DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে

সভাপতি চামম by সভাপতি চামম
January 26, 2018 8:34 pm
Manipur-tricolor
209
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ মুখ্য মন্ত্ৰী নংথমবাম বীৰেন সিঙে আজি দেশৰ ৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ অংশস্বৰূপে তেওঁ ইম্ফল বিমান বন্দৰত এই অভিলেখ উচ্চতাৰ পতাকা স্থাপন কৰাৰ লগতে উত্তোলনো কৰে। অনৱৰতে আলোকিত হৈ থাকিব লগীয়া এই ৰাষ্ট্ৰীয় পতাকা উচ্চতাৰ দিশত ভাৰতৰ অন্যান্য উচ্চতম ৰাষ্ট্ৰীয় পতাকাবোৰৰ মাজত স্থান পাইছে। উত্তৰ-পূবৰ ভিতৰত ইয়ে উচ্চতম ৰাষ্ট্ৰীয় পতাকা। সন্ত্ৰাসজৰ্জৰ, বিশেষকৈ ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি বিদ্ৰোহ প্ৰদৰ্শন কৰা বিভিন্ন সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ ক্ৰিয়াকলাপে ৰাজ্যখনক জৰ্জৰিত কৰি থকাৰ সময়তে দেশৰ ৰাষ্ট্ৰীয়তা তথা সাৰ্বভৌমত্বৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাৰ এনে আড়ম্বৰ তথা সন্মানীয় উত্তোলনে বিশেষ তাৎপৰ্য্য বহন কৰিছে। এই পতাকাখনৰ জোখ ৩০x২০ ফুট বুলি জানিব পৰা গৈছে। মুখ্য মন্ত্ৰীজনে উপস্থিতসকলৰ আগত একে জোখ আৰু উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা Civil Secretariat Complex তো স্থাপন কৰা হ’ব বুলি কয়।

আনহাতে আজি গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যবাসীলৈ দিয়া বাৰ্তাতো এন বীৰেন সিঙে মণিপুৰৰ শান্তি আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ সকলোকে আগ বাঢ়ি আহিবলৈ আহ্বান জনায়।

আজি মুখ্য মন্ত্ৰীজনে কংলা ভৱনত গণৰাজ্য দিৱসৰ প্ৰধান কাৰ্য্যসূচীতো ৰাজ্যখনৰ বিদ্ৰোহী সংগঠনবোৰক শান্তিৰ তথা মূল সুঁতিৰ সৈতে চামিল হ’বলৈ আহ্বান জনায়। উক্ত কাৰ্য্যসূচীটোত বীৰেন সিঙৰ লগতে ৰাজ্যখনৰ ৰাজ্যপাল, মন্ত্ৰী তথা বিধায়ক, আৰক্ষী বিষয়া আৰু অসামৰিক বিষয়াসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে ত্ৰিৰংগা উচ্চতাৰ দিশত সবাৰো আগত আছে ভাৰত-পাকিস্তানৰ সীমান্তৰ আটাৰি সীমান্তত থকা পতাকাখন। ইয়াৰ উচ্চতা ৩৬০ ফুট। ইয়াৰ পিছত আছে ক্ৰমে কোলহাপুৰ পতাকা (৩০৩ ফুট), ৰাঁচি (২৯৩ ফুট), হাইদৰাবাদ (২৯১ ফুট), ৰায়পুৰ (২৬৯ ফুট), ফৰিদাবাদ (২৫০), পুনে (২৩৭) ভূপাল (২৩৫ ফুট), নৱী মুম্বাই (২২২ ফুট), কটক (২১৫ ফুট), নতুন দিল্লী (২০৭ ফুট), লক্ষ্ণৌ (২০৭ ফুট) আৰু জয়পুৰ (২০৬ ফুট)।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd