• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬০তম মৃত্যুবাৰ্ষিকী : ভাৰতৰ প্ৰথমগৰাকী ব্যৱসায়িক চাহ খেতিয়ক, চহিদ মণিৰাম দেৱানক স্মৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 9:34 am
Maniram-Deawns-death-anniversary-observed-in-Jorhat-at-the-initiative-of-Assam-Chamber-of-Commerce.-570x320

আসাম চেম্বাৰ্ছ অফ কমাৰ্ছৰ উদ্যোগত যোৰহাটত আয়োজিত মনিৰাম দেৱানৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠানৰ এটি মুহূৰ্ত

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট আৰু ওদালগুৰিতো প্ৰথমগৰাকী ভাৰতীয় ব্যৱসায়িক চাহ খেতিয়ক তথা অসমৰ এগৰাকী মহান মুক্তিযোদ্ধা মণিৰাম দেৱানক তেওঁৰ ১৬০ তম মৃত্যু বাৰ্ষিকীত স্মৰণ কৰা হয়।

যোৰহাটত আছাম চেম্বাৰ্ছ অব কমাৰ্চ (এচিচি)ৰ যোৰহাট জিলা সমিতিয়ে মুক্তি যুঁজাৰু ভৱনত মণিৰাম দেৱানৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰে।

Apply Now

এচিচি’ৰ কেন্দ্ৰীয় সমিতিৰ মুৰব্বী ৰূপম গোস্বামী উপস্থিত থকা এই কাৰ্যসূচীত মুখ্য বক্তা হিচাপে উপস্থিত থাকে চাহ গৱেষক তথা টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ পৰামৰ্শদাতা বিষয়া ড০ প্ৰদীপ বৰুৱা। ড০ বৰুৱাই চহিদ, প্ৰথমগৰাকী ভাৰতীয় ব্যৱসায়িক চাহ খেতিয়ক তথা অসমৰ উদ্যোগী মণিৰাম দেৱানৰ মৃত্যু বাৰ্ষিকীটো উদ্যোগ দিৱস হিচাপে পালন কৰাৰ বাবে আহ্বান জনায়।

নিজৰ টুইটাৰত ড০ বৰুৱাই প্ৰকাশ কৰিছে,’’… উদ্যোগ দিৱস হিচাপে দিনটো পালন কৰাৰ আহ্বানটো গ্ৰহণ কৰা হৈছিল।‘’

ওদালগুৰিত মণিৰাম দেৱানৰ ১৬০ তম মৃত্যু দিৱসটো সোমবাৰে ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ৰাজগড় চহিদ আদৰ্শ এম ই স্কুলৰ খেলপথাৰত অনুষ্ঠিত কাৰ্যসূচীৰে পালন কৰা হয়।

Maniram-Dewan-being-recalled-in-Udalguri.-300x212
ওদালগুৰিত আয়োজন কৰা মণিৰাম দেৱান স্মৰণ অনুষ্ঠানৰ দৃশ্য

ৰাজগড় জাতীয় জাগৰণ ঐক্য মঞ্চৰ সহযোগত অনুষ্ঠানটো আয়োজন কৰা হয়। দুদিনীয়া এই কাৰ্যসূচীত পতাকা উত্তোলন, চহিদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি, গছপুলি ৰোপণ আৰু সাহিত্য-সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিয়লি অৱসৰপ্ৰাপ্ত শিক্ষক ছান্থো হাজৰিকাৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়।

অনুষ্ঠানত টংলা কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী বিনয় কুমাৰ মেধিয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। নিজৰ ভাষণত মেধিয়ে মণিৰাম দেৱানৰ জীৱন আৰু দেশপ্ৰেমৰ ওপৰত আলোকপাত কৰে। ‘’দেৱান স্বাধীনতা সংগ্ৰমাত ৰাজ্যখনৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ আছিল,’’-তেওঁ কয়।

আন এগৰাকী বক্তা, ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পাৰ্থ ফুকন মহন্তই কয়, ‘’মণিৰাম দেৱানেই অসমত চিংফৌসকলে চাহ খেতি কৰাৰ কথা ব্ৰিটিছক জনাইছিল, যিটো বিশ্বৰ বাকী কোনোৱে জনা নাছিল।‘’ তেওঁ চহিদ গৰাকীৰ জীৱন আৰু কৃতিৰ বিষয়ে গৱেষণা আৰু অধ্যয়ন কৰাৰ আহ্বান জনায়। অনুষ্ঠানত চাহ খেতিয়ক বিকন ডেকা, পানেৰী সমষ্টিৰ বিধায়ক কমলী বসুমতাৰী, সাহিত্যিক জয়ন্ত ৰাজবংশীৰ লগতে আন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ব্ৰিটিছ বিৰোধী পৰিকল্পনা কৰাৰ অপৰাধত ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰিত যোৰহাট কাৰাগাৰত মণিৰাম বৰুৱা হিচাপে জনপ্ৰিয় মণিৰাম দত্ত বৰুৱাক ৰাজহুৱাকৈ ফাঁচি দিয়া হৈছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd