• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত এসপ্তাহৰ ভিতৰত তৃতীয়টো দলবদ্ধ ধৰ্ষণৰ ঘটনা : নগাৱঁত নাবালিকাক ধৰ্ষণ কৰি জ্বলাই দিয়াৰ চেষ্টা

NE NOW NEWS এন ই নাও নিউজ
নগাওঁ , March 24, 2018 7:29 pm

2 min read

ChildRape
88
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৫ মাৰ্চত হাইলাকান্দিত এজনী ১৪ বছৰীয়া ছোৱালীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা আৰু ১৬ মাৰ্চত নগাৱঁৰ কামপুৰত এগৰাকী বিবাহিত মহিলাক স্বামীৰ সন্মুখতে দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ পিছত আজি পুনৰ গা শিয়ৰি উঠা ধৰণৰ এক জঘন্য ধৰ্ষণৰ ঘটনাই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে।

নগাৱঁত আজি সংঘটিত এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে তথা সকলো স্তৰৰ নাগৰিকক ভবাই তুলিছে। এটা সূত্ৰৰ মতে, আজি (২৩ মাৰ্চ) দিনৰ ২ মান বজাত নগাৱঁৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনিয়াভেটিৰ লালুং গাৱঁত এজনী ১৩ বছৰীয়া ছোৱালীক ঘৰত মানুহ নথকাৰ সুযোগ লৈ ঘৰৰ পৰা উলিয়াই নি পথাৰৰ মাজত ধৰ্ষণ কৰে তিনিটা পাষণ্ডই।

ধৰ্ষণ কৰাৰ পিছত ছোৱালীজনীক দুৰ্বৃত্তকেইটাই কেৰাচিন ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰে।

নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত একাংশ লোকে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে। লগে লগে নাবালিকা ছোৱালীজনীক নগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও। বৰ্তমান নাবালিকাজনীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে শৰীৰৰ ৯০ শতাংশ জ্বলি যোৱা সত্ত্বেও ছোৱালীজনী অপৰাধীকেইজনৰ নাম ক’বলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। ছোৱালীজনীৰ ভাষ্যৰ ভিত্তিত পৰিয়ালৰ লোকে জাকিৰ হুছেইন, ৰুহুল আমিন আৰু এমদাদুল হকৰ নাম উল্লেখেৰে বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে, অভিযুক্তকেইজনৰ লগতে এই ঘটনাৰ পিছতে পিতৃ-মাতৃসহ ঘৰৰ লোকসকলেও পলায়ন কৰে।

ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী, জাজৰি আৰক্ষী আৰু নগাঁও জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে আৰক্ষী ইয়াৰে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই। ইফালে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজন নাবালকক আটক কৰি আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd