• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১২ ডিচেম্বৰৰ পৰা ডিমা হাচাওত ২৪ ঘন্টীয়া ৰে’ল অৱৰোধ

NE NOW NEWS পংকজ কুমাৰ দেব
হাফলং , December 9, 2017 4:21 pm

2 min read

১২ ডিচেম্বৰৰ পৰা ডিমা হাচাওত ২৪ ঘন্টীয়া ৰে’ল অৱৰোধ
60
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰে’ল যাত্ৰীসকলে, বিশেষকৈ বৰাক উপত্যকালৈ সঘনে অহা যোৱা কৰা যাত্ৰীসকলে অহা সপ্তাহত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব কিয়নো অহা ১২ ডিচেম্বৰৰ পৰা ডিমা হাচাও জিলাত ২৪ ঘন্টীয়া ৰে’ল অৱৰোধ কাৰ্যসূচী পালন কৰা হ’ব।

ডিমা হাচাওৰ অন্তৰ্গত সংগঠনসমূহৰ সমন্বয় সমিতিয়ে ১২ ডিচেম্বৰৰ ৰাতিপুৱা ৫ বজাৰ পৰা ডিমা হাচাও জিলাৰ হাফলং আৰু মাইবঙত ২৪ ঘন্টীয়া ৰে’ল পথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে।

প্ৰস্তাৱিত নাগালিমত জিলাখনৰ অংশ অন্তৰ্ভুক্তি আৰু জিলাখনৰ ভিতৰৰ নগা বসতি প্ৰধান অঞ্চল সাঙুৰি উপগ্ৰহীয় পৰিষদ গঠন কৰাৰ প্ৰতিবাদত তেওঁলোকে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।

সমন্বয় সমিতিৰ সভাপতি কল্যাণ দৌলাগুপুৱে শুকুৰবাৰে জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীক সাক্ষাৎ কৰি এই প্ৰসংগত এখন পত্ৰ প্ৰদান কৰে।

উপায়ুক্ত দেবজিৎ হাজৰিকাই অৱৰোধৰ সময়ছোৱাত শান্তি বজাই ৰখাৰ আহ্বান জনায়। আনহাতে আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰস্তাৱিত ৰে’ল অৱৰোধ কাৰ্যসূচী সম্পৰ্কত আপত্তি দৰ্শাই সমন্বয় সমিতিৰ সদস্যসকলক ৰাজধানী এক্সপ্ৰেছেৰ দিল্লীলৈ গৈ তাত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পৰামৰ্শ দিয়ে।

সমন্বয় সমিতিৰ এটা প্ৰতিনিধি দলে যোৱা বুধবাৰে দিছপুৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু নাগালিমৰ বিষয়টো লৈ তেওঁৰ সৈতে আলোচনা কৰিছিল। প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীগৰাকীক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল।

বৃহত্তৰ নাগালিমৰ প্ৰসংগ লৈ জিলাখনত উত্তেজনা বিৰাজ কৰি আছে। আনকি এন এছ চি এনৰ সদস্যই জিলাখনৰ মাইবং মহকুমাৰ বংখাৰ, সোনাপুৰ,প্ৰছাডেমিক, খেপেৰ আদি সীমান্ত অঞ্চলত ঘুৰি ফুৰা দেখা গৈছে।

এন ই নাও ৰ আগত সমন্বয় সমিতিৰ সভাপতি কল্যাণ দৌলাগুপুই কয়,’’ আমি নাগালিমৰ বিৰোধিতা কৰা নাই কিন্তু একেসময়ে প্ৰস্তাৱিত নাগালিমত আমাৰ জিলাৰ এক ইঞ্চিও মাটি অন্তৰ্ভুক্ত হ’বলৈ নিদিও।‘’

ইয়াৰ মাজতে সমন্বয় সমিতিয়ে আহ্বান কৰা ২৪ ঘন্টীয়া ৰে’ল অৱৰোধ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd