তেজপুৰৰ চাৰ্চ ফিল্ডত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে উদ্যোগ আৰু বাণিজ্য মেলা ‘উদ্যম’ ২০১৭ আৰম্ভণি হয়। তেজপুৰ লোকসভাৰ সাংসদ আৰ পি শৰ্মাই উদ্বোধন কৰা অনুষ্ঠানটোত স্থানীয় বিধায়ক বৃন্দাবন গোস্বামী, ঢেকীয়জুলি বিধায়ক অশোক সিংঘাল, শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, উত্তৰ-অসম চেম্বাৰ অব কৰ্মাচ এণ্ড ইণ্ডাষ্ট্ৰীৰ সভাপিত তথা সম্পাদক ক্ৰমে নিলেশ কুমৰা আগৰৱাল আৰু সোনিল পাটানী, তেজপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মুখ্য পৰিচালক মোহন চন্দ্ৰ ডেকা আৰু লঘু উদ্যোগ ভাৰতী তেজপুৰৰ সভাপিত মদন মোহন সিঙৰ লগতে অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। লঘু উদ্যোগ ভাৰতী আৰু উত্তৰ-অসম চেম্বাৰ অব কৰ্মাচ এণ্ড ইণ্ডষ্ট্ৰী, তেজপুৰৰ সহযোগত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য দপ্তৰে অনুষ্ঠিত কৰা উক্ত বাণিজ্য মেলাখনত পতঞ্জলি আৰু ষ্টেট বেংক অব ইণ্ডিয়াই মুখ্য স্প’নছৰ হিচাপে অংশ লয়। অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে তেজপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মুখ্য পৰিচালক মোহন চন্দ্ৰ ডেকাই। সাংসদ আৰ পি শৰ্মাই তেওঁৰ উদ্বোধনী ভাষণত দেশখনৰ সমগ্ৰ উদ্যোগ খণ্ডৰ ৯৯ শতাংশক সামৰা ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বিকাশৰ বাবে লঘু উদ্যোগ ভাৰতীয়ে লৈ অহা প্ৰচেষ্টাক আদৰণি জনায়। অসমত উদ্যোগ খণ্ডৰ সুবিধা আৰু সম্ভাৱনাৰ বিকাশৰ উদ্দেশ্যে আয়োজন কৰা বণিজ্যমেলাখনে ৰাজ্যখনৰ ক্ষুদ্ৰ তথা মধ্যমীয়া ব্যৱসায়ী সকলক তেওঁলোকৰ সামগ্ৰী সমূহৰ প্ৰদৰ্শন কৰা তথা তেওঁ লোকৰ বাবে উৎকৃষ্ট বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ২০০ খনতকৈ অধিক ষ্টলে বাণিজ্যিক মেলাখনত ভাগ ল’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।