• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৩০৫ জনক কনিষ্টবলৰ নিযুক্তিপত্ৰ : নিযুক্তিপত্ৰ বিতৰণৰ এক পৃষ্ঠাৰ ৰঙীন বিজ্ঞাপন দিলে মিতব্যয়িতাৰ কথা কোৱা চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2018 7:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলোকে সম দৃষ্টিৰে সম মৰ্য্যাদা প্ৰদান কৰি ৰাজ্যখনত জীৱন নিৰ্বাহৰ এক সুস্থ পৰিৱেশ নিৰ্মাণ কৰাৰ দায়িত্ব অসম আৰক্ষীয়ে ল’ব লাগিব। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ ৰাইজৰ আস্থাৰ পাত্ৰ হ’ব লাগিব অসম আৰক্ষী। এই ক্ষেত্ৰত অসম আৰক্ষীৰ হিমালয় সদৃশ দায়িত্ব আছে। আজি এই কথা কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি খানাপাৰাত অনুষ্ঠিত এক অনুষ্ঠানত মুঠ ২৩০৫ জন যুৱ-যুৱতীক আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তিপত্ৰ বিতৰণ কৰি তেওঁ এই আহ্বান জনায়। তেওঁ নৱনিযুক্ত সকলক জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সততাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে আজি অসম চৰকাৰৰ গৃহ বিভাগৰ অন্তৰ্গত ৰাজ্যখনৰ আৰক্ষী বিভাগত নতুনকৈ নিযুক্তি প্ৰদান কৰা ২৩০৫ গৰাকী কনিষ্টবলক অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত নিযুক্তিপত্ৰ বিতৰণ কৰা হয়।

Apply Now

নিজৰ ভাষণত সৰ্বানন্দ সোণোৱালে কয় যে সংঘাতে পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰক দুৰ্বল কৰে আৰু সমন্বয়ে সকলোকে শক্তিশালী কৰে। আৰক্ষী হৈছে নিয়মানুৱৰ্তিতা, সাহস আৰু ত্যাগৰ প্ৰতীক আৰু সেয়েহে আৰক্ষী বাহিনীত নিয়োজিত লোকসকলে নিজৰ কামৰ জৰিয়তে এনে পৰিৱেশ ৰচনা কৰিব লাগিব যাতে জনসাধাৰণে নিৰাপত্তা অনুভৱ কৰে। আৰক্ষী সেৱা ২৪x৭ বুলি কৈ মুখ্য মন্ত্ৰীজনে কয় যে আৰক্ষীৰ পোচাক পৰিধান কৰাৰ দিনৰে পৰা আৰক্ষী বাহিনীৰ লোকসকলে দেশ সেৱাত নিজকে সমৰ্পিত কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয় আৰু নিজৰ ভাল কামৰ জৰিয়তে নৱ নিযুক্ত কনিষ্টবলসকলে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব। তেওঁ কনিষ্টবলসকলৰ অভিভাৱকসকলকো তেওঁলোকৰ সন্তানে যাতে নিষ্ঠা আৰু সততাৰে কাম কৰে তাৰ বাবে দৃষ্টি ৰাখিবৰ বাবে আহ্বান জনায়।

আনহাতে অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়ে কয় যে আৰক্ষী বিভাগক গতিশীলতা প্ৰদান কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাৰল নেতৃত্বত গৃহ বিভাগে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে ২৩০৫ গৰাকী কনিষ্টবলক নিযুক্তি দিছে। তাৰোপৰি বিভাগটোৱে যোৱা ডেৰ বছৰত ৩৪৩ গৰাকী উপ-পৰিদৰ্শক, ২৭ গৰাকী সহকাৰী জেইলাৰ, ১২২ গৰাকী আৰক্ষীৰ অন্যান্য পদবীৰ কৰ্মচাৰী আৰু অনুকম্পামূলক নিযুক্তি হিচাপে ৮ গৰাকী সহায়ক আৰু ২৯ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিছে।

উল্লেখযোগ্য যে আজিৰ নিযুক্তিপত্ৰ বিতৰণৰ বাবে চৰকাৰে স্থানীয় বাতৰি কাকতত সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। সচেতন ৰাইজে মিতব্যয়িতাৰ কথা কোৱা চৰকাৰৰ এই অপ্ৰয়োজনীয় আত্মপ্ৰচাৰমূলক কাৰ্য্যত ধনৰ অপচয় কৰাটো সহজভাৱে ল’ব পৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd