• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বসাধাৰণক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সজাগ কৰাটোও ন্যায় ব্যৱস্থাৰ দায়িত্ব : ন্যায়াধীশ ৰঞ্জন গগৈ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 17, 2017 9:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আইনী সেৱা আগ বঢ়োৱা প্ৰতিষ্ঠানবোৰৰ বিষয়ে আৰু বিনামূলীয়া আইনী সেৱা থকাৰ কথাটো ন্যায় ব্যৱস্থাটোৱে সৰ্বসাধাৰণ লোকক জানিবলৈ সুযোগ দিব লাগিব।’ ডিব্ৰুগড়ত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈয়ে এইদৰে কয়। ‘‘সকলোৰে বাবে ন্যায়’ এয়ে হ’ল আমাৰ মূলমন্ত্ৰ। আমি ইয়াৰ বাবে বদ্ধপৰিকৰ আৰু ইয়াৰ বাবে সম্ভাব্য সকলো পদক্ষেপ লৈছো। এইটো দেখা যায় যে সাধাৰণ লোকসকল তেওঁলোকৰ অধিকাৰ সম্পৰ্কত অৱগত নহয় বা ন্যায় প্ৰদান ব্যৱস্থাটোৰ সৈতে সম্পৰ্ক নাথাকে। গতিকে তেওঁলোকক আইনী সেৱা প্ৰদান কৰা অনুষ্ঠানবোৰ আৰু বিনামূলীয়াকৈ পাব পৰা আইনী সেৱাৰ বিষয়ে সজাগ কৰাটোও ন্যায় ব্যৱস্থাটোৰ এটা দায়িত্ব।’’ এইদৰে কয় ন্যায়াধীশজনে।

উল্লেখযোগ্য যে ডিব্ৰুগড়ত ডিব্ৰুগড়ৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰাংগণত ৰাজ্যৰ প্ৰথমটো আইনী সাক্ষৰতা সংঘৰ শুভাৰম্ভ অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকোতে এইদৰে মন্তব্য কৰে। এই আইনী সাক্ষৰতা সংঘটোৱে ছাত্ৰ-ছাত্ৰীসকলক আইনী অধিকাৰ, মৌলিক অধিকাৰ আৰু কৰ্তব্য আৰু আইনী সেৱা প্ৰতিষ্ঠানবোৰৰ জৰিয়তে পাব পৰা বিনামূলীয়া আইনী সাহায্যৰ বিষয়ে সাক্ষৰ কৰি তোলাৰ লক্ষ্য লৈছে। আমাক জানিবলৈ দিয়া মতে অনাগত দিনত ডিব্ৰুগড়ৰ আন ১৯ খন বিদ্যালয়তো এই আইনী সাক্ষৰতা সংঘৰ কাৰ্য্যসূচী খোলা হ’ব।

Apply Now

উদ্বোধনী অনুষ্ঠানটোত ভাগ লোৱাৰ পিছত ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে সমাজৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীটোক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সজাগ কৰিবলৈ আইনী কৰ্তৃপক্ষবোৰে একেবাৰে তৃণমূল পৰ্য্যায়লৈকে এইবোৰক লৈ যাব লাগিব। প্ৰতিজন লোকেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰধান আঁচনিবোৰৰ পৰা উপকৃত হ’ব লাগিব। এই ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰখা তথা প্ৰয়োজনীয় সমন্বয় ৰক্ষা কৰাটো আইনী সেৱা আগ বঢ়োৱা কৰ্তৃপক্ষবোৰৰ দায়িত্ব। কেৱল আইনী সেৱা আগ বঢ়োৱাটোৱে আইনী সেৱা প্ৰতিষ্ঠানবোৰৰ দায়িত্ব নহয়। তেওঁলোকৰ দায়িত্ব ইয়াতকৈ বহু বেছি। তেওঁলোকে মানুহৰ মাজত অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ দায়িত্বও ল’ব লাগিব। তেওঁ কয়।

উল্লেখযোগ্য যে যোৱা শনিবাৰেও ন্যায়াধীশজনে মুকালবাৰী চাহ বাগিচাত এটা আইনী সজাগতা শিবিৰ উদ্বোধন কৰিছিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd