• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে দিছপুৰ লাষ্টগেটত প্রতিবাদ জনজাতি সংগঠনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 27, 2018 8:08 am

2 min read

26-02-18 Guwahati- Tribal organisations protest (5)
923
VIEWS
Share on FacebookShare on Twitter

টাই আহোম, কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠী- এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি সোমবাৰে দিছপুৰ লাষ্টগেটত প্ৰতিবাদ সাৱ্যস্ত কৰে জনজাতি সংগঠনসমূহৰ সমম্বয়ৰক্ষী সমিতিয়ে।

সদৌ অসম ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), সদৌ ৰাভা ছাত্ৰ সন্থা , টাকাম মিচিং পৰিণ কেবাং, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ অসম ট্ৰাইবেল য়ুথ লীগ, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা আদিকে ধৰি কেইবাটাও জনজাতীয় সংগঠনৰ দ্বাৰা গঠিত জনজাতি সংগঠনসমূহৰ সমম্বয়ৰক্ষী সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

সমন্বয়ৰক্ষী সমিতিয়ে কোনো কাৰণতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰিব বুলি চৰকাৰক কঠোৰ ভাষাৰে সকীয়াই দিয়ে।

সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ আলোচনাপন্থী গোটটোৱে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলেহে অসম ৰক্ষা পৰিব, অসম বিদেশী মুক্ত হ’ব আৰু অসমত খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰ হ’ব বুলি কৰা মন্তব্যকো সমম্বয়ৰক্ষী সমিতিয়ে ভ্ৰান্ত ধাৰণা বুলি আখ্যা দিয়ে।

26-02-18 Guwahati- Tribal organisations protest (3)

সমিতিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ চৰকাৰী প্ৰস্তাৱ শীঘ্ৰে বাতিল কৰা, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত জনজাতিৰ বাবে সংৰক্ষিত ১২,১৫৫টা বেকলগ পদ অহা ৩১ মাৰ্চৰ ভিতৰত পূৰণ কৰা, ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা, অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী (বন অধিকাৰ স্বীকৃতি) আইন ২০১৬ অনুসৰি জনজাতি বনবাসীক ভূমি পট্টা প্ৰদান কৰা, বি টি চিৰ বাহিৰত বসবাস কৰা বড়ো-কছাৰী, মেচ আৰু হাজং জনগোষ্ঠীক স্বায়ত্তশাসত প্ৰদান কৰা আৰু মিচিং, তিৱা, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰো দাবী উহ্থাপন কৰে।

সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক তথা সমম্বয়ৰক্ষী সমিতিৰ মুখ্য সমম্বয়ক আদিত্য খাখলাৰী, এবছুৰ সভাপতি তথা সমিতিৰ সমম্বয়ক প্ৰমোদ বড়ো, সদৌ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি তথা সমিতিৰ সমম্বয়ক ৰমেন সিং ৰাভা আদিয়ে নেতৃত্ব দিয়া প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

 

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd