DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বদেশ দর্শন আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 2, 2018 9:55 pm
তিনিচুকীয়াৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত স্বদেশ দৰ্শন আঁচনিৰ আধাৰ শিলা স্থাপন অনুষ্ঠান ভাষণ দিয়াৰ মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফটো: ইউ বি ফটোছ

তিনিচুকীয়াৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত স্বদেশ দৰ্শন আঁচনিৰ আধাৰ শিলা স্থাপন অনুষ্ঠান ভাষণ দিয়াৰ মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফটো: ইউ বি ফটোছ

174
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে উজনি অসমৰ তিনিচুকীয়া জিলাৰ গটঙত ৰাইজক আকৰ্ষণ কৰাৰ লগতে উপযুক্ত পৰ্যটন স্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এটা সংহত ৰূপত বিষয় ভিত্তিক পৰ্যটন কেন্দ্ৰৰ বিকাশৰ উদ্দেশ্যেৰে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত স্বদেশ দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখ কৰিব পাৰি যে ভাৰত চৰকাৰে ঘৰুৱা আৰু বিদেশী দুয়োধৰণৰ পৰ্যটককে আকৰ্ষণ কৰাৰ বাবে বিশেষ বিষয়বস্তুক কেন্দ্ৰ কৰি একোটা পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। স্বেদশ দৰ্শন আঁচনিৰ অধীনত তেৰটা বিষয়বস্তুভিত্তিক কেন্দ্ৰ গঢ়ি তোলাৰ বাবে চিনাক্ত কৰা হৈছিল। সেই কেইটা হৈছে উত্তৰ-পূব ভাৰত কেন্দ্ৰ, বুদ্ধ ধৰ্মসম্বন্ধীয় কেন্দ্ৰ, হিমালয় কেন্দ্ৰিক কেন্দ্ৰ, উপসাগৰীয় কেন্দ্ৰ, কৃষ্ণ চৰ্চা ভিত্তিক  কেন্দ্ৰ, মৰুভূমিকেন্দ্ৰিক কেন্দ্ৰ, জনজাতীয় কেন্দ্ৰ, প্ৰাকৃতিক কেন্দ্ৰ, বন্যপ্ৰাণী ভিত্তিক কেন্দ্ৰ, গ্ৰাম্য কেন্দ্ৰ, আধ্যাত্মিক কেন্দ্ৰ, ৰামায়ন কেন্দ্ৰ আৰু ঐতিহ্য কেন্দ্ৰ।

মুখ্যমন্ত্ৰী সোণোৱালে আজি আধাৰশিলা স্থাপন কৰা কেন্দ্ৰটো হৈছে মানাহ-পবিতৰা-নামেৰী-কাজিৰঙা-পানী দিহিং-ডিব্ৰু ছৈখোৱা বন্যপ্ৰাণী কেন্দ্ৰ। ১৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই কেন্দ্ৰটোত গঢ়ি  উঠিব পৰ্যটক তথ্য কেন্দ্ৰ, নিৰীক্ষণ স্তম্ভ,  কাফেটেৰিয়া, সংযোগী পথ, হস্তশিল্প প্ৰদৰ্শনী কেন্দ্ৰ, বিনোদন মঞ্চ,সুৰক্ষা দেৱাল ইত্যাদি।

অনুষ্ঠানত ভাষণ ৰাখি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰকল্পটোৰ স্থানীয় পৰম্পৰা, সংস্কৃতি আৰু ৰীতি- নীতি সংৰক্ষণৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই নিবলৈ সক্ষম এই পৰ্যটন কেন্দ্ৰই স্থানীয়ভাৱে সংস্থাপনৰ সুবিধাও আগবঢ়াৱ। সোণোৱালে লগতে চাবুৱাৰ জনসাধাৰণক প্ৰকল্পটো তেওঁলোকৰ নিজৰ হিচাপে গণ্য কৰিবলৈ আহ্বান জনাই প্ৰকল্পটোৰ সফল ৰূপায়নৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা পৰ্যটন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভাষণ দি প্ৰকল্পটোক পৰ্যটক আকৰ্ষণৰ এক বিশাল ক্ষেত্ৰ বুলি অভিহিত কৰে।

 

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd