• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এটা সু-খবৰ : জাপানৰ এছিয়ান কাৰাটেলৈ নিৰ্বাচিত বৰপেটাৰ নিশাদ আলী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2018 7:33 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে অসম সন্তান ৰিয়ান পৰাগে ১৯ অনূৰ্ধ্ব ভাৰতীয় ক্ৰিকেট দললৈ আৰু ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ অসম জীয়ৰী মনীষা দাস নিৰ্বাচিত হৈ ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতে ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে আন এটা ভাল খবৰ।

প্ৰাপ্ত তথ্য মতে বৰপেটাৰ নিশাদ আলী নামৰ এজন প্ৰতিভাৱান কিশোৰ জাপানত অনুষ্ঠিত হ’বলগীয়া ২১ অনূৰ্ধ্ব এছিয়ান কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে।

Apply Now

অহা ১০ মে’ৰ পৰা ১৩ মে’লৈ জাপানৰ অকিনাৱা চহৰত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক এচিয়ান কাৰাটে প্ৰতিযোগিতাত বৰপেটা চহৰৰ হাচমত আলীৰ পুত্ৰ নিশাদ আলীয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব।

নিশাদ আলীয়ে প্ৰতিযোগিতাখনৰ ১৬-১৭ বছৰৰ ৭৬ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে পূৰ্বতে নিশাদে ২০১৭ বৰ্ষত ৰাছিয়াৰ কাজাখাস্তানত অনুষ্ঠিত হোৱা এচিয়ান কাৰাটে প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেললৈকে খেলিছিল যদিও কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় ল’ব লগীয়া হৈছিল।

ফলত এইবাৰ জাপানত অনুষ্ঠিত হ’ব লগীয়া ২১ অনূৰ্ধ্ব এছিয়ান কাৰাটে প্ৰতিযোগিতাত সফলতা গ্ৰহণৰে ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই অনাৰ উদ্দেশ্যৰে নিশাদে দৈনিক ৬ ঘণ্টাকৈ কঠোৰ অনুশীলন চালইছে বুলি নিশাদে জানিবলৈ দিয়ে।

ইফালে নিশাদৰ লগতে প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত হৈছে ৰাজ্যখনৰ আন তিনিগৰাকী প্ৰতিভাৱান কিশোৰ। প্ৰতিযোগিতাখনৰ ১৩-১৪ বছৰ শাখালৈ নিৰ্বাচিত হোৱা কিশোৰ গাৰীক হৈছে ক্ৰমে যোৰহাটৰ কিশোৰী ইমন গগৈ আৰু গুৱাহাটীৰ জিতামৃত কাশ্যপ আৰু জ্যোতিস্মান কাশ্যপ।

মন কৰিবলগীয়া যে আৰ্থিক সংকটত ভূগিছে প্ৰতিযোগিতালৈ নিৰ্বাচিত নিশাদৰ পৰিয়ালটো। কোনোমতে পৰিয়াল পোহপাল দিয়া নিশাদৰ পিতৃয়ে নিশাদক জাপানলৈ পঠিয়াবৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰা ক্ষেত্ৰত সংকটত ভূগিছে। ফলত নিশাদৰ পিতৃয়ে চৰকাৰক এই ক্ষেত্ৰত সাহায় কৰিবলৈ আহ্বান জনাইছে।

আনহাতে নিশাদ আলী অধ্যয়নৰত চেইণ্ট টেৰেছা ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ কৰ্তৃপক্ষ নিশাদৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে। লগতে নিশাদৰ সাফল্য কামনা কৰি বিদ্যালয়খনৰ চেয়াৰমেন ভেইৰো কুমাৰ শৰ্মাৰ নেতৃত্বত নিশাদক ১১ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে এক সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে নিশাদক এছিয়ান কাৰাটে প্ৰতিযোগিতাত সফলতা বুটলিবলৈ উৎসাহ যোগায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd