DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

স্বামীৰ সৈতে প্ৰথম সাক্ষাতৰ স্বপ্ন পৰিণত হ’ল কৰুণ মৃত্যুত

এন ই নাও নিউজ ব্যুৰো, ত্ৰিপুৰা : by এন ই নাও নিউজ ব্যুৰো, ত্ৰিপুৰা :
November 21, 2017 12:31 pm
স্বামীৰ সৈতে প্ৰথম সাক্ষাতৰ স্বপ্ন পৰিণত হ’ল কৰুণ মৃত্যুত
81
VIEWS
Share on FacebookShare on Twitter

ভাৰতত থকা স্বামীক লগ কৰিবলৈ অবৈধভাৱে সীমা পাৰ হৈ অহা এগৰাকী বাংলাদেশী মহিলাক স্বামীৰ পৰিয়ালে হত্যা কৰাৰ খবৰ পোৱা গৈছে। ঘটনাৰ সূত্ৰমতে এগৰাকী বাংলাদেশী মহিলাৰ ত্ৰিপুৰাৰ এজন যুৱকৰ সৈতে ছ’চিয়েল মিডিয়াৰ যোগে চিনাকি হোৱাৰ পিছত ক্ৰমে গঢ় লৈ উঠা প্ৰেমৰ সম্পৰ্কক দুয়ো টেলিফোনতে বৈবাহিক ৰূপ দিয়ে। তেওঁলোকৰ সম্পৰ্ক প্ৰায় পাঁচ বছৰ পুৰণি আছিল যদিও ইজনে সিজনক কেতিয়াও লগ পোৱা নাছিল বা স্বচক্ষে দেখা নাছিল। কিন্তু অলপতে ডুবাইত কৰ্মৰত ত্ৰিপুৰাৰ নজমুল হাচান ঘৰত আহি আছে বুলি জানিব পাৰি বাংলাদেশৰ চকবজাৰৰ চুমিয়ে নিজকে ধৰি ৰাখিব নোৱাৰিলে আৰু নজমুলক প্ৰথমবাৰৰ বাবে সোঁশৰীৰে লগ পোৱাৰ হেঁপাহেৰে সীমান্তৰ সিপাৰে মাত্ৰ কেইকিলোমিটাৰমান দূৰত থকা নজমুলৰ ঘৰলৈ বুলি মৰসাহ কৰি ৰাওনা হয়। কোনো বৈধ কাগজপত্ৰ তথা অনুমতি অবিহনেই চুমিয়ে সীমান্ত পাৰ হৈ নজমুলৰ ঘৰত উপস্থিত হয়। কিন্তু স্বামীৰে প্ৰথম সাক্ষাতৰ চুমিৰ এই স্বপ্ন পৰিণত হয় মৃত্যুৰ কৰুণতাত। যোৱা শনিবাৰে আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ জিৰ’ পইণ্টত এগৰাকী মহিলা সংকটজনকভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে, যাক পিছত চুমি আখটাৰ (২৯) বুলি চিনাক্ত কৰা হয়। অভিযোগমতে নজমুলৰ পিতৃ আৰু ভাতৃয়ে চুমিৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰাৰ পাছত সংকটজনক অৱস্থাত তেওঁক বাংলাদেশৰ সীমান্তৰ সিপাৰে পেলাই দিয়ে, যাতে ভাৰতীয় আইনৰ আওতাত ঘটনাটো বিচাৰ চলাব পৰা নাযায়। আৰক্ষীয়ে চুমিক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও তাত তেওঁৰ মৃত্যু হয়। দেওবাৰে আবেলি বিএছএফ আৰু বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডৰ মাজত এক ফ্লেগ মিটিং হয় আৰু চুমিৰ মৃতদেহ প’ষ্টমৰ্টেৰ পিছত বাংলাদেশৰ হাতত গতাই দিয়া হয়। আৰক্ষীয়ে চুমিৰ অস্বাভাৱিক মৃত্যুৰ এটা গোচৰ ৰজু কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই। কাৰণ চুমিৰ শহুৰেকৰ পৰিয়ালৰ লোকসকলে এতিয়া আত্মগোপন কৰি আছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd