• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হত্যা-হিংসা তথা বিদ্বেষৰ বিৰুদ্ধে আজি গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত সংগীত-চিত্ৰৰ সমাহাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2018 10:56 pm
128
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চৌদিশে ক্ৰমান্বয়ে বৃদ্ধি হৈ অহা হত্যা-হিংসা তথা বিদ্বেষৰ বিৰুদ্ধে আজি গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত একেলগে থিয় দিলে শিল্পী সমাজে।

কোনোৱে যদি সংগীতৰ মাধ্যমেৰে সমাজলৈ শান্তি ঘুৰি অহাৰ কামনা কৰিলে আন কোনোৱে আকৌ কেনভাচত তুলিকাৰ আঁচোৰেৰে শান্তিৰ কপৌ চৰাইহাল উৰুওৱাৰ প্ৰয়াস কৰিলে।

অনুষ্ঠানৰ আৰম্ভণিতে কাৰ্বি আংলঙত দুস্কৃতিকাৰীৰ বৰ্বৰতাৰ বলি হোৱা নিলোৎপল-অভিজিৎৰ আত্মাৰ সদগতি কামনাৰ অৰ্থে মৌন প্ৰাৰ্থনা কৰাৰ লগতে উপস্থিত সকলো শিল্পীয়ে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা তথা গোষ্ঠী বিদ্বেষ প্ৰতিহত কৰাৰ বাবে ৰাইজক সতৰ্ক কৰাৰ লগতে শান্তি সমৃদ্ধি ঘূৰাই আনিবৰ বাবে আহ্বান জনায়।

উক্ত অনুষ্ঠানৰ আঁতধৰা কন্ঠশিল্পী, গীতিকাৰ তথা লেখক লোকনাথ গোস্বামীয়ে ভাষণ প্ৰদান কৰি কয় যে দুৰ্ভাগ্যজনকভাৱে অন্ধবিশ্বাসৰ বলি হৈ দুৰ্বৃত্তৰ হাতত নৃশংসভাৱে দুজন চফল ডেকাই প্ৰাণ হেৰুৱাবলগীয়া হোৱাত সমগ্ৰ দেশৰ জনসাধাৰণৰ মন মগজু জোকাৰি গৈছে।

তেওঁ আৰু কয়, ‘অসমক অবাঞ্চিতভাৱে কিছুদিনৰ পৰা বহু ঘটনাই ভাৰাক্ৰান্ত কৰি ৰাখিছে। শিল্পীসকলৰ সমাজৰ প্ৰতি দায়িত্ববোধ সদায় আছে, সেই দায়িত্ববোধ পালন কৰিয়েই আজিৰ এই ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।’

কাৰ্বি আংলঙৰ ঘটনাক কিছুসংখ্যকে এটা বিশেষ জনগোষ্ঠীয়ে সংঘটিত কৰি থকা বুলি ছ’চিয়েল মেডিয়াত প্ৰচাৰ চলাই থকা কাৰ্য্যৰ বিৰোধিতা কৰি কৰি তেওঁ কয় ‘কোনো কাৰ্বি, বড়ো অথবা অন্য জাতিয়ে এই ঘটনাটো সংঘটিত কৰা নাই, কিছুসংখ্যক নৰ পিশাচ, দুবৃত্তই এই ঘটনাটো সংঘটিত কৰিছে।’

উক্ত অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট কন্ঠশিল্পী সমৰ হাজৰিকাই সকলোৰে মাজত শান্তি সম্প্ৰীতি পুনৰ ঘুৰি অহাৰ কামনা কৰাৰ লগতে গীত আৰু কথাৰ মাজেৰে পৰিবেশটো জীপাল কৰি তোলে।

তদুপৰি চিত্ৰশিল্পী পুলক গগৈ, ৰবিৰাম ব্ৰহ্ময়ো কেনভাছত তুলিকাৰে অৰ্থপূৰ্ণ চিত্ৰ অংকন কৰে। তেওঁলোকৰ লগত সহযোগ কৰে চিত্ৰশিল্পী চম্পক বৰবৰা আৰু অন্য বহুকেইগৰাকী চিত্ৰশিল্পীয়ে।

আজিৰ এই অনুষ্ঠানত সমৰ হাজৰিকা, লোকনাথ গোস্বামী, ৰবিৰাম ব্ৰহ্ম, সঞ্জয় কুমাৰ তাঁতী, কিশোৰ কুমাৰ কলিতা, ৰুণু দেৱী, পুলক গগৈ, জে পি দাস, মনিষা হাজৰিকা, কুল বৰুৱা, চম্পক বৰবৰাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী লোক উপস্থিত আছিল।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd