DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্বসাধাৰণক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সজাগ কৰাটোও ন্যায় ব্যৱস্থাৰ দায়িত্ব : ন্যায়াধীশ ৰঞ্জন গগৈ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 17, 2017 9:19 pm
সৰ্বসাধাৰণক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সজাগ কৰাটোও ন্যায় ব্যৱস্থাৰ দায়িত্ব : ন্যায়াধীশ ৰঞ্জন গগৈ
94
VIEWS
Share on FacebookShare on Twitter

‘আইনী সেৱা আগ বঢ়োৱা প্ৰতিষ্ঠানবোৰৰ বিষয়ে আৰু বিনামূলীয়া আইনী সেৱা থকাৰ কথাটো ন্যায় ব্যৱস্থাটোৱে সৰ্বসাধাৰণ লোকক জানিবলৈ সুযোগ দিব লাগিব।’ ডিব্ৰুগড়ত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈয়ে এইদৰে কয়। ‘‘সকলোৰে বাবে ন্যায়’ এয়ে হ’ল আমাৰ মূলমন্ত্ৰ। আমি ইয়াৰ বাবে বদ্ধপৰিকৰ আৰু ইয়াৰ বাবে সম্ভাব্য সকলো পদক্ষেপ লৈছো। এইটো দেখা যায় যে সাধাৰণ লোকসকল তেওঁলোকৰ অধিকাৰ সম্পৰ্কত অৱগত নহয় বা ন্যায় প্ৰদান ব্যৱস্থাটোৰ সৈতে সম্পৰ্ক নাথাকে। গতিকে তেওঁলোকক আইনী সেৱা প্ৰদান কৰা অনুষ্ঠানবোৰ আৰু বিনামূলীয়াকৈ পাব পৰা আইনী সেৱাৰ বিষয়ে সজাগ কৰাটোও ন্যায় ব্যৱস্থাটোৰ এটা দায়িত্ব।’’ এইদৰে কয় ন্যায়াধীশজনে।

উল্লেখযোগ্য যে ডিব্ৰুগড়ত ডিব্ৰুগড়ৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰাংগণত ৰাজ্যৰ প্ৰথমটো আইনী সাক্ষৰতা সংঘৰ শুভাৰম্ভ অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকোতে এইদৰে মন্তব্য কৰে। এই আইনী সাক্ষৰতা সংঘটোৱে ছাত্ৰ-ছাত্ৰীসকলক আইনী অধিকাৰ, মৌলিক অধিকাৰ আৰু কৰ্তব্য আৰু আইনী সেৱা প্ৰতিষ্ঠানবোৰৰ জৰিয়তে পাব পৰা বিনামূলীয়া আইনী সাহায্যৰ বিষয়ে সাক্ষৰ কৰি তোলাৰ লক্ষ্য লৈছে। আমাক জানিবলৈ দিয়া মতে অনাগত দিনত ডিব্ৰুগড়ৰ আন ১৯ খন বিদ্যালয়তো এই আইনী সাক্ষৰতা সংঘৰ কাৰ্য্যসূচী খোলা হ’ব।

উদ্বোধনী অনুষ্ঠানটোত ভাগ লোৱাৰ পিছত ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে সমাজৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীটোক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সজাগ কৰিবলৈ আইনী কৰ্তৃপক্ষবোৰে একেবাৰে তৃণমূল পৰ্য্যায়লৈকে এইবোৰক লৈ যাব লাগিব। প্ৰতিজন লোকেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰধান আঁচনিবোৰৰ পৰা উপকৃত হ’ব লাগিব। এই ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰখা তথা প্ৰয়োজনীয় সমন্বয় ৰক্ষা কৰাটো আইনী সেৱা আগ বঢ়োৱা কৰ্তৃপক্ষবোৰৰ দায়িত্ব। কেৱল আইনী সেৱা আগ বঢ়োৱাটোৱে আইনী সেৱা প্ৰতিষ্ঠানবোৰৰ দায়িত্ব নহয়। তেওঁলোকৰ দায়িত্ব ইয়াতকৈ বহু বেছি। তেওঁলোকে মানুহৰ মাজত অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ দায়িত্বও ল’ব লাগিব। তেওঁ কয়।

উল্লেখযোগ্য যে যোৱা শনিবাৰেও ন্যায়াধীশজনে মুকালবাৰী চাহ বাগিচাত এটা আইনী সজাগতা শিবিৰ উদ্বোধন কৰিছিল।

Recent News

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Lovlina Borgohain Shiva Thapa

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd