• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিখুঁত এন আৰ চিৰ বাবে ৪০ লাখ লোকৰ ‘দাবী-আপত্তি’ৰ সময়সীমা বৃদ্ধিৰ প্ৰয়োজন: হীৰেন গোহাঁই

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 8, 2018 11:17 pm

2 min read

Hiren Gohin addressing press conference in the jointly convene Left-Democratic Mancha and Forum against Citizenship Amendment Act Bill at Guwahati press club in Guwahati on 08-08-18. Pix BY UB photos
89
VIEWS
Share on FacebookShare on Twitter

এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা লোকসকলে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত যাৱতীয় নথি-পত্ৰ দাখিলৰ বাবে পৰ্য্যাপ্ত সুযোগ পোৱাৰ বাবে ‘আপত্তি আৰু দাবী’ দৰ্শোৱাৰ সময়সীমা বৃদ্ধিৰ বাবে কৰ্তৃপক্ষক আহ্বান জনাইছে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ আৰু বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লাখ মানুহৰ নাম বাদ পৰাটো ‘সাধাৰণ কথা নহয়’ আৰু ইমানসংখ্যক মানুহৰ আবেদনৰ নিখুঁত পৰীক্ষণৰ বাবে এতিয়া নিৰ্ধাৰণ কৰা সময়তকৈ অধিক সময়ৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে সংগঠনকেইটাই।

‘সকলো ত্ৰুটি-বিচ্যুতি, আসোঁৱাহ আদি আঁতৰ কৰি নিখুঁত চূড়ান্ত এন আৰ চি প্ৰকাশৰ বাবে অধিক সময়ৰ প্ৰয়োজন হ’ব। এই সময় আৰু অধিক দীঘলীয়া কৰিব লাগে,’  বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত এই আহ্বান মঞ্চৰ নেতা, বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ।

ইয়াৰোপৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন আংশিক খচৰা প্ৰকাশ পাছত বহু বিবাহিতা নাৰীৰ নাম এই খচৰাৰ পৰা বাদ পৰা বুলি মত প্ৰকাশ কৰি তেওঁ লগতে কয় ‘বহু বিবাহিতা নাৰী বিয়া হৈ যোৱাৰ পাছত তেওঁৰ স্বামীৰ গৃহত নাইবা পৰিয়ালত লিগেছী বা অন্যান্য নথি-পত্ৰ পোৱা নাযায়।’

‘৪৮ হাজাৰতকৈ বেছি বিবাহিত মহিলাৰ নাম চুড়ান্ত খচৰাৰ পৰা বাদ ৰখা হৈছে। এই বিষয়ত এক অনুসন্ধান কৰিব লাগে। পঞ্চায়ত সচিবৰ নথি উৰ্দ্ধতম কৰ্তৃপক্ষই অনুমোদন কৰে, তেন্তে সেইটো গ্ৰহণীয়,’ গোহাঁইৰ মত।

‘পঞ্চায়ত সচিবৰ সাক্ষৰক মান্যতা প্ৰদান কৰাটো ভাল। বাস্তৱ পৰিস্থিতিৰ সৈতে সংগতি ৰাখি ক্ষেত্ৰভিত্তিক পৰীক্ষণ কৰিও সেইবোৰ গ্ৰহণ কৰা দৰকাৰ।‘ এইদৰে হীৰেন গোহাঁইয়ে সংবাদমেলত কয়।

ইয়াৰোপৰি এগৰাকী মহিলাই ৩০-৪০ বছৰ ধৰি চৰকাৰী নোহোৱা এখন ভেঞ্চাৰ স্কুলৰ পৰা সেইখন চৰকাৰী নহয় বুলিয়েই তাৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিব নোৱাৰি, সেইটো কেতিয়াও সমিচীন নহ’ব বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

আনহাতে, উক্ত সংবাদমেলতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ আগতে দেশজুৰি হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল বুলি তেওঁ মন্তৱ্য কৰি লগতে কয় ‘শাসনাধিষ্ঠ চৰকাৰখনেও এই খচৰা প্ৰকাশ পোৱাৰ পাছত সামাজিক অশান্তি সৃষ্টি হ’ব পাৰে বুলি প্ৰচাৰ আৰম্ভ কৰি তেওঁলোকে বহু চিআৰপিএফ বাহিনী আনি মজুত কৰি ৰাখিছিল।‘

তেওঁ লগতে দাবী কৰে যে এনআৰচি উন্নীতকৰণৰ পদক্ষেপক সংখ্যালঘু বিৰোধী পদক্ষেপ বুলি তেওঁলোকে কেতিয়াও বিশ্বাস নকৰে।

আনহাতে, ড়০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকাকে ধৰি অন্য বহুজনে এনআৰচিৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ আগেয়ে ছ’চিয়েল মেডিয়াৰ জৰিয়তে অপ-প্ৰচাৰৰ বিৰুদ্ধে মত নিবেদন কৰা বুলি সংবাদমেলত জানিবলৈ দি লগতে কয় ‘মই ভাবো যে শেষ মুহূৰ্তত তাৰ ফল ফলিয়ালে।’

Recent News

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd