২০০৮ৰ জুলাইৰ পৰা ২০১৩ চনৰ এপ্ৰিললৈকে ৰাইজৰ পৰা এই চিট ফান্দ কোম্পানিটোৱে ধন সংগ্ৰহ কৰিছিল বুলি এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ইয়াৰ অভিযোগনামাত উল্লেখ কৰিছিল। কোম্পানি চাৰিটা আছিল Saradha Realty India Ltd, Saradha Tours & Travels Pvt Ltd, Saradha Housing Pvt Ltd আৰু Saradha Garden Resorts and Hotels Pvt Ltd।

সূত্ৰ অনুসৰি সুদীপ্ত সেন অসমৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু আনকি জ্যেষ্ঠ আৰক্ষী বিষয়াৰো ঘনিষ্ঠ আছিল আৰু তেওঁৰ চিট ফান্দ ব্যৱসায়ক বৈধতা প্ৰদানৰ বাবে তেওঁলোকক নিয়মীয়াকৈ ধন দিছিল।

সাৰদা কেলেংকাৰিত জড়িত থকাৰ বাবে অসমৰ তিনিগৰাকী জনাজাত লোক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতং সিং, গায়ক সদানন্দ গগৈ আৰু মীডিয়া বেৰন মমোৰঞ্জনা সিঙক গ্ৰেপ্তাৰ কৰা আৰু ক’লকাতাত জে’লত ৰখা হৈছিল।

এই চিট ফান্দ গোচৰ সন্দৰ্ভত ২০১৭ চনৰ ফেব্ৰুৱাৰিত মধ্য দিল্লীৰ গ’লে বজাৰত প্ৰাক্তন কংগ্ৰেছী নেতা মাতং সিঙৰ ১০০ কোটিটকীয়া সম্পত্তি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে বাজেয়াপ্ত কৰিছিল। এই বছৰৰ ২৯ জানুৱাৰিত সিঙক কেল্কাতা উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল।

সোণাপুৰৰ দুখন ৰিচ’ৰ্ট, দুখন অসমীয়া বাতৰি কাকত আৰু মালিগাঁৱৰ এখন হস্পিটেলকে ধৰি অসমত বহু প্ৰকল্পত সেনে বিনিয়োগ কৰিছিল বুলি তদন্তত ফাদিল হৈছিল।

গুৱাহাটীত সেনে Seven Sisters Post আৰু সকালবেলা (বাংলা) নামৰ দুখন বাতৰি কাকত আৰম্ভ কৰিছিল। ২০১৩ চনৰ এপ্ৰিলত তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগে কাকত দুখনো বন্ধ হৈ যায়। জমাকাৰী, এজেণ্ট আৰু কৰ্মচাৰীৰ প্ৰতিবাদত ২০১৩ চনৰ ২২ এপ্ৰিলত অসম আৰক্ষীয়ে সাৰদাৰ ৫টা কাৰ্য্যালয় চীল কৰি দিছিল।

পশ্চিম বংগত ঠগ খোৱা জমাকাৰীৰ এজাহাৰৰ ভিত্তিত তদন্ত হোৱাৰ বিপৰীতে ব্যাপক প্ৰতিবাদৰ মাজত অসম চৰকাৰে নিজাববীয়াকৈ সাৰদা আৰু আন ১২৭টা কোম্পানিৰ বিৰুদ্ধে ২২২ গোচৰ ৰুজু কৰিছিল। ২০১৩ চনৰ ৬ মে’ত অসম চৰকাৰে তদন্তৰ ভাৰ চি বি আইক গতাই দিয়ে।

কেলেংকাৰিটো ফাদিল হোৱাৰ প্ৰায় ৫ বছৰ পিছত যিহেতু সেনক অসমলৈ অনা হৈছে, গতিকে গোচৰৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জৰিত থকা অসমৰ বহু লোকক এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে সোধা-পোচাৰ বাবে মতাৰ সম্ভাৱনা আছে।

চিট ফান্দ ব্যৱসায় আৰু অসমত সেনৰ বিনিয়োগৰ লগত প্ৰত্যক্ষভাৱে জৰিত এডজনতকৈও অধিক লোকক জেৰা কৰি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে সুদীপ্ত সেন আৰু দেবযানী মুখাৰ্জীৰ ভাষ্যৰ সাক্ষ্য সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে।

অসমত এই জেৰা আৰু সাক্ষ্য সংগ্ৰহত কেবা মাহো লগাৰ সম্ভাৱনা আছে আৰু ই লাহে লাহে পেন্দ’ৰাৰ বাকচ খোলা আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজনৈতিক নাটকখন গৰম কৰি তোলাৰ সম্ভাৱনা আছে।

তাৰোপৰি সুদীপ্ত সেনে বিনিয়োগ কৰা সম্পত্তিসমূহ বাজেয়াপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd