DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৬০তম মৃত্যুবাৰ্ষিকী : ভাৰতৰ প্ৰথমগৰাকী ব্যৱসায়িক চাহ খেতিয়ক, চহিদ মণিৰাম দেৱানক স্মৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 9:34 am
Maniram-Deawns-death-anniversary-observed-in-Jorhat-at-the-initiative-of-Assam-Chamber-of-Commerce.-570x320

আসাম চেম্বাৰ্ছ অফ কমাৰ্ছৰ উদ্যোগত যোৰহাটত আয়োজিত মনিৰাম দেৱানৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠানৰ এটি মুহূৰ্ত

3.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট আৰু ওদালগুৰিতো প্ৰথমগৰাকী ভাৰতীয় ব্যৱসায়িক চাহ খেতিয়ক তথা অসমৰ এগৰাকী মহান মুক্তিযোদ্ধা মণিৰাম দেৱানক তেওঁৰ ১৬০ তম মৃত্যু বাৰ্ষিকীত স্মৰণ কৰা হয়।

যোৰহাটত আছাম চেম্বাৰ্ছ অব কমাৰ্চ (এচিচি)ৰ যোৰহাট জিলা সমিতিয়ে মুক্তি যুঁজাৰু ভৱনত মণিৰাম দেৱানৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰে।

এচিচি’ৰ কেন্দ্ৰীয় সমিতিৰ মুৰব্বী ৰূপম গোস্বামী উপস্থিত থকা এই কাৰ্যসূচীত মুখ্য বক্তা হিচাপে উপস্থিত থাকে চাহ গৱেষক তথা টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ পৰামৰ্শদাতা বিষয়া ড০ প্ৰদীপ বৰুৱা। ড০ বৰুৱাই চহিদ, প্ৰথমগৰাকী ভাৰতীয় ব্যৱসায়িক চাহ খেতিয়ক তথা অসমৰ উদ্যোগী মণিৰাম দেৱানৰ মৃত্যু বাৰ্ষিকীটো উদ্যোগ দিৱস হিচাপে পালন কৰাৰ বাবে আহ্বান জনায়।

নিজৰ টুইটাৰত ড০ বৰুৱাই প্ৰকাশ কৰিছে,’’… উদ্যোগ দিৱস হিচাপে দিনটো পালন কৰাৰ আহ্বানটো গ্ৰহণ কৰা হৈছিল।‘’

ওদালগুৰিত মণিৰাম দেৱানৰ ১৬০ তম মৃত্যু দিৱসটো সোমবাৰে ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ৰাজগড় চহিদ আদৰ্শ এম ই স্কুলৰ খেলপথাৰত অনুষ্ঠিত কাৰ্যসূচীৰে পালন কৰা হয়।

Maniram-Dewan-being-recalled-in-Udalguri.-300x212
ওদালগুৰিত আয়োজন কৰা মণিৰাম দেৱান স্মৰণ অনুষ্ঠানৰ দৃশ্য

ৰাজগড় জাতীয় জাগৰণ ঐক্য মঞ্চৰ সহযোগত অনুষ্ঠানটো আয়োজন কৰা হয়। দুদিনীয়া এই কাৰ্যসূচীত পতাকা উত্তোলন, চহিদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি, গছপুলি ৰোপণ আৰু সাহিত্য-সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিয়লি অৱসৰপ্ৰাপ্ত শিক্ষক ছান্থো হাজৰিকাৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়।

অনুষ্ঠানত টংলা কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী বিনয় কুমাৰ মেধিয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। নিজৰ ভাষণত মেধিয়ে মণিৰাম দেৱানৰ জীৱন আৰু দেশপ্ৰেমৰ ওপৰত আলোকপাত কৰে। ‘’দেৱান স্বাধীনতা সংগ্ৰমাত ৰাজ্যখনৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ আছিল,’’-তেওঁ কয়।

আন এগৰাকী বক্তা, ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পাৰ্থ ফুকন মহন্তই কয়, ‘’মণিৰাম দেৱানেই অসমত চিংফৌসকলে চাহ খেতি কৰাৰ কথা ব্ৰিটিছক জনাইছিল, যিটো বিশ্বৰ বাকী কোনোৱে জনা নাছিল।‘’ তেওঁ চহিদ গৰাকীৰ জীৱন আৰু কৃতিৰ বিষয়ে গৱেষণা আৰু অধ্যয়ন কৰাৰ আহ্বান জনায়। অনুষ্ঠানত চাহ খেতিয়ক বিকন ডেকা, পানেৰী সমষ্টিৰ বিধায়ক কমলী বসুমতাৰী, সাহিত্যিক জয়ন্ত ৰাজবংশীৰ লগতে আন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ব্ৰিটিছ বিৰোধী পৰিকল্পনা কৰাৰ অপৰাধত ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰিত যোৰহাট কাৰাগাৰত মণিৰাম বৰুৱা হিচাপে জনপ্ৰিয় মণিৰাম দত্ত বৰুৱাক ৰাজহুৱাকৈ ফাঁচি দিয়া হৈছিল।

 

Recent News

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd