DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিভিন্ন স্থানত কেন্দ্ৰীয় চৰকাৰৰ এছ চি-এছ টি বিৰোধী স্থিতিৰ প্ৰতিবাদত দিয়া ভাৰত বন্ধৰ প্ৰভাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 5:06 pm
288
VIEWS
Share on FacebookShare on Twitter

অনুসূচিত জাতি আৰু জনজাতি অৱমান‌না প্ৰতিৰোধ আইন ১৯৮৯ শিথিল কৰাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা এছ চি-এছ টি বিৰোধী স্থিতিৰ প্ৰতিবাদত সোমবাৰে অনুসূচিত জাতি আৰু জনজাতিৰ তিনিটা সংগঠনে দিয়া ভাৰত বন্ধৰ প্ৰভাৱ উজনি অসমৰ বহু ঠাইত পৰা দেখা যায়।

যোৰহাট :

যোৰহাটৰ জে বি ৰোডত ৰাজপথত ভাৰত চৰকাৰে গ্ৰহণ কৰা এছ চি-এছ টি বিৰোধী স্থিতিৰ প্ৰতিবাদ জনাই সংগঠনকেইটাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। লগতে এই আইন সংশোধন কৰাৰ দাবী জনায়।

তিনিচুকীয়া :

একেদৰে তিনিচুকীয়া জিলাতো ৰাজপথলৈ ওলাই আহে ভাৰত বন্ধৰ সমৰ্থক সকল। তিনিচুকীয়াৰ বিভিন্ন স্থানত ভাৰত চৰকাৰে গ্ৰহণ কৰা এছ চি-এছ টি বিৰোধী স্থিতিৰ প্ৰতিবাদ জনাই প্ৰতিহবাদকাৰী সকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাট :

গোলাঘাট জিলাতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ৰাজপথত প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ সময়তে আৰক্ষীয়ে কেইবাগৰাকী বন্ধৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ নিৰ্যাতনবিৰোধী আইন সংশোধন কৰাৰ দাবীত ক্ষোভিত হৈ পৰে বন্ধৰ সমৰ্থক সকল।

ডিব্ৰুগড় : চাবুৱাৰ প্ৰতিবেদক :

ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে ডিব্ৰুগড় জিলাতো বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। বন্ধৰ সমৰ্থক সকলে ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে ডিব্ৰুগড়ৰৰ লগতে চাবুৱা, হাতীআলি, ডিকম, মোহনবাৰী, লাহোৱালতো বন্ধৰ প্ৰভাৱ পৰে। হাতীআলিত বন্ধৰ সমৰ্থকে ৰাষ্ট্ৰীয় ঘাইপথ‌ত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰ :

ভাৰত বন্ধ কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায় ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে শিৱসাগৰটো জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই জিলাখনৰ নামডাং, ভটিয়াপাৰ, জয়সাগৰ, প্ৰগতি চাৰি আলি আদি বিভিন্ন ঠাইত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধ কাৰ্য্যসূচী পালন কৰি সন্থাৰ সভাপতি পৰশ জ্যোতি দাসে জনাই যে উক্ত আইনখন শিথিলকৰণৰ জৰিয়তে চৰকাৰে অনুসূচিত জাতি-জনজাতিকে আদি কৰি সমগ্ৰ দলিত শ্ৰেণীৰ লোকসকলৰ প্ৰতি চৰম অন্যায় কৰাৰ লগতে তেওঁলোকৰ নৈতিক অধিকাৰ খৰ্ব কৰিছে।

লগতে এনে ষড়যন্ত্ৰ বন্ধ নকৰিলে অনাগত দিনত অসম তথা ভাৰতত ভয়াৱহ পৰিস্থিতিৰ উদ্ভব হোৱাৰ হুংকাৰ দিছে অনুসূচিত জাতি ছাত্ৰ সন্থায়। তেওঁলোকৰ অধিকাৰ অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে যি কোনো পন্থা অৱলম্বন কৰিবলৈ প্ৰস্তুত থাকিব বুলি জানিবলৈ দিয়ে।

 

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd