• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যপালৰ হাফলং ভ্ৰমণত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ

NE NOW NEWS পংকজকুমাৰ দেব
হাফলং , April 13, 2018 4:48 pm

2 min read

20180411_115956
88
VIEWS
Share on FacebookShare on Twitter

পোন প্ৰথম বাৰৰ বাবে হাফলঙৰ ৰাইজ ভিভিআইপিৰ ভ্ৰমণত হাৰাশাস্তি ভুগিব লগা হ’ল যোৱা বুধবাৰ আৰু বৃহস্পতিবাৰৰ দিনটোত। বুধবাৰে দুদিনীয়া ভ্ৰমণ সূচী লৈ হাফলঙত উপস্থিত হৈছিল অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। উক্ত দিনা হাফলঙত হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পূৰ্বৰে পৰা বৃহস্পতিবাৰে বিয়লি দুই বাজি ত্ৰিচ মিনিটলৈকে ৰাজ্যপালৰ উপস্থিতিত সাধাৰণ ৰাইজৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈকে সকলোৱে জ্বলা-কলা খাবলগীয়া হ’ল।

ৰাজ্যপালগৰাকীয়ে অনুষ্ঠানত যোগ দিয়াৰ বাবে ওলোৱাৰ প্ৰায় এঘণ্টা আগৰ পৰা ৰাজপথত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হয়। বুধবাৰে চৰকাৰী বাগানৰ আছাম ৰাইফলছৰ হেলিপেডৰ পৰা হাফলং আৱৰ্ত ভৱনলৈ অহাৰ পূৰ্বে ৰাজপথ আগতীয়াকৈ খালী কৰি দিয়াৰ লগতে সন্ধিয়া আছাম ৰাইফলছত নৈশ আহাৰৰ বাবে যোৱাৰ সময়তো ৰাইজে চলাচল কৰাৰ ব্যস্ত পথ ৰাজ্যপাল যোৱাৰ প্ৰায় চল্লিচ মিনিট পূৰ্বেই বন্ধ কৰি দিয়া হয়।

এনে পৰিস্থিতিত সাধাৰণ ৰাইজ সমস্যাত ভুগিব লগা হয়। বুধবাৰে সন্ধিয়া এগৰাকী স্কুলীয়া ছাত্ৰী  ৰাজ্যপালৰ যোৱাৰ কাৰণে ৰাজপথ খালী কৰাই দিয়াত সমস্যাত পৰিব লগা হয়। কিয়নো সেই সময়ত অট’ৰিক্সা এখনো ৰাজপথত নাছিল।

20180412_140422

বৃহস্পতিবাৰে পুৱা আৰু বিয়লিও হাৰাশাস্তিৰ সম্মুখীন হয় সাধাৰণ ৰাইজৰ লগতে হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক। ৰাতিপুৱা জায়ন গাঁৱত ৰাজ্যপালৰ ভ্ৰমণ সূচী থকাৰ বাবে যানজঁটৰ সৃষ্টি হয়। প্ৰায় এঘণ্টা কাৰণে ৰাজপথ বন্ধ হৈ পৰে। ইয়াৰ পিছত আকৌ বিয়লি এক বাজি পঞ্চাচ মিনিটৰ পৰা দুই বাজি ত্ৰিচ মিনিটলৈকে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়।

কেন্দ্ৰীয় বিদ্যালয় ছুটী হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ সকল অকল ৰাজ্যপালৰ বাবে মুকলি আকাশৰ তলত ৰৈ থাকিব লগা হ’ল। হাফলং চহৰৰ সচেতন ৰাইজৰ অভিযোগ যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভি আই পি সংস্কৃতিৰ বিৰুদ্ধে মাত মতাৰ সময়তে অসমৰ ৰাজ্যপাল মুখীৰ ভ্ৰমণত বিপৰীত ছবিহে দেখা পালে ৰাইজে। ইয়াৰ আগতে একাধিক বাৰ ৰাজ্যপাল বা মুখ্য মন্ত্ৰী হাফলং ভ্ৰমণলৈ আহোতে ৰাইজৰ কোনো সমস্যা হোৱা নাছিল।

বুধবাৰে আৱৰ্ত ভৱনত ৰাজ্যপালে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি সকলৰ সৈতে অনুষ্ঠিত বৈঠকত কয় যে বেছি লিখা-পঢ়াৰ প্ৰয়োজন নাই। তেওঁ ক্লাছ টেন পাচ কৰি আইটিআইত নামভৰ্তিৰ  পৰামৰ্শ আগ বঢ়ায়।

তাৎপৰ্যপূৰ্ণভাৱে, ৰাজ্যপালগৰাকীয়ে ডিএইচডিৰ উভয় গোটৰ লগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাক্ষৰিত চুক্তিৰ বিষয়ে নাজানে বুলি ডিএইচডিৰ প্ৰাক্তন মুৰব্বী দিলীপ নুনিচাক জনায়। আনকি পাহাৰৰ মাজেদি যোৱা ইষ্ট-ৱয়েষ্ট কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে নাজানে বুলিও ৰাজ্যপালগৰাকীয়ে  দল সংগঠনৰ সৈতে হোৱা বৈঠকত ব্যক্ত কৰে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd