• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাঁহিবলৈ সাজু হওক : ছবিগৃহত ১৮ মে’ত আহি আছে হাস্য-ব্যংগ ছবি তাণ্ডব অব পাণ্ডব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 12, 2018 9:58 pm
New Assamese Film
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চলচ্চিত্ৰ জগতৰ কেইগৰাকীমান জনপ্ৰিয় কৌতুক অভিনেতাৰ অভিনয়ৰে ৰাইজক হঁহুৱাবৰ বাবে অহা ১৮ মে’ত ছবিগৃহলৈ আহি আছে ‘তাণ্ডব অব পাণ্ডব’। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ তেজপুৰ, ডিব্ৰুগড়, যোৰহাটৰ লগতে মহাবিদ্যালয়সমূহতো চলচ্চিত্ৰখনৰ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে চিনেমাখনৰ সৈতে জড়িত কলা-কুশলীসকল।

মহাভাৰতৰ পঞ্চপাণ্ডবৰ দৰে এই চলচ্চিত্ৰখনতো আপোনালোকে দেখা পাব পঞ্চ পাণ্ডবক। কিন্তু মহাভাৰতৰ পঞ্চপাণ্ডবৰ চৰিত্ৰৰ সৈতে এইকেইজন পঞ্চপাণ্ডবৰ চৰিত্ৰৰ মিল আছে নে নাই তাক জানিবলৈ আপোনালোক অহা ১৮ মে’লৈকে অপেক্ষা কৰিব লাগিব।

Apply Now

চলচ্চিত্ৰখনৰ প্ৰচাৰৰ উদ্দেশ্যে ছবিখনৰ অভিনেতা, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকে গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদ মেল সম্বোধন কৰে।

আৰিয়ান এন্টাৰটেইনমেন্টৰ নিবেদিত জনপ্ৰিয় গল্পকাৰ বৈদুয্য বৰুৱাৰ ৰচনা আৰু চিত্ৰ নাট্যৰে তথা অংকিতা চৌধুৰীয়ে প্ৰযোজনা কৰা চলচিত্ৰখন পৰিচালনা কৰিছে প্ৰিয়ম নিৰ্মলে।

চিনেমাখনৰ বিভিন্ন চৰিত্ৰত জ্যেষ্ঠ অভিনেতা জয়ন্ত দাস, জয়ন্ত ভাগবতী, হিৰণ্য ডেকা, বৰষাৰাণী বিষয়া, বিকিকে ধৰি অন্য বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে।

অহিৰ ভৈৰবে সংগীত পৰিচালনা কৰা এই চলচ্চিত্ৰখনৰ গীতসমূহত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ, বংগৰ নচিকেতা, সুবাসনা দত্ত আৰু নীল আকাশে। তদুপৰি ড০ অমৰ জ্যোতি চৌধুৰীৰ কন্ঠৰ এটা কবিতা আবৃত্তি এই চিনেমাখনৰ মুখ্য আকৰ্ষণ হ’ব।

সংবাদ মেলত উপস্থিত থাকি চলচ্চিত্ৰখনৰ চিত্ৰ নাট্যকাৰ বৈদ্যুয্য বৰুৱাই চিনেমাখনৰ নামটোৰ আঁৰৰ কাহিনী সন্দৰ্ভত কয় যে তেওঁ পৰিচালক প্ৰিয়ম নিৰ্মলক কেইটামান নিৰ্বাচিত নাম দিছিল আৰু তাৰ পৰা পৰিচালকজনে এই নামটো নিৰ্বাচন কৰিলে।

তেওঁ আৰু কয় ‘বিস্ময় আলোচনীত চেন্টু দা চৰিত্ৰৰ যোগেদি এসময়ত প্ৰভুত্ব বিস্তাৰ কৰিছিল অপু চিৰিজে। হাস্যমধুৰ এই কাহিনীসমূহৰ দৰেই এই চলচ্চিত্ৰখনৰ কাহিনীটো সম্পূৰ্ণ হাস্যৰস পোৱা যাব।’

আনহাতে ছবিখৰ অভিনেতা জয়ন্ত দাসে চিনেমাখন সন্দৰ্ভত কয় যে চিনেমাখন যদিও হাস্য-ব্যংগ তথাপিও এই চিনেমাখনৰ প্ৰত্যেক ঘটনাৰ জৰিয়তে এটা বাৰ্তা প্ৰেৰণ কৰিব খোজা হৈছে। লগতে তেওঁ কয় যে সময় পৰিবৰ্তন হোৱাৰ লগে লগে মানুহে হাঁহিবলৈ পাহৰি গৈছে সেয়েহে হাস্য-ব্যংগৰ মাধ্যমেৰে হাঁহিবলৈ পাহৰি যোৱা মানুহখিনিক এটা বাৰ্তা দিব বিচৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd