• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱস বৰ্জনৰ ঘোষণা কোচ ৰাজবংশী জাতীয় সংগঠনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 8, 2018 10:12 pm

2 min read

koch rajbangshi
88
VIEWS
Share on FacebookShare on Twitter

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত গোৱালপাৰাৰ চৌতাৰাত ৰে’লপথ অৱৰোধ কৰা ৰাইজৰ ওপৰত যোৱা ৬ আগষ্টত লাঠী, গুলী চলাই আৰক্ষীয়ে কৰা আক্ৰমণৰ প্ৰতিবাদত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আসন্ন স্বাধীনতা দিৱস বৰ্জন কৰাৰ লগতে গোৱালপাৰাৰ আৰক্ষী বিষয়া কমল গুপ্তাৰ তৎকালীন নিলম্বন আৰু শাস্তি দাবী কৰিছে।

জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পালন নকৰা চৰকাৰে শান্তিপূৰ্ণ আন্দোলনৰ ওপৰত গুলী চলাই ৰাজ্যৰ পৰিৱেশ অশান্ত কৰি তুলিব খুজিছে বুলিও সন্মিলনী আৰু সহযোগী সংগঠন আক্ৰাছুৱে আজি ৮ আগষ্টত গোসাইগাঁৱৰ দলগাওঁস্থিত চিলাৰায় ভৱনত সংবাদমেলত অভিযোগ উত্থাপন কৰে।

‘ৰে’ল অৱৰোধ কাৰ্য্যসূচী অতি সুকলমে সম্পন্ন হৈ আছিল৷ আৰক্ষীৰ বাৰম্বাৰ হেঁচা আৰু ৰে’ল যাত্ৰীসকলৰ কষ্টৰ প্ৰতি লক্ষ্য কৰি প্ৰায় ১১ বজাত কাৰ্য্যসূচী সমাপ্ত কৰা হৈছিল আৰু প্ৰতিবাদী ৰাইজক ৰে’ল লাইনৰ পৰা আঁতৰি যোৱাৰ আহ্বানো কৰা হৈছিল৷ কিন্তু তেনে সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত অতৰ্কিতে লাঠি চালনা কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে,’ অভিযোগ সংগঠনটোৰ৷

দণ্ডাধীশৰ অনুমতি নোহোৱাকৈয়ে আৰক্ষী বিষয়া কমল গুপ্তাই লাঠী, গুলী চলোৱাৰ নিৰ্দেশ দিছিল বুলিও সংগঠনকেইটাই অভিযোগ কৰিছে। ‘কোনো ধৰণৰ আগজাননী নিদিয়াকৈ তথা উপস্থিত কোনো এগৰাকী দণ্ডাধীশৰ আদেশ নোহোৱাকৈ প্ৰৰোচনামূলকভাৱে লাঠি চালনা, কন্দুৱা গেছ, গুলী চালনাৰে সন্ত্ৰাস সৃষ্টি কৰিছিল আৰক্ষীয়ে,’ অভিযোগ সংগঠনকেইটাৰ।

চৌতাৰাত যুদ্ধসদৃশ পৰিৱেশ সৃষ্টিত স্বয়ং আৰক্ষী বিষয়া গুপ্তাই ‘ইন্ধন যোগাইছিল’ বুলি দাবী কৰি সংগঠনকেইটাই কয় যে আৰক্ষী বিষয়াজনৰ স্বৈৰাচাৰিতা আৰু দমন নীতিৰ ফলতে বহু নিৰীহ লোক চিৰদিনৰ বাবে ঘূনীয়া হ’ব লগীয়া হ’ল৷

আৰক্ষী বিষয়াজনৰ তৎকালীন নিলম্বনৰ লগতে আৰক্ষীয়ে ‘মিছা অভিযোগত’ আটক কৰি ৰখা ১৪ জন নিৰপৰাধী প্ৰতিবাদকাৰীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ বাবেও তেওঁলোকে দাবী জনাইছে৷ ‘অন্যথা কোচ ৰাজবংশী জনগোষ্ঠী হাত সাবটি বহি নাথাকে আৰু ইয়াৰ বাবে চৰকাৰেই জগৰীয়া হ’ব,’ হুংকাৰ জনগোষ্ঠীয় সংগঠনকেইটাৰ।

চৌতালাৰ ঘটনা ‘অতি দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰৰ পৰিপন্থী’ বুলি আখ্যা দি উক্ত ঘটনাৰ দণ্ডাদীশ পৰ্য্যায়ৰ তদন্তৰো দাবী জনাইছে সন্মিলনীয়ে৷

মুখ্য মন্ত্ৰী, গৃহ সচিব, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু মহকুমাধিপতিক ইতিমধ্যে এই সম্পৰ্কে স্মাৰক পত্ৰ যোগে অৱগত কৰা হৈছে বুলিও জনাই কোচ ৰাজবংশী নেতাকেইজনে।

আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়, কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰঞ্জিত কুমাৰ ৰায়ৰ লগতে আন কেইবাজনো নেতা-কৰ্মী সংবাদমেলত উপস্থিত আছিল৷

কোচ ৰাজবংশীসকলৰ জনজাতিকৰন, পৃথক কমতাপুৰ ৰাজ্য গঠন, অসম বিধান সভা সমষ্টিৰ ৮০ শতাংশ আসন থলুৱাৰ বাবে সংৰক্ষণ, অসমত ইনাৰ লাইন পাৰ্মিটৰ প্ৰৱৰ্তন কৰা আদি দাবীত যোৱা ৬ আগষ্টত ৰে’ল অৱৰোধ কৰিছিল কোচ ৰাজবংশী সন্মিলনী, মহিলা সন্মিলনী, যুৱ ছাত্ৰ সন্মিলনী আৰু আক্ৰাছুৱে।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd