• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰজনী খাৰঘৰীয়াৰ আত্মহত্যাৰ ঘটনা : দেৱাশিস খাৰঘৰীয়াৰ শাহুৱেক আৰু খুলশালীয়েকক জেৰা শিৱসাগৰ আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 10, 2018 8:51 pm

2 min read

Gitashiri duara_1
83
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ সাংস্কৃতিক কৰ্মী তথা এসময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াৰ অস্বাভাৱিক মৃত্যুৰ বাবে জগৰীয়া তেওঁলোকৰ পুতেক-বোৱাৰীয়েক ক্ৰমে দেৱাশিস খাৰঘৰীয়া আৰু গীতাশ্ৰী দুৱৰাক এতিয়াও বিচাৰি পোৱা নাই শিৱসাগৰ আৰক্ষীয়ে।

দেৱাশিস আৰু গীতাশ্ৰীক আত্মগোপনত সহায় কৰাৰ সন্দেহত আজি শিৱসাগৰ আৰক্ষীয়ে দেৱাশিসৰ শাহুৱেক আৰু খুলশালীয়েক ক্ৰমে বন্দনা নাথ দুৱৰা আৰু জয়শ্ৰী দুৱৰাক জেৰা কৰিছে বুলি জানিব পৰা গৈছে।

“দুয়োকে শিৱসাগৰ আৰক্ষী থানালৈ মাতি আনি জেৰা কৰি থকা হৈছে। কিন্তু এই পৰ্য্যন্ত তেওঁলোকে বিশেষ একো কোৱা নাই”। ঘটনাটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে বিষয়া উত্তম তামাঙে নৰ্থ-ইষ্ট নাওক এইদৰে জনালে।

উল্লেখযোগ্য যে চোৱাচিতাৰ বাবে আৰ্থিক সক্ষমতা থকা সত্ত্বেও নিজৰ মাক-দেউতাকক চৰম অৱহেলাৰে ভাৰাঘৰত থাকিবলৈ বাধ্য কৰাইছিল দেৱাশিসে। দেৱাশিসৰ ৰুগ্ন মাকৰ এটা ইনছুলিনৰ বাবেও টকা নোহোৱা অৱস্থাত যোৱা ৩০ জুনত ভাৰাঘৰতে অস্বাভাৱিক মৃত্যু হোৱাৰ লগতে দেউতাকেও একেদিনাই আত্মহত্যা কৰিছিল ভাৰাঘৰৰ কোঠাতে।

একমাত্ৰ পুতেক হৈও মাক-দেউতাকক অস্বাভাৱিক মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেৱাশিস খাৰঘৰীয়া আৰু তেওঁৰ পত্নী গীতাশ্ৰী দুৱৰাই ঘটনাৰ পিছৰ পৰাই আত্মগোপন কৰি আছে। ঘটনাৰ পিছদিনা যেতিয়া মৃতদেহ উদ্ধাৰ হয়, তেতিয়া দেৱাশিস আৰু গীতাশ্ৰী ডিমৌত দেৱাশিসৰ শহুৰ-শাহুৱেকৰ ঘৰত আত্মগোপন কৰিছিল। কিন্তু আৰক্ষী যোৱাৰ পূৰ্বে তেওঁলোক তাৰ পৰা আঁতৰি যায়।

উল্লেখযোগ্য যে মাক-দেউতাকৰ অস্বাভাৱিক মৃত্যুৰ পিছতে ইয়াৰ বাবে জগৰীয়া কৰি সৰু বায়েকে ভায়েক দেৱাশিস আৰু তেওঁৰ পত্নী গীতাশ্ৰীৰ বিৰুদ্ধে গোচৰ দিছিল শিৱসাগৰ থানাত।

আজি ১০ দিনেও দুয়োজনৰ কোনো শুংসূত্ৰ নোপোৱা শিৱসাগৰ আৰক্ষীয়ে শাহুৱেক আৰু খুলশালীয়েকক মাতি আনিছে সোধা–পোছাৰ বাবে। এতিয়াও তেওঁলোক দুয়োকে তদন্তকাৰী বিষয়া উত্তম তামাঙে জেৰা চলাই আছে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd