DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মূৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰা ৰিক্সাচালকে স্থাপন কৰিলে ৯খনকৈ বিদ্যালয়

শিবাশীষ চক্ৰবৰ্তী by শিবাশীষ চক্ৰবৰ্তী
March 24, 2018 10:51 am
MLA-Krishnendu-Paul-and-Salim-Ahmed-being-felicitated-
171
VIEWS
Share on FacebookShare on Twitter

পেটে-ভাতে খাই থকা বৰাক উপত্যকাৰ পাথাৰকান্দিৰ এজন ৰিক্সাচালকে সমাজৰ বাবে অসমান্য বৰঙণি আগবঢ়াই অলপতে বিখ্যাত হৈ পৰিছে । আহমেদ আলী নামৰ ৰিক্সাচালকজনে ৰিক্সা চলাই সংসাৰ চলোৱাৰ লগে লগে নিজৰ সাঁচতীয়া ধনখিনিৰে কেইবাখনো বিদ্যালয় স্থাপন কৰিছে।

বৃহস্পতিবাৰে হঠাতে আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়লৈকে এটা ফোন আহে। সেই ফোনটো আহিছিল ভাৰতৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা। আৰক্ষীৰ অধীক্ষকজনৰ পৰা প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে আহমেদ আলীয়ে সঁচাকৈয়েই ইমান কেইখন বিদ্যালয় স্থাপন কৰিছে নেকি সেই কথা জানিব বিচাৰে।

আৰক্ষী অধীক্ষকজনে এই তথ্যখিনিৰ সত্যাসত্যৰ বুজ লৈ সেই কথা যে সত্য তাক প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ক অৱগত কৰে।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা  স্থানীয় বিধায়ক কৃষ্ণেন্দু পলকো ফোন কৰা হয়।

বিধায়ক পলে কয় যে পাথাৰকান্দি তথা কৰিমগঞ্জ জিলাৰ বাসিন্দা হিচাপে আহমেদ আলীৰ কৃতিত্বক লৈ তেওঁ অত্যন্ত গৰ্বিত। বিধায়ক পলে মন্তব্য কৰে যে আলীৰ এই মহান কামৰ বাবে এটি সুন্দৰ স্বীকৃতিয়ে তেওঁলৈ বাবে বাট চাই আছে । বিধায়কগৰাকীয়ে আৰু  কয় যে তেওঁ আলীয়ে স্থাপন কৰা বিদ্যালয়সমূহ ব্যক্তিগতভাৱে ভ্ৰমণ কৰিছে আৰু সেই সমূহলৈ আৰ্থিক সহায়তা আগবঢ়াইছে।

বিদ্যালয় স্থাপন কৰাৰ বাবে মনত যি আন্তৰিক সদিচ্ছা সেই সন্দৰ্ভত আলীয়ে কয় যে আল্লাহৰ পৰা অহা এটা বিশেষ বাণী তেওঁৰ অন্তৰত ধ্বনিত হৈ তেওঁক বিদ্যালয় স্থাপন কৰাৰ বাবে উৎসাহিত কৰিছিল। তেওঁ আৰু কয় যে তেওঁৰ এই কামক চৰকাৰে যি উৎসাহ উদ্দীপনা দিলে সিয়ে তেওঁক বিশেষ সন্তুষ্টি প্ৰদান কৰিছে। আলীয়ে জনাইছে যে আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি বিদেশৰ বহুতো ঠাইৰ পৰা ফোন কল কৰি বহু জনে তেওঁৰ ভূয়সী প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে আলীয়ে আজিকোপতি ৯খন বিদ্যালয় স্থাপন কৰিছে আৰু তাৰে কিছুমান ইতিমধ্যে প্ৰাদেশিকীকৰণো হৈছে।

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd