• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বাংলাদেশীৰ সপক্ষে কংগ্ৰেছৰ গগৈৰ কেবিনেটে লৈছিল সিদ্ধান্ত : পাটোৱাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 10:26 am
11-05-18 Guwahati- Chandra Mohan Patowary press conference (1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত এক সংবাদমেলত তদানীন্তন কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা ধৰ্মীয় বৈষম্যৰ বলি হৈ বাংলাদেশৰ পৰা পলায়ন কৰা লোকসকলক অসমত আশ্ৰয় দানৰ বাবে গগৈ কেবিনেটে গ্ৰহণ  কৰা সিদ্ধান্তৰ প্ৰতিলিপি ৰাজহুৱা কৰে। তেওঁ লগতে সেই কংগ্ৰেছেই এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাত আশ্চৰ্য প্ৰকাশ কৰে।

মন্ত্ৰী পাটোৱাৰীয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানক লৈ কংগ্ৰেছৰ স্থিতি দুমুখীয়া নহয়, তিনিমুখীয়া হৈ পৰিছে। বৰাক উপত্যকাত সুকীয়া, ব্ৰহ্মপুত্ৰ উপত্যকাত সুকীয়া আৰু চৰকাৰ হিচাপে সুকীয়া স্থিতি লোৱা তিনিমুখীয়া কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে তৰুণ গগৈৰ শাসনকালত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ কাৰ্য বিৱৰণীত স্পষ্টভাৱে উল্লেখ আছে যে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তদানীত্বন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ২০১২ চনৰ ২০ এপ্ৰিলত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল।

Apply Now

উক্ত স্মাৰকপত্ৰত গগৈ চৰকাৰে উল্লেখ কৰিছিল যে ভাৰত বিভাজনৰ সময়ত থাকি যোৱা যিসকল লোকে ধৰ্মীয় উৎপীড়ন, আতিশয্য আৰু বৈষম্যৰ বলি হৈ সেই দেশখন এৰিব বিচাৰিছে তেনে লোকসকলক মানৱীয়তাৰ দৃষ্টিভংগীৰে চাব লাগে। বৰ্তমানৰ আইন ব্যৱস্থাৰ অধীনত তেনে ব্যক্তি এগৰাকী বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হোৱাৰ উপৰি বহিষ্কাৰ আৰু দেশাস্তৰিত হোৱাৰ নিয়ম আছে।

কেবিনেটৰ কাৰ্যবিৱৰণীত এই বুলিও উল্লেখ কৰা হৈছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ ২০১৪ চনৰ ১২ মে’ত এখন পত্ৰ প্ৰেৰণ কৰি দেশ বিভাজনৰ সময়ত বহিঃৰাষ্ট্ৰত ৰৈ যোৱা যিসকল লোকে ধৰ্মীয় কাৰণত বৈষম্যৰ বলি হৈ ভাৰতত আশ্ৰয় ল’ব বিচাৰিছে, তেনে লোকসকলক আশ্ৰয় দানৰ বাবে এক নীতি যুগুত কৰিব লাগে।

তদানীন্তন গগৈ চৰকাৰৰ কাৰ্যকালত এনেদৰে হিন্দু বাংলাদেশীক ৰাজনৈতিক আশ্ৰয় অথবা নাগৰিকত্ব প্ৰদানৰ বাবে কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ প্ৰসংগত কংগ্ৰেছ দলক তীব্ৰ ককৰ্থনা কৰি জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে কংগ্ৰেছৰ তিনিমুখীয়া নীতি এই কেবিনেট নথিখনেই স্পষ্ট কৰি তুলিছে। নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

বৰ্তমান বিজেপি চৰকাৰখনে অন্ততঃ কংগ্ৰেছৰ দৰে কেবিনেট সিদ্ধান্ত লোৱা নাই বুলি মন্তব্য কৰি পাটোৱাৰীয়ে কয় যে কংগ্ৰেছে এতিয়া বিধেয়কখনক লৈ এনে এটা পৰিৱেশ গঢ়ি তুলিছে যেন দলটোৱে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচীও কংগ্ৰেছে লোৱা বুলিও পৰোক্ষভাৱে আঙুলিয়াই পাটোৱাৰীয়ে অভিযোগ তোলে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা কংগ্ৰেছই আই এম ডি টি আইন প্ৰৱৰ্তন কৰি পৰোক্ষভাৱে অসমলৈ বাংলাদেশী নাগৰিকত্ব অহাৰ বাবে প্ৰৰোচিত কৰিছিল। আই এম ডি টি আইন প্ৰৱৰ্তনৰ সময়ত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে কিয় অসমলৈ আহি অসমবাসীৰ শুনানি নল’লে বুলিও মন্ত্ৰী পাটোৱাৰীয়ে কংগ্ৰেছক উভতি ধৰে।

ইফালে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন  কৰি উত্তেজনাৰ সৃষ্টি কৰিব বিচৰা পক্ষসমূহে পুনৰ এন আৰ চিৰ কাম-কাজতো বাধা আৰোপ কৰিবলৈ ষড়যন্ত্ৰ ৰচা বুলি ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে অভিযোগ তোলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

July 11, 2026 9:03 pm

প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতাক লৈ চিপিআইৰ প্ৰশ্ন, ৰাম মন্দিৰ অনুদান কেলেংকাৰীক কেন্দ্ৰ কৰি ৰাজনৈতিক চাপ বৃদ্ধি

July 11, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd